নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডঃ শনিবাৰে আক্রান্ত ৩৬৫, মৃত ২

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হৈছে যদিও সংক্রমণ এতিয়াও অব্যাহত আছে৷ শনিবাৰৰ দিনটোত ৰাজ্যখনত ৩৬৫জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হয়৷ সেইদৰে ক’ভিডত আক্রান্ত হৈ দুগৰাকী লোকৰ মৃত্যু ঘটে৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি, শনিবাৰে ৰাজ্যখনত ৫৫,৮৬১জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ৩৬৫জনৰ দেহত পজিটিভ ধৰা পৰে৷ শনিবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত সর্বাধিক কামৰূপ মহানগৰ জিলাত ৯৭জন, যোৰহাটত ৩২জন, গোলাঘাটত ২৭জন, বৰপেটাত ২১জন লোক আক্রান্ত হয়৷ দিনটোত আক্রান্তৰ হাৰ ০.৬৫ শতাংশ৷

আনহাতে, শনিবাৰে যোৰহাট আৰু নগাঁও জিলাত এজনকৈ মুঠ দুজন লোকৰ ক’ভিডত মৃত্যু হয়৷ ইপিনে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত শনিবাৰে হাস্পতালৰ পৰা ৪৬৫জন লোকক ৰিলিজ দিয়া হয়৷ শনিবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৩,৭১৬জন৷ ৰাজ্যখনত সুস্থতাৰ হাৰ ৯৮.১৮ শতাংশ৷

You might also like