নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰেং চাপৰিৰ পৰা মাজুলীলৈ বাইক ৰেলী মুখ্যমন্ত্রীৰ

🔹 ৰাজনীতি কৰা মানুহৰ মন পৱিত্র হ’ব লাগে : ড০ শর্মা

🔹 ঠায়ে ঠায়ে নৈপৰীয়া ৰাইজে পুষ্পবৃষ্টিৰে আদৰিলে মুখ্যমন্ত্ৰীগৰাকীক

বিশেষ বাৰ্তা, ২৭ ফেব্রুৱাৰী : দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আৰম্ভ কৰা আঁচনিসমূহৰ অন্যতম অংশ হিচাপে ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ মথাউৰিয়েদি নির্মাণ কৰা দুই লেনযুক্ত পথেৰে আজি কাৰেং চাপৰিৰ পৰা মাজুলীলৈ বাইক চলাই যাত্রা কৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ পাঁচ সহস্রাধিক সমর্থকক লগত লৈ উন্নয়নৰ বার্তাৰে বগীবিল কাৰেং চাপৰিৰ পৰা মাজুলীলৈ মুখ্যমন্ত্রী ড০ শর্মাই বাইক ৰেলী কৰে৷ ইফালে এই যাত্রাত ঠায়ে ঠায়ে নৈপৰীয়া মিচিং ৰাইজে পুষ্পবৃষ্টিৰে মুখ্যমন্ত্রীক উষ্ম আদৰণি জনায় ৷ উল্লেখযোগ্য যে সোমবাৰে চিলাপথাৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি পট্টা বিতৰণৰ পাছত আজি পুনৰ চিলাপথাৰ বগীবিল কাৰেং চাপৰিৰ পৰা মাজুলীলৈ মুখ্যমন্ত্রীয়ে বিশাল বাইক ৰেলীত অংশগ্রহণ কৰে৷ পুৱা প্রায় ৯ বজাত হেলিকপ্টাৰযোগে কাৰেং চাপৰিত থকা হেলিপেডত অৱতৰণৰ পাছত চিলাপথাৰ দিজমূৰ–সোণাৰি মাজুলী সংযোগী মথাউৰিৰ কাৰেং চাপৰিৰ অংশৰ পৰা উলিওৱা বিশাল বাইক ৰেলীত অংশগ্রহণ কৰি নিজে বাইক চলাই ব্রহ্মপুত্র নদীৰ কাষেৰে এক প্রাকৃতিক মনোমোহা পৰিৱেশৰে ভৰপূৰ মথাউৰিৰ ওপৰেৰে উন্নয়নৰ বার্তা লৈ মাজুলীলৈ যাত্রা কৰে৷

এই যাত্রাত মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে চৰকাৰখনে প্রায় এক হেজাৰ কিলোমিটাৰ দৈর্ঘ্যৰ মথাউৰি পকী কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। ফলত তাৰ অংশ হিচাপে কাৰেং চাপৰিৰ পৰা মাজুলীলৈ সুন্দৰভাৱে পকী কৰা হ’ল ৷ আনহাতে, মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বিজেপি চৰকাৰখনৰ লগত অসমৰ সর্বসাধাৰণ লোক এশ শতাংশ লগত আছে৷ একালৰ জৰাজীর্ণ মথাউৰি এতিয়া পকী পথলৈ ৰূপান্তৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনতে সম্ভৱ হৈছে, যাৰ বাবে জোনাই, ধেমাজি, ঢকুৱাখনা, মাজুলীৰ ব্রহ্মপুত্রৰ নৈপৰীয়া ৰাইজ দীর্ঘদিনীয়া সমস্যাৰ পৰা সুৰক্ষিত হ’ব ৷ লগতে অসমত ধুমুহা আহিব বুলি প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্য সন্দর্ভত ৰাজনীতি কৰা মানুহৰ মনটো পবিত্র হ’ব লাগে, ধুমুহা আহিব, জুই জ্বলিব- এইধৰণৰ কথা ভাবি লাভ নাই, ধুমুহাই মানুহৰ মন বেয়া কৰে, কংগ্রেছেহে ধুমুহা বিচাৰে, আমি সৰু সৰু মৃদু বতাহেদি অসমৰ উন্নয়ন কৰিম বুলি কংগ্রেছেক সমালোচনা কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ মুখ্যমন্ত্রীগৰাকীৰ এই ৰেলীৰ সময়ত মথাউৰিৰ ঠায়ে ঠায়ে নৈপৰীয়া মিচিং ৰাইজে পুষ্পবৃষ্টিৰে উপচাই দিয়াৰ লগতে গামোচা পিন্ধাই হিমন্ত বিশ্ব শর্মা জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় ৷ লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, জোনাইৰ বিধায়ক ভুবন পেগু, ঢকুৱাখনাৰ বিধায়ক নৱ দলে আৰু মাজুলীৰ বিধায়ক ভুবন গামে সংগ  দিয়ে মুখ্যমন্ত্ৰীগৰাকীক।

 

You might also like