নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈত নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ৬ জুলাই : যোৱানিশা গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৱৰ্তী লেলাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় এখন নৈশ বাছ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে নিশা গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল এ এছ-১৬ এ চি-৩৯৫৯ নম্বৰৰ নৈশ বাছখন আৰু লেলা পোৱাৰ লগে লগে নিশা বাৰ মান বজাত তীব্ৰ বেগী বাছখন নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। ঘটনাৰ খবৰ পোৱাৰ পাছতে দুধনৈ থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত যাত্ৰীসকলক উদ্ধাৰ কৰে। ইপিনে আহত যাত্ৰীসকলক ততালিকে এম্বুলেন্স সেৱাৰে দুধনৈ চিকিৎসালয়ত নিয়াৰ ব্যৱস্থা কৰে।

প্ৰেৰক বেনজিন বড়ো

You might also like