যোৱানিশা মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) সমীৰণ বৈশ্যই এক অভিযান চলাই মৈৰাবাৰীৰ গৰৈমাৰী চাপৰিত পলাই থকা চাইবাৰ অপৰাধী এজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কৰায়ত্ত কৰা চাইবাৰ অপৰাধীজনৰ নাম বাহাৰুম বাছা আলী।
ধৃত চাইবাৰ অপৰাধীজনৰ কবলৰ পৰা আৰক্ষীয়ে এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হৈ থকা ১৮/২০২৪ নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় পলাতক চাইবাৰ অপৰাধীটোক। মৈৰাবাৰী আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ধৃত চাইবাৰ অপৰাধীটোক।
নিয়মীয়া বাৰ্তা, মৈৰাবাৰী, ২৩ জানুৱাৰী :