নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে ৬০ বছৰ কেৱল লুণ্ঠন কৰিয়েই কটালে : সৰ্বানন্দ সোণোৱাল

🔹 কেন্দ্রীয় মন্ত্ৰীৰ সমৰ্থনত প্রতিকূল বতৰকো নেওচি ওলাল অজস্ৰ লোক

বিশেষ বাৰ্তা,  ৩১ মাৰ্চ : আজি যিধৰণে চাহ জনজাতীয় সমাজ সু-সংগঠিত হৈছে, উন্নয়নৰ নতুন দিগন্তৰ অভিমুখে ধাৱমান হৈছে, সেয়া প্রত্যক্ষ কৰি অতিশয় আনন্দিত হওঁ। শ্ৰমিকসকলৰ সর্বাংগীণ উত্তৰণ দেখি মই সুখ অনুভৱ কৰোঁ। সম্প্ৰতি অসমৰ চাহ উদ্যোগৰ ২০০ বছৰ সম্পূৰ্ণ হ’ল। এই উদ্যোগটোৱে কেৱল অসমকেই বিশ্ববিখ্যাত কৰা নাই, ভাৰতকো বিশ্ববিখ্যাত কৰিছে।-ডিব্ৰুগড়ৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত সৰ্বানন্দ সোণোৱালে আজি এনেদৰে কয়। আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ডিকম চেঁচা চাহ বাগিচা খেলপথাৰত আয়োজিত সদৌ অসম পাতৰ সমাজৰ কুটুম্ব মিলন সমাৰোহত অংশগ্ৰহণ কৰি এই কথা সোণোৱালে উল্লেখ কৰি পুনৰ কয়- ‘মই ছাদ্রী ভাষাত কথা ক’বলৈ বৰ ভাল পাওঁ। চাহ বাগানৰ ভাই-ভনী, বন্ধু-বান্ধৱসকলক লগ পালে ছাদ্ৰী ভাষাত কথা পাতিবলৈ চেষ্টা কৰোঁ। চাহ জনগোষ্ঠীয় সমাজ বাৰেবৰণীয়া বৃহত্তৰ অসমীয়া সমাজখনত এটা উজ্জ্বল ৰং হিচাপে উজলি আছে। আমি এনেদৰেই সকলো জাতি-জনজাতি মিলিজুলি থাকিব লাগিব। পাতৰ সমাজৰো দুশ বছৰীয়া এই চাহ উদ্যোগৰ অন্তৰালত আছে আমাৰ চাহ শ্রমিক ৰাইজৰ অপৰিসীম কষ্ট, ত্যাগ আৰু সহিষ্ণুতাৰ গাথা। আপোনালোকে মূৰৰ ঘাম মাটিত পেলাই যি সর্বোৎকৃষ্ট চাহ বিশ্ববাসীলৈ আগবঢ়াইছে, তাৰ বাবে বিশ্বই ভাৰতবৰ্ষক কৃতজ্ঞতা জনাই আহিছে। আপোনালোকে আপোনালোকৰ সাংস্কৃতিক সুন্দৰতা এনেদৰেই বৰ্তাই ৰাখিব বুলি সদৰী কৰি ক্ৰমে বিধায়ক, সাংসদ, মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্রী হিচাপে গঢ় দিয়াত সবল ভূমিকা পালন কৰি অহা বুলি কেন্দ্রীয় মন্ত্রী সোণোৱালে উল্লেখ কৰি চাহ শ্ৰমিকৰ সেৱাৰ নিমিত্তে সদায়েই উৎসর্গিত বুলিও সোণোৱালে ব্যক্ত কৰে। তদুপৰি, তেওঁ আজি ডিব্রুগড় লোকসভা সমষ্টিৰ বামুণবাৰী চাহ বাগিচা খেলপথাৰত আয়োজিত বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ কাৰ্যকৰ্তা সম্মিলন আৰু কেহেং চাহ বাগিচাত আয়োজিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাতো অংশগ্ৰহণ কৰে। আজি প্রতিকূল বতৰকো নেওচি কেন্দ্রীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ সমর্থনত হিলদল ভাঙি ওলাই আহে অজস্র লোক। সকলোৰে ধ্বনি- আকৌ এবাৰ মোদী চৰকাৰ, এইবাৰ ৪০০ পাৰ, সকলোৰে আনন্দ সর্বানন্দ আদি ব্যাপক শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে। সোণোৱালক চাহ বাগিচা অঞ্চলসমূহত ব্যাপক উৎসাহ-উদ্দীপনাৰে আদৰণি জনোৱা হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি সংগ দিয়ে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় সঞ্জয় কিষাণ, বিমল বড়া, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা প্ৰমুখ্যে দলীয় বিষয়ববীয়াসকলে।