নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনোৰঞ্জনধৰ্মী চেনেল ‘ৰং’ত আজিৰে পৰা ৰাগ-অনুৰাগৰ সম্প্ৰচাৰ

বিশেষ বাৰ্তা, ৫ জুনঃ এৰা, আমাৰ সমাজ জীৱন তেজীমলাৰ দুখত আজিও ম্রিয়মাণ৷ নহ’বই বা কিয়? এগৰাকী পাটগাভৰু তেজীমলাই মাহীমাকৰ অত্যাচাৰত মৃত্যুবৰণ কৰিলে৷ স্বাভাৱিকভাৱেই সকলোৰে দুখ উথলি উঠিব৷ মাহীমাক শব্দটোৱেই যেন সকলোৰে বাবে এক ঘৃণাৰ পাত্র৷ এয়া অকল অসমৰ সমাজ জীৱনৰ কথা নহয়৷ বিশ্বৰ প্রতিখন সমাজ ব্যৱস্থাত যুগে যুগে এই চৰিত্রটোৱে নেতিবাচক ভূমিকা গ্রহণ কৰি আহিছে৷ ৰামায়ণৰ যুগত মাহীমাক কৈকেয়ীৰ প্রৰোচনাত পৰি ৰাম চৈধ্য বছৰ বনবাসত থাকিবলগা হৈছিল৷ অকল মাহীমাকেই নহয়, তেওঁৰ সন্তানকেইটিয়ো সমাজৰ লাঞ্ছনা ভোগ কৰিব লগা হয়৷ তেওঁলোকৰ এটাই দোষ সতিনীয়েকৰ সন্তান৷ কিমান আৱেগ, কিমান অনুৰাগ ঢালি দিলে এগৰাকী নাৰীয়ে এহ নিষ্ঠুৰ চৰিত্রটোৰ কলংকৰ দাগ আঁতৰাব পাৰিব? সমাজক ভাবিবলৈ বাধ্য কৰাব পাৰিবনে? মাহীমাক মানেহ হিংসুক, নিষ্ঠুৰ চৰিত্র নহয়৷ সলনি হ’বনে সমাজৰ এহ নেতিবাচক দৃষ্টিকোণ? মনোৰমাৰ হাতত মৃত্যুৰ আগমুহূর্তত বান্ধৱীয়ে তুলি দিলে চাৰি বছৰীয়া ৰূপমক৷ এসময়ত ৰূপমৰ বাবেই মনোৰমাই নিজৰ প্রেম–ভালপোৱাক বিসর্জন দি ৰূপমৰ পিতৃ ভৱানন্দ দাসৰ লগত বিয়াত বহিল৷ বিয়াৰ পাছত তিনি কন্যা সন্তানৰ মাতৃ হ’ল মনোৰমা৷ কিন্তু ৰূপমৰ মাকক দিয়া প্রতিশ্রুতি আৰু সমাজে নিন্দা কৰাৰ ভয়ত ৰূপমৰ মাজতে জীৱনৰ সকলোখিনি উজাৰি দিলে৷ নিজৰ কন্যা দর্শনা, ভাবনা আৰু কস্তুৰীক মৰম কৰিবলৈও ভয়৷ সমাজে কিজানি অন্য দৃষ্টিৰে চায়৷ তথাপি ঘৰখনত কোনো অশান্তিৰ সৃষ্টি হোৱা নাছিল৷ মৰম–চেনেহ, মিলাপ্রীতিৰে আগবাঢ়ি যোৱা ঘৰখনত এসময়ত আডল লাগিল৷ ৰূপমৰ পত্নী নয়না আহি ৰূপম আৰু মনোৰমাৰ সম্বন্ধত প্রশ্ন তুলিলে৷ মাহীমাক কেতিয়াও মাক হ’ব নোৱাৰে৷ মাহীমাকৰ সন্তানো কেতিয়াও আপোন হ’ব নোৱাৰে৷ এনে এক সংঘাতময় পৰিৱেশত মানসিক অশান্তিত মনোৰমাৰ স্বামী ভৱানন্দ দাসে এই সংসাৰৰ পৰা বিদায় ল’লে৷ ৰূপমৰ সংসাৰৰ শান্তিৰ স্বার্থত তিনিজনী ছোৱালীক লৈ ভাৰাঘৰত থাকিবলৈ ল’লে৷ ঘৰ এৰি যোৱাৰ পাছতো মনোৰমাৰ ৰূপমৰ প্রতি কোনো অভিযোগ নাছিল৷ আনহাতে, মনোৰমাৰ জ্যেষ্ঠ কন্যা দর্শনাৰ লগত নবৌৱেক নয়নাৰ ভায়েক প্রান্তনুৰ লগত