নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহৰ মনৰ পৰা বহুদূৰলৈ কংগ্রেছ

জামুগুৰিহাটৰ বিশাল মহিলা সমাৰোহত সর্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলী চাপৰিত ৩১৫ বিঘা ভূমি সামৰি স্থাপন কৰিবলগীয়া ঔদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ইয়াৰ নির্মাণ কার্যৰো শুভাৰম্ভণি কৰে৷ আনহাতে মুখ্যমন্ত্রীয়ে ২৫ কোটি টকা ব্যয়সাপেক্ষে চতিয়া আই টি আইৰ স্থায়ী গৃহৰো আধাৰশিলা স্থাপন কৰে৷ অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত শোণিতপুৰ জিলা প্রশাসন তথা শোণিতপুৰ জিলা পৰিষদৰ সহযোগত আয়োজিত মহিলা সমাৰোহৰ লগত সংগতি ৰাখি ১৫৩গৰাকী জীৱিকা সখীক স্কুটী প্রদান কৰাৰ লগতে জিলাখনৰ মহিলা আত্মসহায়ক গোটসমূহক ৫০ হাজাৰ টকাকৈ আর্থিক অনুদান আগবঢ়ায় মুখ্যমন্ত্রীয়ে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে আমাৰ সমাজখনে যুগে যুগে নাৰী শক্তিক মর্যাদা প্রদান কৰি আহিছে৷ আমি যিখন পৃথিৱীত পদার্পণ কৰিছোঁ সেইখন ধৰিত্রী আই৷ স্বামী বিবেকানন্দৰ উক্তিৰ উদ্ধৃতি দি তেওঁ কয় যে যি ৰাষ্ট্রই নাৰীক সন্মান দিব নোৱাৰে সেই ৰাষ্ট্র মহান হ’ব নোৱাৰে৷ নাৰী শক্তি শ্রেষ্ঠ শক্তি৷

মুখ্যমন্ত্রীয়ে কয় যে বিজেপি চৰকাৰে মহিলা সবলীকৰণৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছে৷ মহিলাসকলক উপার্জনক্ষম কৰি তোলা, সন্মানসহকাৰে জীয়াই থকা আৰু জীৱন বাটত আগুৱাই যোৱাৰ বাবে অসম চৰকাৰে পদক্ষেপ হাতত লৈছে৷ মহিলা আত্মসহায়ক গোটসমূহে চৰকাৰৰ পৰা সহায়–সহযোগিতা লাভ কৰাৰ বাবে নিষ্ঠাসহকাৰে কাম কৰি আহিছে৷ মহিলা আত্মসহায়ক গোটসমূহে নানা সামগ্রী প্রস্তুত কৰি ইয়াক বজাৰত বিক্রী কৰি কেইবাশ কোটি টকাৰো অধিক ধন উপার্জন কৰিবলৈ সক্ষম হৈছে৷ এই কার্য মহিলা আত্মসহায়ক গোটসমূহৰ দক্ষতা আৰু যোগ্যতাৰ পৰিচয় বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে মহিলা আত্মসহায়ক গোটসমূহে ইতিহাস ৰচনা কৰিলে বুলিও অভিহিত কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে অর্থনৈতিক দিশত ৰাজ্যখনক শক্তিশালী কৰাৰ বাবে মহিলা আত্মসহায়ক গোটসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিবলৈ সক্ষম হৈছে৷ এই সফলতাৰ যাত্রাই প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভৰ ভাৰতৰ আহ্বানক বাস্তৱায়িত কৰাৰ দিশত সহায় কৰাৰ লগতে আত্মনির্ভৰ অসম গঢ়াৰ দিশত ইতিবাচক বৰঙণি যোগাবলৈ সক্ষম হ’ব৷ ভাৰতীয় জনতা পার্টীয়ে সমন্বয়ত বিশ্বাস কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অশান্তিৰ সমাজক লৈ পৃথিৱীয়ে সপোন ৰচনা কৰিব নোৱাৰে৷ অন্যান্য দলবোৰে এতিয়া ভয় খাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কংগ্রেছৰ ৫৫ বছৰীয়া শাসনকালত মানুহৰ প্রতি শ্রদ্ধাশীল হৈ ৰাজ্যখনক শক্তিশালী কৰাৰ যাত্রাত আত্মনিয়োগ কৰিব নোৱাৰিলে৷ ৰাষ্ট্র নির্মাণ কার্যত সম্পূর্ণৰূপে বিফল হ’ল৷ ভাৰতীয় জনতা পার্টীৰ চাৰে চাৰি বছৰীয়া শাসনকালত জনসাধাৰণৰ প্রতি সদিচ্ছা থকাৰ বাবে বহু কাম কৰিবলৈ সমর্থ হ’ল৷ ভাল মন লৈ ভাল চিন্তা কৰি ভাল কাম কৰিলে সমাজ সদায় সংগঠিত হয়৷ মনৰ মাজৰ পৰা উদয় হোৱা ইতিবাচক চিন্তাবোৰে শান্তিময় পৰিৱেশৰ সূচনা কৰিব পাৰে সেই কথাত গুৰুত্ব আৰোপ কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে কংগ্রেছ চৰকাৰে ৭০ বছৰে ব্রহ্মপুত্রৰ উত্তৰ পাৰটো সম্পূর্ণৰূপে অন্ধকাৰত ৰাখিছিল৷ ইন্দিৰা আৱাস যোজনাৰ ঘৰ দিয়াৰ সময়তো দৰিদ্র পৰিয়ালৰ পৰা কংগ্রেছৰ এজেণ্টসকলে ধন লৈছিল৷

