নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাস্ক ফ’ৰ্চ গঠনৰ পুৰণি ফর্মূলাৰেই মূল্যবৃদ্ধি নিয়ন্ত্রণৰ পোষকতা

অৱশেষত সাৰ পালে ৰঞ্জিত কুমাৰ দাসে

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ ইন্ধনজাত সামগ্রীৰ পৰা শাক–পাচলিলৈকে বজাৰত হোৱা মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে ৰাজ্যবাসীক৷ চাউল, দাইল, মিঠাতেলৰ পৰা আৰম্ভ কৰি আলু–পিঁয়াজলৈকে সকলোতে অভাৱনীয় হাৰত দাম বৃদ্ধি হোৱাৰ পিছত যোগান বিভাগে কোনো হস্তক্ষেপ নকৰাত ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ বিভিন্ন দল–সংগঠনে মূল্যবৃদ্ধিক লৈ ধাৰাবাহিকভাৱে প্রতিবাদ কৰি অহাৰ পিছত অৱশেষত সাৰ পাইছে ৰাজ্যৰ যোগান বিভাগ৷ অৱশ্যে মূল্য নিয়ন্ত্রণক লৈ চিন্তা ব্যক্ত কৰিলেও দীর্ঘম্যাদী আঁচনিৰ পৰিৱর্তে টাস্ক ফ’ৰ্চ গঠনেৰে বজাৰ নিৰীক্ষণ কৰাৰ পুৰণি ফর্মূলা লৈয়েই আগবাঢ়িব বিচাৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাস৷

মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত কেইবাটাও ব্যৱসায়ী সংস্থাৰ লগতে বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে হোৱা এক বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রী ৰঞ্জিত কুমাৰ দাসে প্রকাশ কৰা অনুসৰি গুৱাহাটীত বজাৰ নিৰীক্ষণৰ বাবে দুইৰ পৰা চাৰিটা টাস্ক ফ’চ গঠন কৰা হ’ব৷ কার্যবাহী দণ্ডাধীশে নিৰীক্ষণ কৰিব লগা এই টাস্ক ফ’ৰ্চত কৃষি বিপণন পৰিষদৰ বিষয়া, গুৱাহাটী পৌৰ নিগমৰ বিষয়া, পশু চিকিৎসা বিষয়া আৰু আৰক্ষী বিষয়াক অন্তর্ভুক্ত কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷ এই প্রসংগত মন্ত্রী দাসে কয়– ‘খুচুৰা ব্যৱসায়ীয়ে যাতে অত্যধিক দাম ল’ব নোৱাৰে, তাৰ বাবে এই টাস্ক ফ’র্চে নিৰীক্ষণ কৰিব৷ পাইকাৰী দামতকৈ খুচুৰা বজাৰত পাঁচৰ পৰা ছয় টকা অধিক ল’ব পাৰে৷ কিন্তু খুচুৰা বজাৰত পাঁচ–ছয় টকাতকৈও অধিক মূল্য আদায় কৰি আহিছে বিভিন্ন খাদ্য সামগ্রীৰ ক্ষেত্রত৷ পামহি আৰু গড়চুকৰ বজাৰৰ সৈতে মিলাই চালেই খুচুৰা বজাৰত যে অতিৰিক্ত দাম লয়, সেয়া ধৰিব পাৰি৷ সেয়েহে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলৰ সৈতে জোখ–মাখ পৰিমাপ বিভাগ, জি এম চি, আৰক্ষী আদিক লৈ দুই–চাৰিটা টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব৷ এইক্ষেত্রত শীঘ্রে কামৰূপ মহানগৰ জিলা উপায়ুক্তই জাননী জাৰি কৰিব৷ খুচুৰা ব্যৱসায়ীয়ে যদি এতিয়াৰে পৰা অত্যধিক দাম আদায় কৰে, তেনেহ’লে নিৰীক্ষণৰ জৰিয়তে যি ব্যৱস্থা আছে, সেয়া ল’বলৈ বাধ্য হ’ব৷’ উল্লেখ্য যে পূর্বে কেৱল নিমখহে যোগান বিভাগৰ অধীনত পৰে বুলি মন্তব্য কৰা

