নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিস্ফোৰক ঢ়েকীয়াজুলিৰ ভৰাশিঙৰী গৰুডুবাত সেনাৰ ফ্লেগমার্চ–সান্ধ্য আইন

হৰগৌৰী দেৱালয়লৈ যোৱা হিন্দুক ধর্মীয় সংখ্যালঘুৱে আক্রমণ কৰাক লৈ অব্যাহত উত্তেজনা

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ শোণিতপুৰৰ ঠেলামৰাৰ ভৰাশিঙৰীত বুধবাৰে বজৰং দলৰ ৰেলীক কেন্দ্র কৰি দুই পক্ষৰ মাজত হোৱা সংঘাতৰ ভয়ংকৰ পৰিণতিত জ্বলিছিল এখন মেক্সিম’ গাডীৰ লগতে ৮খন বাহন৷ অনির্দিষ্টকাললৈ সান্ধ্য আইন বলৱৎ কৰিছিল শোণিতপুৰ জিলা প্রশাসনে৷ বৃহস্পতিবাৰে  ঠেলামৰাৰ ভৰাশিঙৰী আৰু গৰুডুবা অঞ্চলত সেনাৰ বৃহৎ দলে ফ্লেগমার্চ কৰাৰ পাছত পৰিস্থিতি নিয়ন্ত্রণাধীন হৈ আছে৷ উল্লেখ্য যে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ লগত সংগতি ৰাখি বুধবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাৰ গৰুডুবাত একাংশ ভক্তৰ লগতে বজৰং দলে উলিয়াইছিল এক বাইক ৰেলী৷ এই বাইক ৰেলী গৰুডুবাৰ চুটি পাহাৰস্থিত হৰগৌৰী দেৱালয়ৰ দিশে গৈছিল৷বজৰং দলৰ একাংশ সদস্য মন্দিৰলৈ ৰেলী কৰি যোৱাৰ সময়ত উচ্চস্বৰে এখন গাডীত সংগীত বজোৱা আৰু জয় শ্রীৰাম ধ্বনি দিয়াৰ পাছতেই একাংশ সংখ্যালঘু লোকৰ সৈতে সংঘাত সৃষ্টি হৈছিল৷ সংখ্যালঘু লোকৰ আক্রমণত কেইবাজনো বজৰং দলৰ কর্মী আহত হয়৷ দৃষ্কৃতিকাৰীয়ে ৯খনকৈ বাহন জ্বলাই ধ্বংসপ্রাপ্ত কৰে৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে কালি নিশা শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়৷ একাংশ দুষৃকতিকাৰীয়ে শোণিতপুৰ জিলা উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিঙৰ বাহনতো শিল নিক্ষেপ কৰাৰ লগতে ঢ়েকীয়াজুলি ৰাজহ চক্র বিষয়া কমলজ্যোতি বৰাৰ গাডী বাঁহেৰে মৰিয়াই ভাঙে৷ঘটনাক কেন্দ্র কৰি সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ নিশা আৰক্ষীয়ে শূন্যলৈ কেইবাজাঁই গুলীচালনাও কৰে৷ বর্তমান জিলা প্রশাসনে অঞ্চলটোত সেনাৰ ফ্লেগমার্চ কৰি অনির্দিষ্টকাললৈ সান্ধ্য আইন জাৰি ৰাখিছে৷

