নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিজোৰামত পুনৰ ৮ জনৰ দেহত ক’ভিড-১৯; আক্ৰান্তৰ সংখ্যা ২,১২৮ লৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ মিজোৰামত পুনৰ ৮ জন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে। যাৰ পাছতে ৰাজ্যখনত বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা ২,১২৮ জনলৈ বৃদ্ধি পাইছে।

ইপিনে ৰাজ্যখনত বৰ্তমান ২৯১ জন লোকে চিকিৎসা গ্ৰহণ কৰি আছে। লগতে ১,৮৩৭ লোক বৰ্তমান ক’ভিডত সুস্থ হৈ ঘৰলৈ উভতি গৈছে।

উল্লেখ্য যে ৰাজ্যখনত এই পৰ্যন্ত এজনো লোক ক’ভিডত মৃত্যু ঘটা নাই।

You might also like