নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মুত ঘগ্ৰাপাৰৰ চিআৰপিএফ জোৱান বিপুল বৰ্মনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ জম্মুত অসমৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত সঠামৌ গাঁও নিৱাসী প্ৰয়াত গিৰীন বৰ্মনৰ পুত্ৰ তথা অৰ্ধসামৰিক বাহিনীৰ জোৱান বিপুল বৰ্মন (৪২)ৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ঘগ্ৰাপাৰত গভীৰ শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফত কৰ্মৰত কনিষ্টবল আছিল বিপুল। কালি দুপৰীয়া চি আৰ পি এফৰ তৰফৰ পৰা জোৱানজনৰ মৃত্যুৰ সংবাদ পৰিয়ালক দিয়াৰ পিছতেই পৰিৱেশ শোকাকুল হৈ পৰে। চি আৰ পি এফ জোৱান বিপুল বৰ্মনে আনদিনাৰ দৰে কালি পুৱাৰ ভাগত পত্নীৰ সৈতে কথা ফোনযোগে কথা পাতিছিল। কিন্তু দিনৰ ১১ মান বজাত চি আৰ পি এফৰ বিভাগীয় বিষয়াৰ তৰফৰ পৰা পৰিয়ালৰ লোকক ফোন কৰি আকস্মিকভাৱে বিপুল মৃত্যুৰ বাতৰি দিয়ে। প্ৰথমে চি আৰ পি এফৰ তৰফৰ পৰা পৰিয়ালক বিপুলক অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি অৱগত কৰা হয় যদিও তাৰ কিছু সময়ৰ পিছতেই মৃত্যুৰ দুঃসংবাদ দিয়ে পৰিয়ালৰ লোকক। জানিব পৰা মতে, কালি পুৱা ঘৰলৈ ফোন কৰাৰ পিছতেই জোৱানজনে শাৰীৰিক কিছু অসুস্থ বুলি জনাইছিল। তেওঁক ততাতৈয়াকৈ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে, কালি দিনৰ ৯.৩০ মান বজাত পত্নীৰ সৈতে শেষবাৰলৈ ফোনযোগে কথা পাতিছিল। উল্লেখ‍্য যে অমায়িক, হাঁহিমুখীয়া বিপুলৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই সমগ্ৰ ঘগ্ৰাপাৰ অঞ্চলত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুই পুত্ৰ সন্তানৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি যায়। ইফালে জোৱানজনৰ মৃতদেহ জম্মুৰ পৰা ঘগ্ৰাপাৰলৈ আনি থকা বুলি জানিব পৰা গৈছে আৰু আজি নিশা নিজ বাসগৃহ আহি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক বীৰেন কলিতা

You might also like