নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়াৰ Most wanted ড্রাগছ সৰবৰাহকাৰী ল’পক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ইউৰোপীয় দেশ নেদাৰলেণ্ডৰ আৰক্ষীয়ে বিশ্বৰ বৃহত্তম ড্রাগছ সৰবৰাহকাৰী চক্রৰ কুখ্যাত অপৰাধী ছে চি ল’পক গ্রেপ্তাৰ কৰিছে৷ অষ্ট্রেলিয়াৰ এক পৰোৱানাৰ অধীনত আমষ্টাৰডাম আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ল’পক৷

চীনত জন্মগ্রহণ কৰা ল’প হৈছে কানাডাৰ নাগৰিক৷ স্মর্তব্য যে ‘দ্য কোম্পানী’ শীর্ষক কুখ্যাত ড্রাগছ সৰবৰাহকাৰী চক্রটোৰ মুৰব্বী হৈছে ল’প৷ সমগ্র এছিয়াজুৰি ৭ হাজাৰ কোটি ডলাৰ মূল্যৰ অবৈধ ড্রাগছৰ বেহা চলাই আহিছে এই চক্রটোৱে৷

ছে চি ল’পক বিশ্বৰ অন্যতম পলাতক অপৰাধী হিচাপে গণ্য কৰা হৈছিল৷ পৃথিৱীৰ বিভিন্ন দেশৰ আৰক্ষীয়ে বিচাৰি আছিল এই কুখ্যাত অপৰাধীটোক৷ আমষ্টাৰডামৰ স্কিফ’ল বিমানবন্দৰত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ল’পক৷

অষ্ট্রেলিয়া চৰকাৰে এতিয়া ল’পৰ প্রত্যর্পণ দাবী কৰি নেদাৰলেণ্ড প্রশাসনলৈ পত্র লিখাৰ সম্ভাৱনা আছে৷ স্মর্তব্য যে অষ্ট্রেলিয়াতো এক পৃথক নামেৰে এই ড্রাগছ সৰবৰাহকাৰী চক্রটোৱে অবৈধ ব্যৱসায় চলাই আহিছে৷

You might also like