নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰ আৰক্ষীৰ বিয়লিৰ তালাচীক লৈ ক্ষুণ্ণ জনতা

✅ঘন্টা ঘন্টা ধৰি গাড়ীতে আৱদ্ধ ৰোগী-মহিলা-শিশু

✅দিখৌ দলঙৰ বিয়লিৰ তালাচীয়ে সৃষ্টি কৰিছে ভয়ংকৰ যান-জঁটৰ

✅অতীষ্ঠ সাধাৰণ ৰাইজে সামাজিক মাধ্যমত উজাৰিলে ক্ষোভ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰীঃ শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰস্থিত চি আৰ পি এফৰ শিৱিৰত যোৱা ৯ ডিচেম্বৰ তাৰিখে বিয়লী সংঘটিত সন্দেহজনক গ্ৰেণেড বিস্ফোৰণৰ পিছতেই শিৱসাগৰ আৰক্ষী প্ৰশাসনে আৰম্ভ কৰা নিয়মীয়া বিয়লিৰ ধাৰাবাহিক তালাচী অভিযানে ভয়ংকৰ সমষ্যাৰ সৃষ্টি কৰিছে ৷তালাচী অভিযান আৰম্ভ হোৱা এমাহ দহ দিন অতিক্ৰম কৰাৰ পিছতো আপত্তিজনক সামগ্ৰী, বিস্ফোৰকটো বাদেই গজাল এটাও উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱা শিৱসাগৰ আৰক্ষীৰ বিয়লীৰ তালাচী অভিযানে সাধাৰণ ৰাইজক নৰক যন্ত্ৰণা দিয়াক লৈয়েই সৃষ্টি হৈছে এই ক্ষোভৰ৷ ইতিমধ্যে ধৈৰ্য্যৰ সীমা অতিক্ৰম কৰা একাংশ ক্ষোভিত তথা যান-যটত অতীষ্ঠ হোৱা ৰাইজে সামাজিক মাধ্যমতেই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷কেৱল বিয়লীহে এই তালাচী অভিযান কিয়, উগ্ৰপন্থী বিয়লী শিৱসাগৰলৈ আহে নে কি ইত্যাদি তীৰ্য্যক প্ৰশ্নৰে সামাজিক মাধ্যমৰ পেজ ভৰাই তুলিছে ৷শিৱসাগৰ আৰক্ষীৰ তালাচী অভিযানৰ ফলত পৰিস্থিতি ইমানেই অসহনীয় হৈ পৰিছে যে ঘন্টা ঘন্টা ধৰি ৰোগী, মহিলা, শিশুৱে গাড়ীৰ ভিতৰতেই আৱদ্ধ হব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ উল্লেখ্য যে, বিগত প্ৰায় চাৰিটা বছৰ ধৰি শিৱসাগৰত নাছিল কোনো তালাচী অভিযান ৷বিপৰীতে চোৰাংচোৱাৰ তথ্য আৰু মবাইল ট্ৰেকিং পদ্ধতিৰে নিদিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই ড্ৰাগছ, সুৰা, বিস্ফোৰক, চুৰি সামগ্ৰীৰ লগতে উগ্ৰপন্থীৰ সদস্য আটক কৰি আহিছিল৷ সম্পুৰ্ণ আধূনিক আহিলা পাতিৰে সক্ষম অসম আৰক্ষীয়ে কৌটিকলীয়া তালাচী অভিযানৰ পৰিৱৰ্তে নিদিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাই সফলতা অৰ্জন কৰাৰ লগতে সাধাৰণ নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হোৱা নাছিল ৷কিন্তু বিগত ৯ ডিচেম্বৰৰ গ্ৰেণেড