নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রত জাহ গ’ল তাঁতীমাৰাৰ কেইবাশ বিঘা কৃষিভূমি

নিয়মীয়া বাৰ্তা, ১৫ মে’:  দেশ তথা ৰাজ্যজুৰি মহামাৰী ক’ৰোনাই কালৰূপ ধাৰণ কৰা সময়তে মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰত একেধৰণৰ কালৰূপ ধাৰণ কৰিছে মহাবাহু ব্রহ্মপুত্রই৷ কালৰূপী ব্রহ্মপুত্রৰ কবলত পৰিছে তাঁতীমাৰা নামৰ এখন গাঁও৷ অর্থাৎ প্রবল খহনীয়াৰ কবলত পৰিছে নৈখনৰ দাঁতি কাষৰীয়া এই গাঁওখন৷ ইতিমধ্যে কেইবাশ বিঘা কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ পিছত শেহতীয়াকৈ গাঁওখনকৈ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে তাঁতীমাৰা অঞ্চলৰ দাঁতিৰে বৈ যোৱা ব্রহ্মপুত্র নৈখনে বিগত ২–৩ বছৰ ধৰি ব্যাপক খহনীয়া অব্যাহত ৰাখিছে৷ ইতিমধ্যে যোৱা সময়ছোৱাত ব্যাপক খহনীয়াই নৈপৰীয়া কেইবাহাজাৰ কৃষিভূমি খহাই নিছে নৈখনে৷ ফলত কৃষিকর্ম কৰি জীৱিকা নির্বাহ কৰা শতাধিক পৰিয়াল কর্মহীন হৈ দিন হাজিৰাৰ দৰে কামত নিয়োজিত হ’ব লগা হৈছে৷ তাৰ পিছতো সামান্য পৰিমাণৰ কৃষিভূমি অৱশিষ্ট হিচাপে আছিল যদিও শেহতীয়াকৈ যোৱা কেইদিনমানৰ পৰা পুনৰ ব্যাপক খহনীয়াৰ কবলত পৰিছে৷ যোৱা এটা পষেকত প্রায় ২–৩শ বিঘা খহনীয়াত নৈৰ বুকুত জাহ যোৱাৰ পিছত সম্প্রতি গাঁওখনৰ বসতি অঞ্চলৰ নিচেই কাষ চপা পৰিলক্ষিত হৈছে নৈখন৷

প্রত্যক্ষ কৰা অনুসৰি ঠাইবিশেষে ১০০ৰ পৰা ২০০ মিটাৰ পর্যন্ত দূৰত্বত অৱস্থান কৰি নৈখনে তীব্র গতি গাঁওখনৰ দিশে অগ্রসৰ হোৱা দেখা গৈছে৷ যোৱা কেইদিন ধৰি খহনীয়াৰ প্রবলতা ইমানেই বৃদ্ধি পাইছে যে বৃহৎ বৃহৎ ফাট মেলি চকুৰ পচাৰতে নৈৰ বুকুত জাহ যাবলৈ লৈছে একো একোটা অংশ৷ ফলত গাঁওখনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে নৈখনে৷ খহনীয়াৰ প্রবলতা দেখি বসতিপ্রধান অঞ্চলৰ সীমাত ৰক্ষাকৱচ হিচাপে থকা একমাত্র মথাউৰিৰ প্রতিও একে ভাবুকি অহা পৰিলক্ষিত হৈছে৷ ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী৷ আশ্চর্যকৰ কথা যে কেইবা বছৰ ধৰি অঞ্চলটোত খহনীয়াই ত্রাসৰ সৃষ্টি কৰি আহিছে যদিও চৰকাৰ তথা বান নিয়ন্ত্রণ বিভাগে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷

You might also like