নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছআৰৰ পিছত ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্রকাশ

🔹 ধুবুৰীত নতুন পৰিচয়েৰে ‘ডি’ ভোটাৰে নাম অন্তৰ্ভুক্ত কৰিলে ভোটাৰ তালিকাত

সদ্যহতে প্রকাশ পোৱা ফটোযুক্ত খচৰা ভোটাৰ তালিকাত ধুবুৰীত মৃত একাংশ লোকৰ নামো সন্নিৱিষ্ট হৈছে৷ আনকি বিবাহৰ পিছত আন ঠাইলৈ যোৱা বহু মহিলাৰ নাম অন্তর্ভুক্ত হৈছে খচৰা তালিকাত৷ ভয়ংকৰ বিষয়টো হ’ল যে জিলাখনৰ বহু ‘ডি’ ভোটাৰেও নতুন নামেৰে নিজৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিছে৷ কালি খচৰা ভোটাৰ তালিকা প্রকাশ কৰি ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে এই বিস্ফোৰক অভিযোগ কৰে৷ ‘ডি’ ভোটাৰে কেনেকৈ তালিকাত নাম অন্তর্ভুক্ত কৰিব পাৰিলে, তাক লৈ উত্থাপিত হৈছে একাধিক অভিযোগ৷ এইক্ষেত্রত বিএলঅ’ৰ ভূমিকা সন্দর্ভতো জিলা উপায়ুক্তক প্রশ্ণ কৰে সাংবাদিকসকলে৷ অৱশ্যে সকলো অভিযোগ পুনৰ পৰীক্ষা কৰা হ’ব বুলি জিলা আয়ুক্তই জানিবলৈ দিছে৷

বিশেষ পুনৰীক্ষণ (এছআৰ)ৰ পিছত প্রকাশ পায় ৰাজ্যৰ ফটোযুক্ত খচৰা ভোটাৰ তালিকা৷ হ’ম টু হ’ম প্রক্রিয়াৰ অন্তত নির্বাচন আয়োগে প্রকাশ কৰা এই খচৰা তালিকাক লৈ উত্থাপিত হৈছে একাধিক অভিযোগ৷ কেইবাখনো জিলাত মৃত একাংশ লোকৰ নাম সন্নিৱিষ্ট হৈছে ভোটাৰ তালিকাত৷ এয়াই নহয়, বিবাহৰ পিছত আন ঠাইলৈ যোৱা একাংশ মহিলাৰ নামো সন্নিৱিষ্ট হৈছে ভোটাৰ তালিকাত৷ নামনি অসমৰ কেইবাখনো জিলাৰ লগতে মধ্য অসমৰো আন কেইবাখনো জিলাত উত্থাপিত এনে অভিযোগৰ মাজতে কালি প্রকাশ পোৱা খচৰা ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে ২,৫২,০২,৭৭৫ ভোটাৰ৷

প্রকাশ পোৱা ভোটাৰ তালিকাত লক্ষণীয়ভাৱে নাম কর্তন হৈছে ৪ লাখ ৭৮ হাজাৰ ৯৯২গৰাকী ভোটাৰৰ নাম৷ খচৰা ভোটাৰ তালিকাত ১,২৫,৭২,৫৮৩জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ’ল ১,২৬,২৮,৬৬২গৰাকী৷ আনহাতে, অন্যান্য ভোটাৰৰ সংখ্যা হ’ল ৩৭৯গৰাকী৷ আয়োগে প্রকাশ কৰা এই তালিকাত বাসস্থান সলনি কৰা ৫,২৩,৬৮০গৰাকী ভোটাৰক চিনাক্ত কৰাৰ বিপৰীতে কেইবাটাও স্থানত নাম থকা ৫৩,৬৯৯গৰাকী ভোটাৰক চিনাক্ত কৰা হৈছে৷ কালি খচৰা প্রকাশৰ পাছত ভোটাৰ তালিকাত নামৰ বিসংগতি তথা অন্যান্য ভুলৰ বাবে ২২ জানুৱাৰীলৈকে দিব পাৰিব ওজৰ–আপত্তি৷ ২ ফেব্রুৱাৰীৰ পূর্বে নিষ্পত্তি হ’ব এই আপত্তিসমূহ৷ আনহাতে, ১০ ফেব্রুৱাৰীত প্রকাশ পাব চূড়ান্ত ভোটাৰ তালিকা৷ তালিকাৰ বিসংগতি সন্দর্ভত ১৯৫০ নম্বৰযোগেও ফোন কৰি অভিযোগ দিব পাৰিব নির্বাচন আয়োগক৷

মন কৰিবলগীয়া যে ৰাজ্যৰ ২৯,৬৫৬গৰাকী বিএলঅ’ আৰু ২,৫৭৮গৰাকী ছুপাৰভাইজৰ, ৬১,৫৩৩গৰাকী বুথ লেভেল এজেণ্টক লৈ প্রকাশ কৰা এই খচৰা ভোটাৰ তালিকাক লৈ উত্থাপিত অভিযোগ সন্দর্ভত নির্বাচন আয়োগে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ :

You might also like