নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তৰ্ৱৰ্তীকালীন জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ত মুখথেকেচা চিছ’দিয়াৰ

বিশেষ বাৰ্তা, ৫ জুনঃ দিল্লী উচ্চ ন্যায়ালয়ত মুখথেকেচা মনীষ চিছ’দিয়াৰ। দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে চিছ’দিয়াৰ জামিন আবেদন। মনীষ চিছ’দিয়াই দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা ৬ সপ্তাহৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন আপীল কৰিছিল যদিও উচ্চ ন্যায়ালয়ে নাকচ কৰিছে। এই সন্দৰ্ভত মন্তব্য কৰি আদালতে কয় যে মনীষ চিছ’দিয়া যি পদত আছে, সেই পদত তেওঁ সাক্ষী আৰু প্ৰমাণক প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে। আবকাৰী নীতিৰ কথিত কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত আম আদমি পাৰ্টীৰ নেতা মনীষ চিছ’দিয়াৰ ছয় সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন সন্দৰ্ভত সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্দেশ ঘোষণা কৰে। অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন সন্দৰ্ভত ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাৰ আদালতে ৰায় দিয়ে। অসুস্থ পত্নীৰ একমাত্ৰ তত্ত্বাৱধায়ক বুলি দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে অন্তৰ্ৱৰ্তীকালীন জামিন বিচাৰিছিল। এই গোচৰৰ নিয়মীয়া জামিনৰ বাবে চিছ’দিয়াৰ আবেদন উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। এই গোচৰত যোৱা ৯ মাৰ্চত গ্ৰেপ্তাৰ হোৱা চিছ’দিয়াক তিহাৰ কাৰাগাৰত ৰখা হৈছে। শনিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে চিছ’দিয়াৰ ছয় সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত নিৰ্দেশ সংৰক্ষণ কৰি চিছ’দিয়াৰ পত্নীৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত এলএনজেপি হাস্পতালৰ পৰা প্ৰতিবেদন বিচাৰিছিল। উচ্চ ন্যায়ালয়ৰ অনুমতি লৈ শনিবাৰে তিহাৰ কাৰাগাৰৰ পৰা নিজৰ ঘৰত উপস্থিত হৈ অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ মনীষ চিছ’দিয়াই আহিছিল যদিও দুয়োজনে সাক্ষাৎ কৰিব নোৱাৰিলে। আম আদমি পাৰ্টীৰ সূত্ৰই জনোৱা মতে, স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে চিছ’দিয়াৰ পত্নীক চিকিৎসালয়লৈ নিবলগীয়া হৈছিল, যাৰ বাবে দুয়োজনে লগ হ’ব পৰা নাছিল। পিছত চিছ’দিয়াই নিজৰ বাসগৃহৰ পৰা তিহাৰ জেললৈ উভতি আহে। ন্যায়াধীশ দীনেশ কুমাৰ শৰ্মাই তিহাৰ কাৰাগাৰৰ অধীক্ষকক নিৰ্দেশ দিছিল যে চিছ’দিয়াক তেওঁৰ বাসগৃহলৈ লৈ যায়, য’ত তেওঁক পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ পত্নীক লগ কৰিবলৈ দিয়া হ’ব।

You might also like