নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মীমাংসাৰ দিশে অসম–মেঘালয়ৰ সীমা বিবাদ

বিবদমান লাম্পিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা–কনৰাড চাংমা

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ অসম আৰু মেঘালয়ৰ দীর্ঘদিনীয়া সীমা বিবাদৰ সমস্যা সমাধানৰ দিশলৈ অগ্রসৰ হৈছে৷ সকলো সঠিকভাৱে আগবাঢ়িলে অসম–মেঘালয়ৰ বিবদমান ১২ স্থানৰ ভিতৰত ৬ স্থানৰ সমস্যা অহা ৩১ ডিচেম্বৰৰ ভিতৰত সমাধানৰ পথ প্রশস্ত হৈ পৰিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা বিশেষ পদক্ষেপ আৰু এইক্ষেত্রত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই আগবঢ়োৱা সহায়–সহযোগিতাৰ বাবেই দুই ৰাজ্যৰ মাজত বছৰৰ পিছত বছৰ ধৰি বর্তি থকা সীমা সমস্যা এতিয়া সমাধানৰ দিশলৈ আগবাঢ়িছে৷ দিছপুৰ অথবা শ্বিলঙত বৈঠক অনুষ্ঠিত কৰি সীমা সমস্যাৰ সমাধান সূত্র বিচৰাৰ পৰিৱর্তে দুই ৰাজ্যৰ মুখ্যমন্ত্রীয়ে বিবদমান অঞ্চললৈ গৈ ৰাইজৰ মতামত গ্রহণ কৰি সীমা সমস্যাৰ সমাধানত গুৰুত্ব দিছে৷ দুই ৰাজ্যৰ সীমা সমস্যাৰ স্থায়ী সমাধান সূত্র উলিওৱাৰ অংশ হিচাপে দুয়োখন ৰাজ্যৰ সীমান্তত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক ভাতৃত্ববোধৰ সম্পর্ক আৰু বিশ্বাস অটুট ৰখাৰ অংশ হিচাপে অসমৰ মুখ্যমন্ত্রী ড০ শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাই মঙলবাৰে কামৰূপ জিলাৰ লৱাৰ লাম্পি অঞ্চলত উপস্থিত হৈ এক আলোচনাত মিলিত হয়৷ কামৰূপ জিলা প্রশাসনৰ উদ্যোগত লৱাৰ লাম্পি বজাৰত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা–ভাষী জনসাধাৰণৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে মিলিত প্রচেষ্টাৰে বিগত ৬ মাহ ধৰি দুয়োখন ৰাজ্যৰ মাজত থকা সীমা বিবাদৰ স্থায়ী আৰু গ্রহণযোগ্য সমাধান সূত্র উলিওৱাৰ বাবে নিৰন্তৰ প্রয়াস চলাই আছে৷ উত্তৰ–পূর্বাঞ্চলৰ মাজত থকা ভাতৃত্বসুলভ মানসিকতা, সাত ভনীৰ মাজত থকা ঐক্য–সম্প্রীতিৰ মানসিকতাৰে দুয়োখন ৰাজ্যই সীমা সমস্যাকে ধৰি সকলো সমস্যা আলাপ–আলোচনাৰ মাধ্যমেৰে সমাধানসূত্র উলিয়াবলৈ সক্ষম হ’ব৷