বিস্ফোৰণৰ পিছতেই আৰম্ভ হোৱা শিৱসাগৰ আৰক্ষীৰ দিখৌ দলঙৰ সমীপত স্থাপন কৰা তালাচী অভিযান সাধাৰণ ৰাইজৰ বাবে যন্ত্ৰণাৰ অন্য এক নাম হৈ পৰিছে ৷শিৱসাগৰেই নহয় সমগ্ৰ অসমৰ ভিতৰতেই অ-বিজ্ঞানসন্মত তথা বিপজ্জনক দলঙৰ হেলনীয়া অংশ হিচাবে পৰিচিত দিখৌ দলঙৰ নামনিৰ অংশতেই আৰম্ভ কৰিছিল তালাচী অভিযান ৷নামনিৰ অংশত তালাচী চলোৱাৰ ফলত সৃষ্টি হোৱা চাৰিৰ পৰা পাঁচ কিলোমিটাৰ দৈঘ্যৰ অভাৱনীয় যান-জঁট আৰু হেলনীয়া অংশত শাৰী পাতি ওপৰলৈ উঠা তিনি চকীয়া চাৰিচকীয়া বাহন সমুহে অতি মন্থৰ গতি আৰু মন্থৰ গতিৰ বাবে ইঞ্জিন বন্ধ হৈ যোৱাৰ ফলত ইখন বাহনে সিখন বাহনত খুণ্ডা লাগি ক্ষতি গ্ৰস্থ হোৱাতো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে ৷ইফালে তালাচীৰ নামত কেৱল ডিকি খুলি পৰীক্ষা কৰাৰ বাদে আন একোৱেই শৰীৰ তালাচী নকৰে ৷যাৰ বাবে ক্ষোভিত ৰাইজে এইয়া কেনেধৰণৰ তালাচী বুলি প্ৰশ্ন কৰাৰ লগতে তালাচীৰ নামত চমক বুলিহে প্ৰশ্ন উত্থাপন কৰিছে ৷আনহাতে শিৱসাগৰ আৰক্ষীৰ বিয়লীৰ নিয়মীয়া তালাচী অভিযানৰ ফলত দুই বা তিনি ঘন্টা অতিক্ৰম কৰোতে এখন যাত্ৰীবাহি অথবা মালবাহি বাহনক দুঘন্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হৈছে ৷পৰিণতিত এই দুঘন্টাৰ পথ অতিক্ৰম কৰোতে সাধাৰণ চাৰিচকীয়া এখন বাহনে দুশটকাতকৈও অধিক টকাৰ অতিৰিক্ত ইন্ধন ব্যয় কৰিব লগীয়া হৈছে ৷একে সময়তে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে বেংকৰ ঋণ লৈ ক্ৰয় কৰা চাৰিচকীয়া – তিনি চকীয়া বাণিজ্যিক বাহনৰ গৰাকী সকলে ৷সামগ্ৰী বোজাই কৰি বিয়লীৰ ভাগত এবাৰ জয়সাগৰৰ দিশে ভাড়া লৈ আহিলে নিশাহে ঘৰলৈ ঘুৰি যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷স্মৰ্তব্য যে, শিৱসাগৰ চহৰৰ মাজমজিয়াৰ পৰা প্ৰতিদিনেই নজৰ ফকীৰ, নেমু, চবেৰ আলি হতে হাজাৰ হাজাৰ টকাৰ ড্ৰাগছ গ্ৰাম্য অঞ্চল সমুহলৈ সৰৱৰাহ কৰিয়েই আছে যদিও তালাচী আৰম্ভ হোৱা এমাহ অতিক্ৰম কৰাৰ পিছতো এটাও কন্টেইনাৰ, সুৰাৰ বটল উদ্ধাৰ নোহোৱাৰ ঘটনাই ৰাইজক আচৰিত কৰি তুলিছে ৷সচেতন মহলে জনসাধাৰণক হাৰাশাস্তি নকৰাকৈ নিদিষ্ট তথ্যৰ ভিত্তিত অভিযান চলাবলৈ জিলা আৰক্ষী প্ৰশাসনৰ প্ৰতি আহব্বান জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like