নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষমতাৰ লোভত ইউডিএফক দখলত থকা সমষ্টি এৰি দিব কংগ্রেছে

‘সাম্প্রদায়িক’ আজমলক ক্লীনশ্বীট ৰিপুণ বৰাৰ

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেওবাৰে অসম ভ্রমণকালত কংগ্রেছক সাম্প্রদায়িক বুলি অভিহিত কৰি কেৰালাত মুছলিম লীগ আৰু অসমত এ আই ইউ ডি এফৰে মিত্রতা কৰাক লৈ ক্ষুৰধাৰ সমালোচনা কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক উভতি ধৰি কয় যে কেৰালাৰ মুছলিম লীগ আৰু অসমৰ এ আই ইউ ডি এফ দলক দেশৰ সংবিধান আৰু নির্বাচন আয়োগে সাম্প্রদায়িক দল বুলি কোৱা নাই৷ তেওঁলোক ভাৰতবিৰোধী নহয়৷ বৰং দেশৰ ঐক্য, সংহতিৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি অহা ভাৰতবিৰোধী পি ডি পিৰ সৈতে কাশ্মীৰত বিজেপিয়েহে মিত্রতা কৰিছে৷ যি পি ডি পিয়ে পৃথক পতাকা, সুকীয়া সংবিধান বিচৰাৰ লগতে দেশৰ সংসদ ভৱন আক্রমণ কৰা আফজল গুৰুকো শ্বহীদ আখ্যা দিছে৷ সেই ভাৰতবিৰোধী পি ডি পিৰ লগত কাশ্মীৰত বিজেপিয়ে মিত্রতা কৰি চৰকাৰ চলাইছে৷ তদুপৰি অমিত শ্বাহে সাম্প্রদায়িক বুলি কোৱা এ আই ইউ ডি এফৰ লগত লগ লাগিয়েই বিজেপিয়ে দৰং, কৰিমগঞ্জ, নগাঁও জিলা পৰিষদ এতিয়াও চলাই থকাৰ কথা উল্লেখ কৰি এই সংক্রান্তত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়৷

আনহাতে, আসন্ন বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ স্বার্থত, অসমৰ স্বার্থত আসন বুজাবুজিৰ ক্ষেত্রত এ আই ইউ ডি এফকে ধৰি মহাজোঁটৰ অংশীদাৰ দলৰ সৈতে কংগ্রেছে ক’ৰবাত ত্যাগ কৰিবলৈ সাজু বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে আসন বুজাবুজিক লৈ এতিয়াও আলোচনা হোৱা নাই৷ অৱশ্যে কংগ্রেছ দলে আগতেও অসমৰ স্বার্থত ত্যাগ স্বীকাৰ কৰিছে৷ হিতেশ্বৰ শইকীয়াৰ চৰকাৰ পর্যন্ত ভাঙি দিয়া হৈছিল৷ অসমৰ বুৰঞ্জী, সংস্কৃতি, ঐতিহ্য ৰক্ষা কৰাটোহে মূল উদ্দেশ্য৷ ইয়াৰ বাবে কংগ্রেছে ত্যাগ কৰিবলৈ সাজু আছে৷ সেইদৰে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ সাম্প্রদায়িক মন্তব্যৰ প্রসংগত বৰাই কয় যে আজমলে কোনো হিন্দুবিৰোধী মন্তব্য কৰা নাই৷ বিজেপিয়েহে প্রকাশ্যে মুছলমানবিৰোধী মন্তব্য কৰাৰ লগতে মুছলমানৰ প্রতি ঘৃণা সৃষ্টি কৰা কথা কৈ আহিছে৷ এ আই ইউ ডি এফে কেতিয়াও হিন্দুৰ বিৰুদ্ধে ঘৃণাৰ সৃষ্টি কৰাৰ কথা কোৱা নাই বুলি উল্লেখ কৰি বৰাই আজমলক ক্লীনশ্বীট প্রদান কৰে৷ এই প্রসংগতে তেওঁ কয় যে আজমলৰ লগতে মহাজোঁটৰ অংশীদাৰ প্রতিটো দলকে কাৰোবাৰ অনুভূতিত আঘাত হানিব পৰা কোনো ধৰণৰ মন্তব্য নকৰিবলৈ জনাই দিয়া হৈছে৷

