নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰুসজাইত ১৫ দিনৰ ভিতৰতে নির্মাণ হ’ব ক’ভিড চিকিৎসালয়ঃ স্বাস্থ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ১৫ মে’:  ৰাজ্যৰ ক’ভিড আক্রান্ত লোকসকললৈ জৰুৰী সেৱা সুনিশ্চিত কৰিবলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম চৌহদত অহা ১৫ দিনৰ ভিতৰত সাজু কৰি উলিওৱা হ’ব ৩০০খন বিছনাযুক্ত এখন ক’ভিড চিকিৎসালয়৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই শুকুৰবাৰে এই কথা প্রকাশ কৰিছে৷

সৰুসজাই ষ্টেডিয়ামত চিকিৎসালয় নির্মাণৰ প্রস্তুতিৰ বুজ ল’বলৈ উপস্থিত হোৱা মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, কেন্দ্রীয় চৰকাৰৰ অধীনস্থ ডিফেঞ্চ ৰিছার্চ এণ্ড ডেভেলপমেণ্ট অর্গেনাইজেচনে (ডিআৰডিঅ’) অহা ১৫ দিনৰ ভিতৰত এই চিকিৎসালয়খন নির্মাণ কৰি উলিয়াব৷ নতুন চিকিৎসালয়খনত ১০০খন আইচিইউ বিছনা থকাৰ লগতে ২০০খন বিছনা হ’ব অক্সিজেন ব্যৱস্থা থকা৷

উল্লেখ্য যে ইয়াৰ পূর্বে স্বাস্থ্যমন্ত্রীগৰাকীয়ে কালি সোণাপুৰস্থিত জিলা চিকিৎসালয়খন পৰিদর্শন কৰে৷ ক’ভিড চিকিৎসালয় হিচাপে ঘোষণা কৰা সোণাপুৰৰ জিলা চিকিৎসালয়খন পৰিদর্শনকালত মন্ত্রীগৰাকীয়ে চিকিৎসাধীন ক’ভিড আক্রান্তসকলৰ খবৰ লোৱাৰ লগতে চিকিৎসালয়খনৰ আন আন দিশসমূহৰো বুজ লয়৷

You might also like