নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ সিদ্ধেশ্বৰ দেৱালয়ত ৫০১ গছি বন্তি প্রজ্বলন

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ জালুুকবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সু–স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰি শুৱালকুছিৰ ঐতিহাসিক শ্রীশ্রী সিদ্ধেশ্বৰ দেৱালয়ত আজি ৫০১ গছি বন্তি প্রজ্বলন কৰা হয়৷ পূব শুৱালকুছিৰ যুৱকসকলে এই বন্তি প্রজ্বলন কার্যসূচী ৰূপায়ণ কৰে৷ সংবাদ মাধ্যমৰ আগত পূব শুৱালকুছিৰ যুৱকজনে জানিবলৈ দিয়ে যে প্রিয় নেতা ড০ হিমন্ত বিশ্ব শর্মাই আজি কিছুদিন ধৰি বিভিন্ন কার্যক্রমণিকা লৈ নিৰৱচ্ছিন্নভাৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে৷ চাইকেল চলাই, খোজ কাঢ়ি ঘূৰি ফুৰি অসমৰ ৰাইজৰ আশিস লৈছে৷ আৰু পৰৱর্তী দিনতো তেওঁৰ এই কর্যসূচী অব্যাহত থাকিব৷ গতিকে এই সকলোবোৰ কার্যসূচী ৰূপায়ণ কৰোঁতে যাতে মন্ত্রীগৰাকীৰ স্বাস্থ্যৰ কোনো হানি–বিঘিনী নহয় তাৰ বাবে আটায়ে আজি নেদেখাজনৰ ওচৰত আঁঠু লৈ সেৱা জনোৱা বুলি তেওঁলোকে জানিবলৈ দিয়ে৷ যুৱকসকলে কয়– অসমৰ দ্রুত উন্নয়নত দিন–ৰাতি একাকাৰ কৰি মন্ত্রী ড০ শর্মাই যি অৰিহণা যোগাইছে, সেয়া নৱপ্রজন্মৰ বাবে এক মাইলৰ খুঁটি হৈ ৰ’ব৷ গতিকে এইগৰাকী মহান নেতাক ভগৱানে সকলো সময়তে কুশলে ৰাখক আৰু কাম কৰাৰ বাবে প্রৰণা যোগাওক তাৰ বাবে ভগৱানৰ ওচৰত প্রণিপাত জনালোঁ৷ তেওঁঁৰ দীর্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনাইছেছা৷

You might also like