নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে ‘বৰদাচ’ নকৰে এআইইউডিএফৰ সাম্প্ৰদায়িক মন্তব্য, সংবাদমেলত প্ৰদ্যুৎ বৰদলৈ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক লৈ অসমৰ ৰাজনীতিৰ লগতে ৰাইজৰ মাজত চলি আছে তীব্ৰ চৰ্চা। এনে চৰ্চাৰ মাজতে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ কেতবোৰ সাম্প্ৰদায়িক মন্তব্যক লৈও বিতৰ্ক সৃষ্টি হৈছিল ৰাজ্যখনত।

এনে এক পৰিস্থিতিৰ মাজত অলপতে এআইইউডিএফৰে মিত্ৰতা কৰা কংগ্ৰেছ দল পৰিছিল অস্বস্তিত।  এখন সংবাদমেলযোগে এআইইউডিএফৰ লগত কংগ্ৰেছৰ সম্পৰ্কৰ এক নমুনা দাঙি ধৰিলে কংগ্ৰেছে।

দলটোৰ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে  এক সংবাদমেলযোগে কয়-  ‘আমি এটা মহাজোঁট বন্ধন গঠন কৰিব খুজিছোঁ, ইয়াত এআইইউডিএফ মাইনৰ পাৰ্টনাৰ। মেজৰ পাৰ্টনাৰতো কেতিয়াও নহয়, কংগ্ৰেছৰ নেতৃত্বতে হ’ব। উমৈহতীয়া ন্যূনতম কাৰ্যসূচীৰ ভিত্তিত গঠন হ’ব এই মহাজোঁট বন্ধন। এনে বন্ধনৰ মাজত থকাৰ পিছত এআইইউডিএফেও যদি কিবা সাম্প্ৰদায়িক চিন্তা-চৰ্চা বা মন্তব্য কৰে, তেন্তে ইয়াক কংগ্ৰেছে ‘বৰদাচ’ নকৰে, এই কথা মই স্পষ্ট কৰি দিলোঁ।’

You might also like