প্রেমৰ সম্পর্ক গঢ় লৈ ডঠিছিল৷ কিন্তু নয়না আৰু প্রান্তনুৰ নবৌয়েক শান্তনু দত্তৰ পত্নী স্মিতাই প্রান্তনু আৰু দর্শনাৰ এহ সম্পর্কত বিৰোধিতা কৰিলে৷ মনোৰমাহ ঘৰখনৰ শান্তিৰ স্বার্থত দর্শনাক প্রান্তনুৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰালে৷ মাকে কৰা উপেক্ষা আৰু অৱহেলাৰ বাবে ভাবনা আৰু কস্তুৰী নিজে সিদ্ধান্ত লৈ ঘৰৰ পৰা আঁতৰি আহিল৷ নয়নাৰ ককায়েক শান্তনু দত্তৰ পত্নী স্মিতাৰ লগত আছিল এক তিক্ততাময় সম্পর্ক৷ কাৰণ কেৱল দত্ত পৰিয়ালৰ সম্পত্তিৰ বাবে শান্তনু দত্তৰ লগত বিবাহত বহিছিল৷ কোনোদিনেই সন্তান জন্ম দিবৰ বাবে হচ্ছুক নাছিল স্মিতা৷ হয়াৰো এটা আছিল ৰহস্যময় অতীত৷ দত্ত পৰিয়ালৰ সকলো সম্পত্তি নিজৰ নামত কৰি লোৱাৰ বাবে অনবৰতে ষড়যন্ত্র ৰচনা কৰিছিল৷ এনেকৈ বহু সংঘাতপূর্ণ ঘটনাৰ মাজেৰে শেষত মিলনাত্মকভাৱে কাহিনীৰ পৰিসমাপ্তি ঘটিছে৷ নাট্যকাৰ জিণ্টু ভট্টাচার্যৰ মূল কাহিনী ৰাগ অনুৰাগৰ আলমত কাহিনীৰ বর্ধিত ৰূপ, চিত্রনাট্য আৰু সংলাপ ৰচনা কৰিছে জ্ঞান বৰুৱাই৷ ধাৰাবাহিকখনৰ পৰিচালনাৰ গুৰুভাৰ গ্রহণ কৰিছে নৱপ্রজন্মৰ এজন সুদক্ষ পৰিচালক নানান পাচনীয়ে৷ পৰিচালকক সহায় কৰিছে মুখ্য সহঃ পৰিচালক হিচাপে সিদ্ধার্থ শংকৰ নাথ আৰু সহঃ পৰিচালক প্রাঞ্জল হালৈয়ে৷ ধাৰাবাহিকখনত জুৰি শর্মা, অতুল পাচনী, হীৰা নেওগ, প্রাণকৃষ মহন্ত, নৱ বৰুৱা, ৰূপম বৰুৱা, ধৰিত্রী জুমি কলিতা, অৰূপ বৰা, অনন্যা পাচনী, জ্যোতি ভূঞা, নীলা শহকীয়া, মধুগ্মিতা দিহিংগীয়া, ওৱেছিছ তালুকদাৰ, জিয়া শর্মা, অনাবিল মহন্ত, ধীৰাজ মজুমদাৰ, ৰাগিণী কৌশিক, ৰাজলক্ষী দিহিংগীয়া, অপূর্ব বর্মন আদি অভিজ্ঞতাৰে পৰিপুষ্ট আৰু বহুকেইজন অভিনেতা–অভিনেত্রীয়ে অভিনয় কৰিছে৷ ধাৰাবাহিকখনত কার্যবাহী প্রযোজক দীপক বৰা আৰু প্রডাকচন ডিজাহনত অণিমা পাচনী৷ প্রযোজনা ভৰত কলিতা আৰু সহঃ প্রযোজনা ৰীণা কলিতা৷ গুৱাহাটীৰ আশে–পাশে বিভিন্ন লোকেচনত দৃশ্যগ্রহণ কৰিছে ভাস্কৰ শর্মাহ৷ আৱহ সংগীত পৰাগ প্রিয়ম নাথৰ৷ সম্পাদনা কৰিছে শ্যামল দাসে ষ্টুডি কেনভাচত৷ ৰাগ অনুৰাগ এই সুন্দৰ ধাৰাবাহিকখন অসমৰ আটাহতকৈ মনোৰঞ্জনধর্মী জনপ্রিয় চেনেল ৰঙত আজিৰ পৰা সন্ধিয়া ৯ বজাত প্রতি সোমবাৰৰ পৰা শনিবাৰলৈকে সম্প্রচাৰ হ’ব৷

You might also like