বৃহস্পতিবাৰে বৰছলা সমষ্টিৰ ঠেলামৰাৰ গৰুডুবাৰ ঘটনাস্থলী পৰিদর্শন কৰি অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিঙে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত জনায়– ‘কালি সংঘটিত ঘটনাত এখন মেক্সিম’ গাডী আৰু আঠখন মটৰচাইকেল জ্বলাই দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ এই ঘটনাত আঘাতপ্রাপ্ত হৈছে ১৪জনমান লোক৷ এই আঘাতপ্রাপ্ত লোকসকল বর্তমান সংকটমুক্ত৷ মই শোণিতপুৰৰ আৰক্ষী অধীক্ষক আৰু ডি আই জিৰ লগত একেলগে ভৰাশিঙৰী আৰু গৰুডুবা পৰিদর্শন কৰিছোঁ৷ আইন–শৃংখলা পৰিস্থিতি যাতে বিঘ্ণিত নহয়, তাৰ বাবে ঠেলামৰা আৰু ঢ়েকীয়াজুলি অঞ্চলত ১৪৪ ধাৰাৰ লগতে সান্ধ্য আইন জাৰি কৰা হৈছে৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আজি সান্ধ্য আইন বাহাল থাকিব৷ সমগ্র ঘটনা সন্দর্ভত তিনিটা গোচৰ ৰুজু কৰা হৈছে ৷ এটা ভৰাশিঙৰীত ভক্তক আক্রমণ আৰু বাইক জ্বলোৱা, আনটো গৰুডুবাত মেক্সেম’ গাডীৰ লগতে তিনিখন বাইক জ্বলোৱা আৰু এটা হ’ল আৰক্ষী প্রশাসনৰ গাড়ী ভঙা৷আমি ভিডিঅ ফুটেজ চাই এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিম৷ শোণিতপুৰৰ আৰক্ষী অধীক্ষক আৰু ডি আই জিক এই সন্দর্ভত ব্যৱস্থা গ্রহণৰ বাবে নির্দেশ দিয়া হৈছে৷’ জি পি সিঙে লগতে কয় যে অসম হৈছে সমন্বয় আৰু সম্প্রীতিৰ মিলনভূমি৷ অসমত এনেধৰণৰ ঘটনা কেতিয়াও গ্রহণযোগ্য নহয়৷ আনহাতে, যিসকল ভক্তই কালি বাইক সমদল কৰি হৰগৌৰী মন্দিৰলৈ গৈছিল, সেইসকলে আৰক্ষী প্রশাসনৰ পৰা কিবা অনুমতি লৈছিল নে নাই, এই সন্দর্ভত সাংবাদিকে কৰা প্রশ্নৰ উত্তৰত উচ্চপদস্থ বিষয়াগৰাকীয়ে কয়– আমি এই সন্দর্ভত তদন্ত কৰি আছোঁ৷ তদন্তৰ পাছতহে সকলো কথা ক’ব পৰা যাব৷ আনহাতে, বৰছলা সমষ্টিৰ ঠেলামৰাৰ গৰুডুবা আৰু ভৰাশিঙৰীৰ ঘটনাস্থলীত উপস্থিত হৈ বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে জনায় যে বর্তমান পৰিস্থিতি নিয়ন্ত্রণাধীন আৰু শান্তিপূর্ণ৷সমগ্র ঘটনাৰ বাবে বিধায়কগৰাকীয়ে আক্রমণকাৰীক তীব্র গৰিহণা দিয়ে৷ তেওঁ কয় যে কালি এটা পৱিত্র দিনত শান্তিপূর্ণভাৱে একাংশ ভক্তই সমদল কৰি মন্দিৰলৈ যাওঁতে যিসকলে আক্রমণ কৰিছে, তাক এচামে সাম্প্রদায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে৷ এই ঘটনাত কোন জড়ি হৈ আছে, দেশী নে বাংলাদেশী আমি চিনাক্ত কৰিব লাগিব৷ লগতে বিধায়কজনে কয় যে ভৰাশিঙৰীৰ হৰগৌৰী মন্দিৰৰ ঘটনাস্থলী ওচৰত বর্তমান ৬ হাজাৰমান লোকে বাস কৰি আছে৷ ইয়াৰ ভিতৰত দুশৰ পৰা চাৰিশমানহে ভোটাৰ আছে৷ গতিকে বাকীসকল লোক ক’ৰ, তেওঁলোকৰ সংস্থাপন কি, ক’ৰ পৰা আহিছে, সেয়া সম্পূর্ণ সন্দেহজনক৷ এইসকলৰ ভিতৰত কোন ভাৰতীয় নাগৰিক, কোন নহয় সকলো সন্দেহৰ বিষয়৷ গতিকে সন্দেহজনক লোক থাকিলে অসামাজিক কাম–কাজ বৃদ্ধি পায়, আইন–শৃংখলা পৰিস্থিতি বিঘ্ণিত হয়৷গতিকে আমি এই সন্দেহযুক্ত নাগৰিকসকলৰ বসতিস্থলসমূহ উচ্ছেদ কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীৰে আলোচনা কৰিছেছা বুলি জনায় বিধায়ক গণেশ কুমাৰ লিম্বুৱে৷ ইফালে ৰাম মন্দিৰ নির্মাণৰ বাবে ১৯৯০ চনতেই কৰ সেৱকৰ দায়িত্ব পালন কৰা ঢ়েকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালে ঠেলামাৰাৰ গৰুডুবাৰ ঘটনাৰ বুজ লৈ কয় যে কালি ৰামভক্তৰ ওপৰত যি আক্রমণ সংঘটিত হ’ল, ইয়াৰ উচিত শাস্তি আক্রমণকাৰীয়ে পাবই লাগিব৷ বৰছলাৰ বিধায়ক গণেশ লিম্বুৰ নেতৃত্বত ঢ়েকীয়াজুলি আৰু বৰছলাৰ পৰা শীঘ্রেই এটা প্রতিনিধি দল অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ওচৰলৈ যাব আৰু একাংশ বেদখলকাৰীয়ে এই ঘটনা সংঘটিত কৰাৰ পাছত সেইসকলৰ বিৰুদ্ধে উচ্ছেদৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীক আহ্বান জনাব বুলি কয় বিধায়ক সিংহলে৷

You might also like