সোণোৱালে কয়- “দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নিজেও এসময়ত চাহ শিল্পৰ লগত জড়িত আছিল। ৰে’লৱে প্লেটফৰ্মত দেউতাকে দিয়া চাহৰ দোকানত তেওঁ কাপ-প্লেট ধোৱাৰ কাম কৰিছিল, চাহ বিক্রী কৰিছিল। সেয়েহে আপোনালোকৰ মনৰ স্থিতিৰ লগত তেওঁ ভালদৰেই পৰিচিত। সেয়েহে মই মুখ্যমন্ত্রী হৈ থকাৰ কালছোৱাত তেওঁ বিশেষভাৱে আপোনালোকৰ কাৰণে কাম কৰিবলৈ মোক পৰামৰ্শ দিছিল। তেওঁ নিৰ্দেশ মানি লৈ মই চাহ বাগান অঞ্চলৰ শিক্ষাখণ্ডত বিশেষভাৱে গুৰুত্ব দিছিলোঁ। সেই সময়ত আমি ১৮খনকৈ হাইস্কুল চাহ বাগান অঞ্চলত প্রতিষ্ঠা কৰিছিলোঁ। সন্তোষ কুমাৰ তপ্ন, ছাইমন সিং হৰ’ৰ দৰে মহান চাহ শ্রমিক নেতাৰ স্মৃতিত আমি পোনপ্ৰথমবাৰৰ বাবে শ্রমিক কল্যাণ দিৱসৰ আয়োজন কৰিছিলোঁ। বাগানত ৰাস্তা নির্মাণ, অংগনৱাড়ী কেন্দ্র নির্মাণ, গর্ভৱতী মহিলাক ১২,০০০কৈ টকা প্রদান, চাহ শ্রমিকৰ বাবে ৮,৫০,০০০ বেংক একাউন্ট সৃষ্টি কৰি চাহ ধন পুৰস্কাৰ হিচাপে ১০,০০০ হাজাৰকৈ টকা প্রদান, চাহ শ্রমিকৰ পুত্র-কন্যাৰ প্ৰাথমিক শিক্ষাৰ সুবিধা, হস্পিতালত বিনামূলীয়া দৰবখানাৰ ব্যৱস্থা কৰিছিলোঁ। চাহ শ্রমিকসকল মোৰ বৰ আপোন। মোৰ ঘৰৰ একেবাৰে কাষত খাৰজান চাহ বাগিচা। সৰুকালত তাৰে ল’ৰা-ছোৱালীখিনিৰ লগত আমি একেলগে দুর্গাপূজা, কালীপূজা উপভোগ কৰিছিলোঁ। একেলগে জিলাপী খোৱা, ফটকা ফুটোৱা কিমান যে স্মৃতি এতিয়াও মনত সজীৱ হৈ আছে। চাহ শ্ৰমিক ৰাইজক মই একেবাৰে ওচৰৰ পৰা পাইছোঁ। সভাত চাহ শ্ৰমিকক উদ্দ্যেশি তেওঁ কয়- মই কথা দিছোঁ যে আন্তৰিকতাৰে চাহ শ্ৰমিকৰ বাবে কাম কৰি যাম।সোণোৱাল আজি ভাষণ প্রসংগত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰত ৰাইজৰ বাবে যথেষ্ট কাম কৰিলে। চাহ জনগোষ্ঠীয় ৰাইজৰ সুবিধার্থে প্রণয়ন কৰিলে বিভিন্ন কল্যাণকামী আঁচনি। জন ধন যোজনা, উজ্জ্বলা, স্বচ্ছ ভাৰত অভিযান, প্রধানমন্ত্রী আৱাস যোজনা আদি বিভিন্ন ধৰণৰ আঁচনিয়ে চাহ জনগোষ্ঠীৰ জীৱন ধাৰণৰ মান উন্নীত কৰিছে। কিন্তু কংগ্রেছে ৬০ বছৰ কেৱল লুণ্ঠন কৰিয়েই কটালে। কংগ্ৰেছৰ কামেই আছিল বিভাজন কৰা আৰু ৰাজত্ব কৰা, দুর্নীতি কৰা আৰু ভ্ৰষ্টাচাৰ কৰা। দৰিদ্ৰ লোকৰ বাবে আবণ্টিত পুঁজি আত্মসাৎ কৰাটো আছিল কংগ্ৰেছৰ নীতি। কিন্তু বিজেপি চৰকাৰে চাহ বাগিচা অঞ্চলৰ উন্নতিৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে মহিলা শক্তিৰ সহযোগিতাও অপৰিসীম-সোণোৱালে কয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like