নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ দয়ানন্দ পাঠকৰ আত্মকথা “এ হীপ অফ ব্ৰোকেন ইমেজেছ” উন্মোচন

বিশেষ বাৰ্তা, ১৭ জানুৱাৰী : বিশিষ্ট শিক্ষাবিদ তথা সমালোচক ড০ দয়ানন্দ পাঠকৰ ইংৰাজী আত্মকথা “এ হীপ অফ ব্ৰোকেন ইমেজেছ”খন আজি গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। ড০ পাঠকে বিগত সাতটা দশক ধৰি জীৱন- জগত সম্পৰ্কে অৰ্জন কৰা অভিজ্ঞতাৰ বিভিন্ন দিশ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে। ফলত গ্ৰন্থখন এখন আত্মকথা হৈয়ো সমাজৰ এখন দাপোণ হিচাপে চিহ্নিত হৈছে। দেউতাকৰ চাকৰিসূত্ৰে আমিনগাঁৱত জন্মগ্ৰহণ কৰা ড০ পাঠকে সেই সময়ৰ আমিনগাঁৱৰ সমাজ জীৱন আৰু বৰ্তমানৰ ৰূপান্তৰ সম্পৰ্কে সুন্দৰ আলোচনা কৰিছে। আত্মকথাখনত তেওঁ বৰপেটাৰ এম চি কলেজৰ অভিজ্ঞতা, কটন কলেজৰ স্মৃতি আৰু কটনত লগপোৱা কৃতী শিক্ষকসকলৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ কথা মনোগ্ৰাহীকৈ আলোচনা কৰিছে। তেওঁ অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে পোৱা অভিজ্ঞতা আৰু পাছত এই চাকৰি এৰি পুনৰ অধ্যাপনাকে জীৱনৰ ব্ৰত হিচাপে লোৱাৰ আঁৰৰ বিভিন্ন দিশ উল্লেখ কৰিছে। ইয়াৰ উপৰি সাম্প্ৰতিক সময়ত অসমৰ বুদ্ধিজীৱীৰ ভয়-শংকা, শ্বেইক্সপীয়েৰৰ ‘হেমলেট’ অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়া হিচাপে নিজক পৰিচয় কৰি দিয়া, হাজোৰ সুৰেন দাস কলেজৰ চাকৰি এৰি অহা আৰু প্ৰাগজ্যোতিষ কলেজৰ পৰা অৱসৰ গ্ৰহণৰ দিনা পোৱা মনোকষ্টৰ কথা, পেঞ্চনৰ বকেয়া নোপোৱাত চৰকাৰক সেই ধন দান দিয়া বুলি চিঠি লিখা, বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰাৱস্থাত কটন কলেজ এৰি আহি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুৰেন দাস কলেজৰ পৰা দিয়াৰ কথা, পিএইছডিৰ নামত চলা ভণ্ডামি, এলাহাবাদ বিশ্ববিদ্যালয়ত পিএইছডি কৰাৰ অভিজ্ঞতা আদি ভালেমান তথ্যই আত্মকথাখনত স্থান পাইছে। চৰকাৰৰ দুৰ্নীতিৰ কথা লিখি কিদৰে চৰকাৰী শাসক যন্ত্ৰৰ আক্ৰোশৰ বলি হ’ব লগা হৈছিল, বিদেশী নাগৰিকৰ সমস্যাৰ কথা আলোকপাত কৰা আদি আন বহুতো কথা গ্ৰন্থখনত উন্মোচিত হৈছে। গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ অসম বুক হাইভে। গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট পৰিৱেশ বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে কয় যে আমাৰ অসমীয়া সাহিত্যত আত্মকথা বিষয়ক সাহিত্য বৰ কম। তেওঁ আৰু কয় যে ড০ পাঠকৰ এই আত্মকথাখন আচলতে জীৱন দ্বীপৰ এখনি ভগ্ন চিত্ৰ স্বৰূপ। সভাত বিশিষ্ট অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য, দ্য নিউজ প্লাছৰ চেয়াৰমেন তথা পৰিচালন সঞ্চালক অনিৰ্বাণ দাসে কয় যে ড০ দয়ানন্দ পাঠকৰ আত্মকথাখনে পাঠক সমাজক তেওঁৰ ব্যক্তিগত জীৱনৰ ঘাত প্ৰতিঘাতৰ লগতে তেওঁৰ সমাজ বীক্ষণৰ বিভিন্ন দিশৰ সম্ভেদ দিব বুলি আশা প্ৰকাশ কৰে। আৰম্ভণিতে ৰচয়িতা ড০ পাঠকে গ্ৰন্থখন লিখাৰ আঁৰত কথা ব্যক্ত কৰে। অনুষ্ঠানত দ্য নিউজ প্লাছৰ সাংবাদিক কমলেশ বৰ্মন, বংকিম বৰঠাকুৰ, অভিজিত কলিতা, পলাশজ্যোতি গগৈ আৰু কৌশিক কুমাৰ ডেকা উপস্থিত থাকে।

প্ৰেৰক দিলীপ মেধি

You might also like