নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰা কোম্পানীৰ বিজ্ঞাপনত ঢোল–পেঁপা

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ ৰাষ্ট্রীয় পর্যায়ৰ এটা মনোৰঞ্জনধর্মী চেনেলত অসমৰ এগৰাকী কণমানি প্রতিযোগীক ইতিকিং কৰাক লৈ সৃষ্টি হোৱা প্রতিক্রিয়া মাৰ নৌযাওঁতেই বহিৰাগত এটা প্রতিষ্ঠানে সুৰাৰ বিজ্ঞাপনত ঢ়োল–পেঁপা ব্যৱহাৰক লৈ সূচনা হৈছে বিতর্কৰ৷ অসমৰ জাতীয় জীৱনৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ থকা লোকবাদ্য দুবিধ অ’চি ব্লু নামৰ বিলাতী সুৰাৰ বিজ্ঞাপনত ব্যৱহাৰ কৰাক লৈ স্তম্ভিত হৈ পৰিছে ৰাজ্যবাসী৷ অসমৰ লোকসকলৰ আৱেগ জয় কৰি কেৱল বিক্রী বঢ়াবৰ বাবে প্রতিষ্ঠানটোৱে কৰা এনে নিকৃষ্ট কাণ্ডক তীব্র ভাষাৰে সমালোচনা কৰিছে সচেতন মহলে৷

সুৰাৰ বটলত ঢ়োল–পেঁপাৰ ছবি সংযোজন কৰাৰ লগতে প্রতিষ্ঠানটোৱে লিখিছে– ‘আটাইতকৈ বেষ্ট অসম বিচাৰি যেতিয়া হূদয় আকুল হৈ পৰে, তেতিয়া অ’চি ব্ল লওক৷’ এনে সস্তীয়া কার্যৰ সৈতে জড়িত থকা দুষ্টচক্রক শাস্তি বিহিবলৈ সর্বত্র দাবী উত্থাপন হৈছে৷ ছ’চিয়েল মিডিয়াত প্রতিষ্ঠানটোৱে প্রকাশ কৰা বিজ্ঞাপন ভাইৰেল হৈ পৰাৰ পিছত ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে প্রতিক্রিয়াৰ সৃষ্টি হৈছে ধিঙত৷ ধিং শাখা সাহিত্য সভা, শতদল, বিশিষ্ট শিক্ষাবিদ, আছুসহ বিভিন্ন দল–সংগঠনে প্রতিষ্ঠানটোক কঠোৰ ভাষাৰে গৰিহণা দিছে৷ এনে দুষ্কার্যক কোনোপধ্যে গ্রহণ নকৰে বুলি মত পোষণ কৰি শীঘ্রে উক্ত বিষয় সন্দর্ভত প্রশাসন তথা অসম চৰকাৰক ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে ধিঙৰ সচেতন মহলে৷ তদুপৰি সুৰা কোম্পানীৰ কর্তৃপক্ষক শীঘ্রে এই বিজ্ঞাপন বন্ধ কৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনাইছে বিভিন্ন মহলে৷ যদিহে সুৰা কোম্পানীয়ে শীঘ্রে বিজ্ঞাপন বন্ধ নকৰে, তেন্তে আইনৰ কাষ চাপিব বুলিও হুংকাৰ দিছে সচেতন মহলে৷

You might also like