বৰাৰ লগত সংবাদ মেলখনত উপস্থিত থকা প্রদেশ কংগ্রেছৰ উপ–সভাপতি সাংসদ প্রদ্যুৎ বৰদলৈয়ে এই সম্পর্কত কয় যে এ আই ইউ ডি এফ দল মহাজোঁটৰ ‘মাইনৰ পার্টনাৰ’৷ ‘মেজৰ পার্টনাৰ’ হৈছে কংগ্রেছ৷ অৱশ্যে কংগ্রেছে প্রতিটো অংশীদাৰ দলকে মর্যাদা প্রদান কৰিব৷ মহাজোঁটৰ অংশীদাৰ দলক কংগ্রেছে লক্ষ্মণ ৰেখা আঁকি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ‘কমন মিনিমাম প্র’গ্রেম’ৰ জৰিয়তে সেই মিত্রতা হ’ব৷ সাংসদ বৰদলৈয়ে সংবাদ মেলখনত এ আই ইউ ডি এফে কিবা সাম্প্রদায়িক চিন্তা–চর্চা বা মত প্রকাশ কৰিলেও কংগ্রেছে কেতিয়াও সহ্য নকৰে বুলি একপ্রকাৰ সকীয়নি দিয়ে৷ ইপিনে, কেৱল বিজেপিয়েহে অসমত অনুপ্রৱেশ ৰোধ কৰিব পাৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কৰা মন্তব্যক উভতি ধৰি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনত হোৱা চূড়ান্ত এন আৰ চিখনেই আজিলৈ গ্রহণ নকৰিলে৷ অথচ গৃহ মন্ত্রালয় শ্বাহৰে অধীনস্থ বিভাগ৷ সংসদত দিয়া তথ্য অনুসৰি ২০১৪–২০১৭ চনলৈ বিজেপিৰ আমোলত সমগ্র দেশত ১৮,০২২গৰাকী বিদেশী বহিষ্কাৰ কৰা হয়৷ কিন্তু ২০০৫–২০১৩ চনলৈ কংগ্রেছৰ আমোলত ৮২,৭২৮গৰাকী বিদেশী বহিষ্কাৰ কৰা হয়৷ ২০১৩ চনত অসমত ৫,২৩৪গৰাকী বিদেশী বহিষ্কাৰ হোৱাৰ বিপৰীতে ২০১৭ চনত মাত্র ৫১গৰাকীহে বিদেশী বহিষ্কাৰ হয়৷ তদুপৰি ‘কা’ আইন আনি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা সকলো বিদেশীকে নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে৷
কংগ্রেছৰ নির্বাচন প্রচাৰ–ইস্তাহাৰ কমিটীকে ধৰি ৮খনকৈ কমিটী গঠন
আসন্ন বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত এ আই চি চিয়ে নির্বাচন কমিটী, নির্বাচনী প্রচাৰ কমিটী, ইস্তাহাৰ কমিটী, সমন্বয়ৰক্ষী কমিটী, প্রচাৰ কমিটী, নির্বাচন ব্যৱস্থাপনা কমিটী, মিডিয়া কমিটী আৰু আউটৰিছ কমিটী গঠন কৰি দিছে৷ এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে আজি এক নির্দেশযোগে উক্ত ৮খন কমিটী গঠন কৰি দিয়ে৷ সেইদৰে আন এক নির্দেশযোগে কেইবাখনো জিলাত নতুন জিলা সভাপতি নিয়োগৰ লগতে কার্যকৰী