নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকাৰ কাৰাগাৰত বন্দী নিৰাপত্তাৰক্ষীৰ সংঘর্ষ, নিহত আঠজন

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ শ্রীলংকাৰ এখন কাৰাগাৰত সংঘটিত সংঘর্ষৰ ঘটনাত আঠজন লোক নিহত হোৱাৰ উপৰি অন্য ৫২জন গুৰুতৰভাৱে আহত হৈছে৷

উল্লেখনীয় যে কাৰাগাৰখনৰ বন্দী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত সংঘর্ষৰ ঘটনাই ইতিমধ্যে দ্বীপ ৰাষ্ট্রখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ আৰক্ষীৰ মুখপাত্র অজিত ৰহনাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কাৰাগাৰসমূহত ক’ভিড–১৯ৰ দ্রুত সংক্রমণ ঘটা বিষয়টো লৈ বন্দীসকলে প্রতিবাদ সাব্যস্ত কৰিছিল৷

শীঘ্রে বহু বন্দীয়ে জামিনত মুক্তি দিয়াৰ দাবী জনোৱাৰ উপৰি কাৰাগাৰসমূহত সু–ব্যৱস্থা ৰখাৰ দাবীও কৰিছিল৷ এই প্রতিবাদৰ মাজতেই দেশখনৰ মাহাৰা কাৰাগাৰত বন্দী আৰু নিৰাপত্তাৰ মাজত সংঘর্ষৰ সূত্রপাত ঘটে৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ লাঠীচালনাকে ধৰি কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ পিছত আঠগৰাকী লোক নিহত হোৱাৰ উপৰি অন্য ৫২গৰাকী গুৰুতৰভাৱে আহত হয়৷

You might also like