বিজেপি চৰকাৰে সকলো সময়তে স্বচ্ছ আৰু নিকা মানসিকতাৰে কাম কৰাৰ বাবে দৃষ্টান্তমূলক পৰিৱর্তনৰ ছবি জনসাধাৰণে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছে৷ কংগ্রেছ মানুহৰ মনৰ পৰা বহু দূৰত অৱস্থান কৰিবলগীয়া হৈছে৷ মেধাৱী ছাত্র–ছাত্রীসকলে যাতে চাকৰি লাভ কৰিব পাৰে, সেইবাবে নিযুক্তি প্রক্রিয়াটো স্বচ্ছ আৰু নিকা কৰি তোলা হৈছে৷ সমাজসেৱা কৰিবলৈ হ’লে নিজৰ কথা নহয়, ৰাইজৰ কথাক প্রাধান্য দিব লাগিব৷ মুখ্যমন্ত্রী সোণোৱালে আজি জামুগুৰিহাটৰ পাঞ্চজন্য ক্ষেত্রত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ নামধর্ম সমাজৰ উদ্যোগত আয়োজিত সাংস্কৃতিক সমন্বয় যাত্রা, ৰাজ্যিক ভিত্তিত যুৱ সমাৰোহ আৰু শোণিতপুৰ জিলাভিত্তিক আইমাতৃ সমাৰোহত অংশগ্রহণ কৰে৷ এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্রী সোণোৱালে কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ নামধর্ম সমাজে মহাপুৰুষজনাৰ জীৱন–দর্শন আৰু বাণীসমূহ প্রসাৰ আৰু প্রচাৰৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷ গুৰুক হূদয়ত স্থান দিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মহাপুৰুষজনাৰ আদর্শৰে আমি সকলোৱে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাবে প্রয়াস কৰিব লাগিব৷ গুৰুজনাই দি যোৱা অমৰ বাণীসমূহেৰে আমি আগবাঢ়ি গ’লেহে অসমক বিশ্বৰ বুকুত প্রতিষ্ঠা কৰিবলৈ সক্ষম হ’ম৷ এই গুৰুদায়িত্ব নতুন প্রজন্মই উপলব্ধি কৰিব লাগিব৷ যুৱ বিশৃংখলতা আঁতৰ কৰিব লাগিলে গুৰুজনাই দি যোৱা বাণীসমূহেৰে আমাৰ নতুন প্রজন্মক মূল্যবোধৰ শিক্ষা প্রদান কৰি কর্মত নিয়োজিত হোৱাৰ বাবে পৰিৱেশ নির্মাণ কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ আজিৰ এই অনুষ্ঠানত সাংসদ পল্লৱলোচন দাস, বিধায়ক ক্রমে পদ্ম হাজৰিকা, প্রমোদ বৰঠাকুৰ, গণেশ লিম্বু, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ নামধর্ম সমাজৰ সভাপতি দীনেশ মহন্ত প্রমুখ্যে গণ্যমান্য আৰু ধর্মপ্রাণ ৰাইজ উপস্থিত থাকে৷
কুইপ’ৰ দুই অপহূত বিষয়াক মুকলি কৰি দিয়াৰ আহ্বান মুখ্যমন্ত্রীৰঃ আলোচনাৰ দুৱাৰ সদায় খোলা আছে
আলফা (স্বাঃ)ৰ জিম্মাত বন্দী হৈ থকা কুইপ’ৰ দুই অপহূত বিষয়া ক্রমে প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মানৱতাৰ দৃষ্টিকোণেৰে মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আজি জামুগুৰিহাটত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী সোণোৱালে কয়, ‘আমি দুই অপহূত বিষয়াক মুক্তিৰ বাবে আহ্বান জনাইছোঁ৷ শীঘ্রে তেওঁলোকক মুক্তি দিয়া উচিত আৰু পৰেশ বৰুৱা ডাঙৰীয়াকো এই আহ্বান জনাওঁ যে চৰকাৰে সদায় আলোচনাৰ দুৱাৰ মুকলি কৰি ৰাখিছে৷ যিকোনো ধৰণৰ সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান হয়৷ সেইবাবে এইক্ষেত্রত দুয়োগৰাকীক শীঘ্রে মুক্তি দিব লাগে৷’ ইয়াৰ উপৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যৰ বিভিন্ন দল–সংগঠন, বুদ্ধিজীৱীসকলেও আহ্বান জনাইছে দুই বিষয়াক মুক্তি দিবৰ বাবে৷ মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই মুহূর্তত মানৱীয়তাৰ খাতিৰত ঐক্যবদ্ধভাৱে আমি আমাৰ মহান মানৱীয় অনুভূতিটো প্রকাশ কৰা উচিত বুলিও ব্যক্ত কৰে মুখ্যমন্ত্রী সোণোৱালে৷
কৃষ্ণগুৰু সেৱাশ্রমত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল
‘বৈষয়িক কাম–কাজে জীৱন জাতিষ্কাৰ নকৰে, আধ্যাত্মিক শিক্ষাইহে জীৱন জাতিষ্কাৰ কৰে, জীৱন ধন্য কৰে৷’ আজি নসত্রস্থিত কৃষ্ণগুৰু সেৱাশ্রমৰ সপ্তাহজোৰা কৃষ্ণগুৰু অখণ্ড এক নাম–কীর্ত্তনৰ ধর্মসভাত অংশ লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আশ্রমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীৰ উপস্থিতিত অনুষ্ঠিত ধর্মসভাত মুখ্যমন্ত্রী সোণোৱালে পুনৰ কয়– ‘মানুহৰ জীৱনত সমস্যা থাকিবই৷ সমস্যাৰ সন্মুখীন হ’ব নোৱাৰিলে মানুহ কেতিয়াও শক্তিৱান হ’ব নোৱাৰে৷’ নসত্রস্থিত বিখ্যাত কৃষ্ণ সেৱাশ্রমৰ কৃষ্ণগুৰু অখণ্ড একনাম কীর্ত্তনৰ ধর্মীয় সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্রী সোণোৱালে ভাষণত পুনৰ কয়– বিজ্ঞান আৰু প্রযুক্তিৰ যুগত নিজক প্রতিষ্ঠিত কৰিবলৈ হ’লে কঠোৰ পৰিশ্রম কৰিব লাগিব আৰু নির্মল হূদয়েৰে ভক্তি কৰি শক্তি আহৰণ কৰিব লাগিব৷ জীৱনত শান্তি আৰু শক্তি আহৰণ কৰিবলৈ কৃষ্ণগুৰু প্রভুৰ ওচৰত নিজকে সমর্পণ কৰিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী সোণোৱালে৷ প্রভুই সকলোকে শক্তি দিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে মানুহে ভক্তিৰ দুৱাৰখন খুলি গুৰুজনাৰ শৰণাপন্ন হ’লে সেই শক্তি উপলব্ধ হ’ব৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে গুৰুৰ বাণী হূদয়ংগম কৰি আমি বিশ্বজয় কৰিব লাগিব৷ ভাষণত নিজকে স্বার্থপৰ বুলি মন্তব্য কৰি কয় যে কৃষ্ণগুৰু প্রভুৰ আশিস লাভৰ বাবেই তেওঁ নসত্রস্থিত কৃষ্ণগুৰু সেৱাশ্রমলৈ আহে৷ এই সেৱাশ্রমত মূৰ দোৱাই বিমল প্রশান্তি লাভ কৰে বুলিও তেওঁ ব্যক্ত কৰে৷ ধর্মসভাত আধ্যাত্মিক ভাষণ দি সুৱর্ণ কুডত কৃষ্ণগুৰু এক নাম জপ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আৰু ইয়াৰ পিছত হেলিকপ্ঢাৰ যোগে গুৱাহাটীলৈ ৰাওনা হয় মুখ্যমন্ত্রী সোণোৱাল৷ উল্লেখ্য যে যোৱা ২০ ফেব্রুৱাৰীৰ পৰা নসত্রস্থিত কৃষ্ণগুৰু সেৱাশ্রমত বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু অখণ্ড একনাম কীর্ত্তন আৰম্ভ হৈছে৷ সপ্তাহজোৰা এই কৃষ্ণগুৰু অখণ্ড একনাম কীর্ত্তনত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ পৰাও হাজাৰ হাজাৰ লোক আহি আধ্যাত্মিক চিন্তাৰে উদ্বুদ্ধ হৈছে৷ আজি কৃষ্ণগুৰু সেৱাশ্রমৰ স্থায়ী আশ্রয় শিবিৰত অনুষ্ঠিত হয় মুখ্যমন্ত্রীৰ ধর্মীয় সভা৷ উল্লেখ্য যে এই স্থায়ী আশ্রয় শিবিৰত পঞ্চাশ হাজাৰ ভকতে একেলগে আশ্রয় ল’ব পাৰে৷

You might also like