নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অস্বাস্থ্যকৰ খাদ্য বিক্রী-বেলতলাৰ তিৱাৰী ছুইটছ্ৰ বেকাৰীত ওলাল চুলি

জনস্বাস্থ্যলৈ ভাবুকিঃ নির্বিকাৰ খাদ্য সুৰক্ষা বিভাগ

নিয়মীয়া বাৰ্তা ২১ জুলাইঃ খাদ্য সুৰক্ষা বিভাগৰ বিষয়া–কর্মচাৰীৰ নির্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে জনস্বাস্থ্যলৈ ভাবুকি সৃষ্টি কৰা খাদ্যসামগ্রী বিক্রী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ক’ভিডসৃষ্ট এই জটিল পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰা খাদ্যসামগ্রী বিক্রী কৰি অহাৰ পাছতো বিভিন্ন অজুহাত দেখুৱাই খাদ্য সুৰক্ষা বিভাগে হোটেল–ৰেষ্টুৰেণ্টত অভিযান চলোৱাৰ পৰা বিৰত আছে৷ ইয়াৰ সুযোগ লৈ মহানগৰীৰ হোটেল–ৰেষ্টুৰেণ্টৰ অস্বাস্থ্যকৰ খাদ্য বিক্রী কৰি মুনাফা লুটিছে অসাধু হোটেল–ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকলে৷

শেহতীয়াকৈ বেলতলাৰ তিৱাৰী ছুইটছ্ এণ্ড ৰেষ্টুৰেণ্ট নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনত বিক্রী কৰা বেকাৰীত শিল–মাটি–চুলি আদি সামগ্রী ওলাইছে৷ মঙলবাৰে উক্ত ব্যৱসায়িক প্রতিষ্ঠানখনৰ পৰা এজন যুৱকে ক্রয় কৰা বেকাৰীত চুলি ওলায়৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বেলতলাৰ তিৱাৰী ছুইটছ্ এণ্ড ৰেষ্টুৰেণ্টত প্রস্তুত কৰা মিঠাই কাৰাখানাটো অতি অস্বাস্থ্যকৰ আৰু লেতেৰা পৰিৱেশত আছে৷ দীর্ঘদিন ধৰি অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্রস্তুত কৰি বেলতলাৰ তিৱাৰী ছুইটছ্ৰ স্বত্বাধিকাৰীয়ে গ্রাহকক লুণ্ঠন চলাই আহিছে৷ এয়া এক উদাহৰণহে৷ মহানগৰীৰ বিভিন্ন স্থানত তিৱাৰী ছুইটছৰ দৰে অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই আৰু খাদ্যসামগ্রী প্রস্তুত কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াইছে মহানগৰীৰ হোটেল ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে৷

You might also like