বর্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন শাসন ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতেই মুখ্যমন্ত্রী হিচাপে তেওঁ শ্বিলঙলৈ গৈ মেঘালয়ৰ মুখ্যমন্ত্রীৰ সৈতে আলোচনা কৰাৰ উপৰি গুৱাহাটীত যোৱা ৬ আগষ্টত অনুষ্ঠিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী পর্যায়ৰ বৈঠকত এই দীর্ঘদিনীয়া সমস্যাটো আলাপ–আলোচনাৰ মাধ্যমেৰে সমাধানসূত্র উলিওৱাৰ বাবে দুয়োখন ৰাজ্যই ঐকমত্যত উপনীত হৈছে৷ দুয়োখন ৰাজ্যৰ মাজত থকা ১২টা বিবদমান অঞ্চলৰ প্রাৰম্ভিক পর্যায়ত ৬টা কম জটিল বিবদমান অঞ্চলৰ সমাধানসূত্র উলিওৱাৰ বাবে দুয়োখন ৰাজ্যৰ মন্ত্রী পর্যায়ৰ আঞ্চলিক সমিতিসমূহে ইতিমধ্যে বিভিন্ন অঞ্চল ভ্রমণ কৰি তেওঁলোকৰ প্রতিবেদন প্রস্তুত কৰিছে৷ দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিসমূহে সংশ্লিষ্ট চৰকাৰ দুখনৰ ওচৰত নিজৰ প্রতিবেদনসমূহ দাখিল কৰাৰ পিছতে এই ৬টা বিবদমান অঞ্চলৰ সমাধানসূত্র উলিওৱাৰ বাবে আলোচনা অনুষ্ঠিত হ’ব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লাম্পি অঞ্চলৰ সমাধানসূত্র উলিওৱাৰ বাবে দ্বিতীয় পর্যায়ত কার্যব্যৱস্থা লোৱা হ’ব যদিও এই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণক আশ্বস্ত কৰিব পৰাকৈ আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী লাম্পিত উপস্থিত হৈছে৷

বৃহত্তৰ লাম্পি অঞ্চলৰ জনসাধাৰণে উন্নয়নৰ পৰা যাতে আৰু অধিক বঞ্চিত হ’ব নালাগে, তাৰ বাবে  দুয়োখন ৰাজ্যই সম্ভাব্য কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনি অঞ্চলটোত ৰূপায়ণ কৰাৰ পদক্ষেপ গ্রহণৰ চিন্তা–চর্চা কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সম্পর্কত কামৰূপ জিলা আৰু মেঘালয়ৰ পশ্চিম খাচি পার্বত্য জিলাৰ উপায়ুক্তদ্বয়ে অঞ্চলটোৰ জনপ্রতিনিধিসকলৰ্ সৈতে আলোচনা কৰি উন্নয়নৰ বিভিন্ন পদক্ষেপ লোৱা সম্পর্কত বিবেচনা কৰি কার্যব্যৱস্থা গ্রহণ কৰিব৷ লাম্পি অঞ্চলৰ ঐতিহাসিক পটভূমি, ৰাইজৰ মতামত আদি গ্রহণ কৰাৰ পিছতহে সীমা সমস্যাৰ স্থায়ী সমাধানসূত্র উলিওৱাৰ প্রচেষ্টা চলোৱা হ’ব, যাতে নতুন প্রজন্মই এখন সর্বাংগসুন্দৰ লাম্পি লাভ কৰিব পাৰে৷ লাম্পি অঞ্চলৰ বিকাশ যাতে কেতিয়াও ব্যাহত হৈ নপৰে, তাৰ বাবে উভয়ে আলোচনা কৰি প্রচেষ্টা চলাই যাব৷

ইপিনে, মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই লাম্পি অঞ্চলৰ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ শুভেচ্ছামূলক ভ্রমণৰ উদ্যোগ লোৱা বাবে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লোৱা প্রয়াসৰ শলাগ লয়৷ বর্তমান দুয়োখন ৰাজ্যৰ চৰকাৰ দুখনে জটিল সীমা সমস্যাসমূহ সৌহার্দ্যমূলকভাৱে সমাধান কৰাৰ বাবে প্রয়াস চলাইছে বুলি উল্লেখ কৰি এই সমস্যা থকাৰ বাবে বিগত প্রায় ৫০ বছৰে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত বসবাস কৰা জনসাধাৰণে যথেষ্ট দুর্ভোগ ভুগিবলগীয়া হৈছে৷ সেয়ে বর্তমানৰ ৰাজ্য চৰকাৰ দুখনে এই সমস্যাসমূহ পর্যায়ক্রমে আলাপ–আলোচনাৰ মাধ্যমেৰে সমাধানৰ বাবে প্রয়াস চলাইছে৷ পূর্বৰ কোনো এখন চৰকাৰে এনেধৰণৰ সক্রিয় প্রচেষ্টা লোৱা নাছিল বুলি আক্ষেপ প্রকাশ কৰি কয় যে গুৱাহাটী আৰু শ্বিলঙত বহি সীমা সমস্যা সমাধান কৰিব পৰা নাযায়৷ সমাধান কৰিব লগা হ’লে সীমান্তত আহিব লাগিব৷

