নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ব্রিজ’লৈ জুৰী স্পেচিয়েল মেনচন

ইণ্ডিয়ান পেনোৰামাত স্বীকৃতি

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ পুনৰ সোণালী সুদিন ঘূৰি আহিছে অসমীয়া ছবি জগতলৈ৷ অসমৰ ছবি নির্মাতাই নির্মাণ কৰা ছবিয়ে ধাৰাবাহিক সুখ্যাতি লাভ কৰিছে দেশে–বিদেশে৷ গোৱাত অনুষ্ঠিত ৫১সংখ্যক আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত আন এক বিৰল সন্মান লাভেৰে অসমীয়া ছবি জগতক গৌৰৱান্বিত কৰিছে কৃপাল কলিতাৰ ‘ব্রিজ’ নামৰ ছবিখনে৷ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শাখাত জুৰীৰ স্পেচিয়েল মেনচন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ব্রিজে৷ আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত এই সন্মান লাভ কৰা প্রথমখন অসমীয়া ছবি হৈছে কৃপাল কলিতাৰ ‘ব্রিজ’৷ আজি সামৰণী অনুষ্ঠানত এই সন্মান গ্রহণ কৰে ছবিখনৰ পৰিচালক কৃপাল কলিতাই৷

উল্লেখ্য যে ব্রহ্মপুত্রৰ পাৰত বাস কৰা এগৰাকী কিশোৰীৰ জীৱন সংগ্রামক লৈ এই ছবিখন নির্মাণ কৰা হৈছে৷ ইতিমধ্যে ব্রিজে বহুকেইখন ছবি মহোৎসৱত সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে৷ ছবিখনৰ বিষয়বস্তু আৰু পৰিচালনাৰ আর্হিৰ বাবে এই ছবিখন গোৱাত অনুষ্ঠিত হোৱা ৮ দিনীয়া ছবি মহোৎসৱত প্রদর্শন কৰিবলৈ সুবিধা লাভ কৰিছে৷ যোৱা ১৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা এই ছবিখনত যোৱা ১৮ জানুৱাৰীত ব্রিজ প্রদর্শিত হৈছিল৷ এই ছবিখনৰ কাহিনী, চিত্রনাট্য আৰু সংলাপ ৰচনা কৰিছে পৰিচালক কৃপাল কলিতাই৷ কৃষ্টি পথাৰৰ বেনাৰত নির্মিত ছবিখন প্রযোজনা কৰিছে ৰামকুমাৰ দাস আৰু সবিতা দেৱীয়ে৷ ছবিখনত অভিনয় কৰিছে শিৱৰাণী কলিতা, পার্থপ্রতিম বৰুৱা, অনিন্দিতা দাস, কৃপাল কলিতা, ধনজিৎ শর্মা, শচীন্দ্র ভূঞা, বিশ্বনাথ বিশ্বাস আদিকে ধৰি বহুসংখ্যক অভিনেতা–ভিনেত্রীয়ে৷ ছবিখন ঢ়কুৱাখনা, সোণাৰি চাপৰি, জোনাই, গুৱাহাটী আৰু আন বিভিন্ন স্থানত দৃশ্যগ্রহণ কৰা হৈছিল৷

You might also like