মন্ত্রীগৰাকীয়ে মঙলবাৰে চাউল, দাইল, আলু, পিঁয়াজ, শাক–পাচলিৰ বজাৰৰ মূল্যৰ খতিয়ান লোৱাৰ লগতে টাস্ক ফ’ৰ্চ গঠনেৰে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ লোৱা পদক্ষেপে আশ্বস্ত কৰিব পৰা নাই সাধাৰণ ৰাইজক৷ কিয়নো ইয়াৰ পূর্বেও বজাৰত খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হ’লেই সংশ্লিষ্ট বিভাগটোৱে টাস্ক ফ’ৰ্চ গঠন কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈ আহিছে৷ বজাৰ নিয়ন্ত্রণৰ বাবে কেইবাটাও বিয়াগোম বিভাগ থকা সত্ত্বেও বজাৰ নিয়ন্ত্রণৰ বাবে স্থায়ীভাৱে কোনো ব্যৱস্থা গ্রহণ নকৰাত বিভাগটোৰ দক্ষতাক লৈও প্রশ্ণৰ উত্থাপন হৈ আহিছে৷ মূল্যবৃদ্ধিৰ সময়ত গঠন কৰা সাময়িক টাস্ক ফ’চসমূহে দুই–চাৰি দিন বজাৰ নিৰীক্ষণ কৰিয়েই দায়িত্ব সামৰি আহিছে৷ যাৰ বাবে পুনৰ বজাৰত মূল্যবৃদ্ধি কৰিবলৈ সুযোগ পাই আহিছে একাংশ অসাধু ব্যৱসায়ীয়ে৷ খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মাজত খাদ্য–সামগ্রীৰ মূল্যৰ বৃহৎ ব্যৱধান হৈছে ৰাইজক জুৰুলা কৰাৰ অন্যতম কাৰণ৷ বহু সময়ত খুচুৰা ব্যৱসায়ীসকলে হঠাৎ দাম বৃদ্ধি কৰাৰ বাবেই পাইকাৰী বজাৰত দাম বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰে বুলি পাইকাৰী ব্যৱসায়ীসকলে মন্তব্য কৰি আহিছে৷

একাংশ পাইকাৰী ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ অবৈধ মজুতকৰণৰ জৰিয়তে কৃত্রিম নাটনিৰ সৃষ্টি কৰাৰ বাবেও সময়ে সময়ে হৈ আহিছে খাদ্য–সামগ্রীৰ মূল্যবৃদ্ধি৷ কিন্তু এইক্ষেত্রত যোগান বিভাগে কোনোধৰণৰ দীর্ঘম্যাদী ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ আজিৰ বৈঠকৰ অন্তত মন্ত্রী দাসে গ্রাহক পৰিক্রমা মন্ত্রালয়ৰ আর্হিত এটা এপ মুকলি কৰা হ’ব বুলিও প্রকাশ কৰে য’ত বিভিন্ন বজাৰত নির্দিষ্ট দিনৰ বিভিন্ন খাদ্য–সামগ্রীৰ মূল্য উপলব্ধ হ’ব৷ আনহাতে পাইকাৰী ব্যৱসায়ীসকলে নির্দিষ্ট মূল্য নির্ধাৰণ কৰি ৰাইজক সকাহ দিব বুলি আশা প্রকাশেৰে দাসে কয়– ‘পিঁয়াজৰ মূল্যৰ ক্ষেত্রত ৰাজ্যত যথেষ্ট তাৰতম্য দেখা যায়৷ বগা পিঁয়াজৰ ক্ষেত্রত পাইকাৰী মূল্য হৈছে ২০ৰ পৰা ২৫ টকা৷ কিন্তু খুচুৰা বজাৰত বগা পিঁয়াজৰ মূল্য হৈছে ৪০ টকা৷ সেইদৰে পাইকাৰী বজাৰত ৰঙা পিঁয়াজৰ মূল্য ৪০ টকা যদিও খুচুৰা বজাৰত ৭৫ টকা পর্যন্ত দামত বিক্রী কৰি আহিছে৷ সেইদৰে কণী ব্যৱসায়ীসকলে প্রকাশ কৰা অনুসৰি আজিৰ দিনটোত প্রতিটো কণীৰ মূল্য হৈছে ৫.৪৩ টকা৷ গতিকে খুচুৰা বজাৰত সর্বাধিক ৬ টকাত এটা কণী বিক্রী কৰিব পাৰে৷’

উল্লেখ্য যে মঙলবাৰে অনুষ্ঠিত এই সভাত আদৰণী ভাষণ প্রদান কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই৷ যোগান বিভাগৰ সঞ্চালক মানস নাথে অসমৰ লগতে আন ৰাজ্যৰ অত্যাৱশ্যকীয় সামগ্রীসমূহৰ মূল্যৰ ওপৰত এটা তুলনামূলক পর্যালোচনা আগবঢ়ায়৷ যোগান বিভাগৰ সচিব বিশ্বৰঞ্জন চামাল, অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, কৃষি বিপণন পৰিষদৰ মুখ্য কার্যবাহী বিষয়া, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া আজিৰ এই সভাত উপস্থিত থাকে৷

You might also like