নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৱে এতিয়া হেৰুৱাইছে অৰাজনৈতিক চৰিত্র: মন্ত্রী পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ সমাগত বিধানসভা নির্বাচনক লৈ এতিয়া উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পেক্ষাপট৷ যোৱা ২৩ জানুৱাৰীত দেশৰ প্রধানমন্ত্রীয়ে ঐতিসাহিক জেৰেঙা পথাৰত নির্বাচনী ৰণডংকা বজাই যোৱাৰ পিছতেই এতিয়া শাসকীয় দলৰ মন্ত্রী–বিধায়ক আদিকে ধৰি নেতা–পালিনেতাসকল নামি পৰিছে নির্বাচনী প্রচাৰত৷ একেই উদ্দেশ্য আগত ৰাখি আজি বিয়লি ভাগত চন্দ্রপুৰৰ পশ্চিম মায়ঙৰ ঘোঁৰামাৰা জান পামত এক ৰাজহুৱা সভাত অংশগ্রহণ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই নির্বাচনী ৰণদুন্দুভি জায়৷ পোনতে পশ্চিম মায়ং উচ্চ বিদ্যালয়লৈ যোৱা নৱনির্মিত পকী দলং উদ্বোধন কৰাৰ পিছত ঘোঁৰামাৰা জানপামলৈ যোৱা পথছোৱাত নতুনকৈ নির্মিত আন এখন পকী দলং উদ্বোধন কৰে৷

ইয়াৰ পিছতেই দলঙৰ সমীপৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত ৰাইজক সম্বোধন কৰে৷ ভাষণত মন্ত্রী পীয়ূষ হাজৰিকাই কংগ্রেছক লক্ষ্য কৰি বক্তব্য আগবঢ়ায়৷ মন্ত্রীগৰাকীয়ে কয় যে বিগত সময়ছোৱাত সমষ্টিটোৰ ৰাইজক কংগ্রেছ চৰকাৰে কেৱল ভোট েবংক হিচাপে ৱহাৰ কৰি ৰাইজৰ উন্নয়নৰ কোনো ধৰণৰ কাম নকৰিলে৷ কিন্তু বর্তমানৰ বিজেপি চৰকাৰখনে এই সমষ্টিটোত ৰাইজৰ সর্বাংগীণ উন্নতিৰ হকে বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাম সম্পন্ন কৰিছে৷ তেওঁ কয় যে অসম জাতীয় পৰিষদ দলটো আত্মসহায়ক গোট আৰু জাবৰ দল৷ আছু লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ ছাত্র সংগঠন৷ আছুৱে অৰাজনৈতিক চৰিত্রটো হেৰুৱাই পেলাইছে৷ আছুৱে বিজেপিক সমালোচনা কৰাৰ নৈতিক অধিকাৰো হেৰুৱাই পেলাইছে৷ এন এছ ইউ আই য়ে কংগ্রেছক নির্বাচনত সহায় কৰাৰ দৰে আছুৱেও নির্বাচনত অসম জাতীয় পৰিষদ দলক সহায় কৰি নির্বাচনত বিজেপিক পৰাভূত কৰি দেখুৱাবলৈ মুকলি প্রত্যাহ্বান মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ উল্লেখ্য যে আজিৰ এই ৰাজহুৱা সভাতেই অঞ্চলটোৰ অর্ধশতাধিক যুৱকে মন্ত্রীগৰাকীৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে৷ নির্বাচনৰ প্রাক মুহূর্তত অঞ্চলটোত মন্ত্রী পীয়ূষ হাজৰিকাৰ আগমনে দলীয় নেতা তথা কর্মীসকলক নির্বাচনী প্রচাৰত দুগুণ উদ্যমৰে কাম কৰি যাবলৈ উৎসাহ প্রদান কৰ্বি৷

You might also like