নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত প্ৰাণ গ’ল ৪৬৯গৰাকীৰ, অসমত ২

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে দেশত। বিগত ২৪ ঘণ্টাত দেশত ক’ৰোনাত আক্ৰান্ত হৈছে ৮১,৪৬৬গৰাকী লোক, মৃত্যুমুখত পৰিছে ৪৬৯গৰাকী আৰু ক’ৰোনাৰ পৰা সুস্থ হৈছে ৫০,৩৫৬গৰাকী লোক।

বৰ্তমান দেশত ৬,১৪,৬৯৬গৰাকীৰ দেহত ক’ৰোনা সক্ৰিয় হৈ থকাৰ লগতে এতিয়ালৈ মুঠ ১,২৩,০৩,১৩১গৰাকী ক’ৰোনাত আক্ৰান্ত হৈছে। দেশত মৃত্যুমুখত পৰিছে মুঠ ১,৬৩,৩৯৬গৰাকী লোক ।

আনহাতে আজিৰ দিনটোত মহাৰাষ্ট্ৰত ৪৩,১৮৩গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে ২৪৯গৰাকী লোক।

অৱশ্যে ভাৰতৰ বাকী ৰাজ্যৰ তুলনাত অসমত ক’ৰোনাৰ সংক্ৰমণৰ ঘটনা কম। আজিৰ দিনটোত অসমত ৫৮গৰাকী ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুমুখত পৰিছে দুগৰাকী লোক।

You might also like