সভাপতিও নিযুক্তি দিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাক অধ্যক্ষ, বিৰোধী দলপতি দেৱব্রত শইকীয়াক উপাধ্যক্ষ, বিধায়ক ৱাজেদ আলী চৌধুৰীক সমন্বয়ক হিচাপে লৈ গঠিত ২৪জনীয়া নির্বাচন কমিটীৰ সদস্যসকল হৈছে– ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ, ডাঃ ভূমিধৰ বর্মন, প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, আব্দুল খালেক, ৰাণী নৰহ, সুস্মিতা দেৱ, ভূপেন বৰা, ৰাণা গোস্বামী, ৰ’জনীনা তির্কী, বীৰেনছিং ইংতি, শৰৎ বৰকটকী, প্রণতি ফুকন, ৰাজীৱলোচন পেগু, ডাঃ দুর্লভ চমুৱা, টংক বাহাদুৰ ৰাই, আৰতি হাজৰিকা কছাৰী, সুশান্ত বৰগোহাঁই, স্বপন কৰ আৰু বিষ্টি বসুমতাৰী৷ সেইদৰে প্রদ্যুৎ বৰদলৈক অধ্যক্ষ, ভূপেন বৰাক উপাধ্যক্ষ, হিৰণ্য বৰাক আহ্বায়ক হিচাপে লৈ ৫০জনীয়া নির্বাচনী প্রচাৰ কমিটী গঠন কৰা হৈছে৷ ইপিন, গৌৰৱ গগৈক অধ্যক্ষ, ৰূপজ্যোতি কুর্মী, কমলাক্ষ দে’ পুৰকায়স্থক উপাধ্যক্ষ, ঋতুপর্ণ কোঁৱৰক সমন্বয়ক হিচাপে লৈ নির্বাচনী ইস্তাহাৰ কমিটীখন গঠক কৰা হৈছে৷ সেইদৰে পৱন সিং ঘাটোৱাৰক অধ্যক্ষ, ৰাণা গোস্বামীক উপাধ্যক্ষ, নৱজ্যোতি তালুকদাৰক সমন্বয়ক হিচাপে লৈ ২৮জনীয়া সমন্বয় কমিটীখন গঠন কৰা হৈছে৷ একেদৰে ৰকিবুল হুছেইনক অধ্যক্ষ, প্রকাশ গডুকাক সমন্বয়ক হিচাপে লৈ ২৭জনীয়া প্রচাৰ কমিটী, আৰ পি শর্মাক অধ্যক্ষ আৰু দিগন্ত চৌধুৰীক সমন্বয়ক হিচাপে লৈ ৩২জনীয়া নির্বাচনী ব্যৱস্থাপনা কমিটী, আব্দুল খালেকক অধ্যক্ষ হিচাপে লৈ ১৫জনীয়া মিডিয়া আৰু যোগাযোগ কমিটী আৰু সুস্মিতা দেৱক অধ্যক্ষ হিচাপে লৈ ৩৫জনীয়া আউটৰিছ কমিটী গঠন কৰা হৈছে৷ আনহাতে, বাক্সাত ভূপেন দৈমাৰী, শোণিতপুৰত পৰমা কাকতি, শিৱসাগৰত লক্ষ্মীনাথ সন্দিকৈ, লখিমপুৰত প্রদীপ গগৈ, ডিব্রুগড়ত দেৱৰঞ্জন গগৈ, নলবাৰীত সুৰেশ মহন্ত, গুৱাহাটী মহানগৰীত জুৰি শর্মা বৰদলৈ, দৰঙত কামিনী ডেকা, তিনিচুকীয়াত জীৱন কুর্মী, ধেমাজিত মহেন বুঢ়াগোহাঁই, কোকৰাঝাৰত মমিনুল ইছলাম আৰু গোলাঘাটত দাদু টায়েক জিলা কংগ্রেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে৷

You might also like