সেই উদ্দেশ্যে মঙলবাৰে বকোৰ অসম–মেঘালয় সীমান্তৰ লাম্পিত দুয়ো ৰাজ্যৰ বাসিন্দা, মন্ত্রী–বিধায়ক, আমোলা–বিষয়াৰ সৈতে তেওঁলোক মিলিত হৈছে৷ সীমা সমস্যাৰ শান্তিপূর্ণ সমাধানৰ পোষকতা কৰি তেওঁ কয় যে দুয়ো ৰাজ্যই মিলা–প্রীতিৰে সীমান্তবাসীৰ উন্নয়ন সাধন কৰিব পাৰিলেই সকলো সমস্যা সমাধান হ’ব৷ লাম্পি অঞ্চলৰ জনসাধাৰণৰ আস্থা আৰু বিশ্বাস সুদৃঢ় কৰাৰ বাবেই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী আহি ইয়াত উপস্থিত হৈছে বুলি তেওঁ কয়৷ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত–সচিব জি ডি ত্রিপাঠীয়ে আদৰণী ভাষণ প্রদান কৰা  এই অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী তথা পশ্চিম খাচি পার্বত্য জিলাৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ আৰ এল টংখাৰে৷ অনুষ্ঠানত অসমৰ সীমান্ত উন্নয়ন বিভাগৰ মন্ত্রী তথা কামৰূপ আঞ্চলিক সমিতিৰ অধ্যক্ষ অতুল বৰা, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, মেঘালয়ৰ বিধায়ক কিমফা এছ মাৰবানিয়াং, অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা, মেঘালয়ৰ মুখ্য সচিব ৰেবেকা ছুচিয়াং আদিও উপস্থিত থাকে৷ লাম্পিৰ পৰা উভতি আহি কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড০ শর্মা আৰু চাংমাই এখন যুটীয়া সংবাদ মেলত অংশগ্রহণ কৰে৷

সংবাদ মেলখনত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে সীমা বিবাদৰ সমস্যা সমাধানৰ পদক্ষেপ ইতিবাচক দিশেৰে আগবঢ়াৰ উল্লেখ কৰি অচিৰেই সকলোৰে গ্রহণযোগ্য সমাধানসূত্র উলিয়াব পাৰিব বুলি আশা প্রকাশ কৰে৷ অসমৰ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগত অসমৰ ১২টা বিবদমান অঞ্চল আছে৷ ইয়াৰে কামৰূপ মহানগৰ, কামৰূপ আৰু হাইলাকান্দি জিলাত থকা ৬টা বিবদমান অঞ্চলৰ সমস্যা প্রথম অৱস্থাত সমাধান কৰিব বিচৰা হৈছে৷ ইতিমধ্যে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ উভয়ে সেই ৬টা বিবদমান অঞ্চলৰ সমস্যা সমাধানৰ বাবে তিনিখন আঞ্চলিক কমিটী গঠন কৰি দিছে৷ দুয়োখন ৰাজ্যৰ আঞ্চলিক কমিটীয়ে ইতিমধ্যে যুটীয়াভাৱে বিবদমান অঞ্চললৈ গৈ সেই অঞ্চলৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিছে৷ বক্রাপাৰা অঞ্চলক বাদ দি আন অঞ্চলসমূহত আঞ্চলিক কমিটীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি হোৱা আলোচনা অনুসৰি অহা ৩০ নৱেম্বৰৰ ভিতৰত আঞ্চলিক কমিটীসমূহে তেওঁলোকৰ প্রতিবেদনসমূহ সংশ্লিষ্ট ৰাজ্যৰ মুখ্যমন্ত্রীক অর্পণ কৰিব৷ আঞ্চলিক কমিটীৰ প্রতিবেদন লাভ কৰাৰ পিছতেই অহা ৩১ ডিচেম্বৰৰ ভিতৰত চূড়ান্ত প্রতিবেদন যুগুতাব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷

You might also like