নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাজমা থেৰাপীৰে ক’ৰোনামুক্ত বিধানসভাৰ উপাধ্যক্ষ আমিনুল লস্কৰ

ৰাজ্যত অপৰিৱর্তিত ক’ভিড সংক্রমণঃ বিধানসভাৰ ১১জনকৈ কর্মচাৰী পজিটিভ

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ ৰাজ্যৰ পৰিস্থিতি অধিক জটিল কৰি প্রতিদিনে অব্যাহত আছে ক’ৰোনাৰ সংক্রমণ৷ ব্যাপক প্রতিৰোধমূলক ব্যৱস্থা, লকডাউনৰ পাছতো আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ ৫০ হাজাৰ অতিক্রম কৰিছে৷ এনে প্লাজমা থেৰাপীৰে ক’ৰোনামুক্ত বিধানসভাৰ উপাধ্যক্ষ আমিনুল পৰিস্থিতিৰ মাজতে এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও ক্রমাগতভাৱে বাঢ়ি আছে৷ যোৱা ২৪ ঘণ্টাত পুনৰ ৫জন লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ মৃত্যু হোৱা লোককেইজন হ’ল কৰিমগঞ্জ জিলাৰ আছাবউদ্দিন (৫০), ছেণ্টুলাল সাহা (৭০), ডিব্রুগড় জিলাৰ মনোৰঞ্জন পাল (৬৩), তিনিচুকীয়া জিলাৰ ৰামচুৰট গোৱালা (৭৭) আৰু কামৰূপ মহানগৰ জিলাৰ ধীৰেন কলিতা (৫৫)৷ ইয়াকে লৈ ৰাজ্যত ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১২৬লৈ বৃদ্ধি পালে৷ ইফালে ৰাজ্যত ২৪ ঘণ্টাত ২,৩৭২গৰাকী লোক আক্রান্ত হিচাপে চিনাক্ত হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটযোগে প্রকাশ কৰা অনুসৰি আক্রান্ত এইসকলৰ ভিতৰত আছে কামৰূপ মহানগৰ জিলাৰ ৪৭০গৰাকী, নগাঁও জিলাৰ ১৯৭গৰাকী, কাছাৰ জিলাৰ ১৬৩গৰাকী, ডিব্রুগড় জিলাৰ ১৮২গৰাকী, তিনিচুকীয়া জিলাৰ ১২২গৰাকী আৰু যোৰহাট জিলাৰ ১০৪গৰাকী লোক আছে৷ এই সংখ্যাক লৈ ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা হৈছেগৈ ৫২,৮১৭গৰাকী৷ লক্ষণীয়ভাৱে বৃহস্পতিবাৰে ৫৫,৬৭১গৰাকী লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হয়৷ আক্রান্তৰ হাৰ হ’ল ৪.২৫ শতাংশ৷ আনহাতে বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হোৱা ১,৩৩২ গৰাকী ৰোগীক ৰিলিজ দিয়া হয়৷ এতিয়ালৈ মুঠ ৩৭,২২৪ গৰাকী লোক ক’ৰোনামুক্ত হৈছে৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ১৫,৪৬৪ গৰাকী লোক৷
প্লাজমা থেৰাপীৰে ক’ৰোনামুক্ত বিধানসভাৰ উপাধ্যক্ষ আমিনুল লস্কৰ
জটিল পৰিস্থিতিৰ সৃষ্টি কৰি ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যাই ৫০ হাজাৰ অতিক্রম কৰাৰ সময়তে এই ৰোগৰ পৰা মুক্ত হৈ ঘৰলৈ উভতিছে বহু লোক৷ বুধবাৰৰ দিনটোলৈ ৰাজ্যত মুঠ ৩৫,৮৯২জন লোক ক’ৰোনামুক্ত হৈছে৷ শংকাজনক পৰিস্থিতিৰ মাজতে স্বাস্থ্য বিভাগলৈ সুখবৰ কঢ়িয়াই আনি আৰোগ্য লাভ কৰা এইসকল লোকৰ মাজত আছে ৭০ আৰু ৮০ৰ ঊর্ধ্বৰ বহু ব্যক্তি৷ বৃহস্পতিবাৰে পুনৰ অশীতিপৰ এগৰাকী মহিলাই ক’ৰোনাক হৰুৱাই সুস্থ শৰীৰে ঘৰলৈ যাবলৈ সক্ষম হয়৷ মহানগৰীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ (এম এম চি এইচ) পৰা বৃহস্পতিবাৰে ক’ৰোনামুক্ত হৈ ঘৰলৈ ওভতা ৮৫ বছৰীয়া এইগৰাকী অশীতিপৰ হ’ল অম্বিকা দেৱী৷ যোৱা ১০ দিন এম এম চি এইচত চিকিৎসাধীন হৈ থকা ক’ৰোনা আক্রান্ত অম্বিকা দেৱীয়ে মাৰাত্মক ভাইৰাছক পৰাজিত কৰি সুস্থ শৰীৰে  চিকিৎসালয়খনৰ পৰা ৰিলিজ লোৱাৰ সময়ত চিকিৎসক আৰু নার্ছৰ প্রশংসাত পঞ্চমুখ হৈ পৰে৷ স্বাস্থ্য বিভাগক ভূয়সী প্রশংসা কৰা বৃদ্ধ মহিলাগৰাকীক সুস্থ কৰি তোলাৰ বাবে চিকিৎসকসকলে যথেষ্ট প্রচেষ্টা চলাইছিল৷ এনে প্রচেষ্টাৰ বাবে  আৰোগ্য হৈ সুস্থ শৰীৰে ঘৰলৈ উভতিবলৈ সক্ষম হ’ল অম্বিকা দেৱী৷ ইফালে, ক’ৰোনাক পৰাজিত কৰি চিকিৎসালয়ৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতিল অসম বিধানসভাৰ উপাধ্যক্ষ তথা সোণাই সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰ৷

উল্লেখ্য যে যোৱা ২৮ জুলাইত ক’ৰোনাত আক্রান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বিধানসভাৰ উপাধ্যক্ষজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ মধুমেহ আৰু উচ্চ ৰক্তচাপত ভুগি থকা আমিনুল হক লস্কৰৰ অৱস্থা গুৰুতৰ হৈ পৰাত গুৱাহাটীৰ পৰা প্লাজমা নি চিকিৎসা কৰা হয়৷ মন কৰিবলগীয়া যে ক’ৰোনা ৰোগত গুৰুতৰভাৱে আক্রান্ত হোৱা ৰোগীক প্লাজমা থেৰাপীৰে চিকিৎসা কৰাৰ ক্ষেত্রত বিশেষ গুৰুত্ব প্রদান কৰি অহা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ তৎপৰতাত জি এম চি এইচত স্থাপন কৰা হৈছিল প্লাজমা বেংক৷ এই প্লাজমা বেংকৰ পৰাই আমিনুল হক লস্কৰৰ বাবে প্লাজমা কঢ়িয়াই নি তেওঁক দিয়াত ক্রমাৎ সুস্থ হৈ উঠে বিধানসভাৰ উপাধ্যক্ষগৰাকী৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্লাজমা থেৰাপী ব্যৱহাৰ কৰা প্রথমজন ক’ৰোনা আক্রান্ত ব্যক্তি হ’ল আমিনুল হক লস্কৰ৷ যাৰ বাবে ক্রমাৎ সুস্থ হৈ পৰা উপাধ্যক্ষগৰাকীক যোৱা বুধবাৰে পুনৰ ক’ভিড পৰীক্ষা কৰাত নিগেটিভ চিনাক্ত হয়৷ বৃহস্পতিবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কর্তৃপক্ষই তেওঁক সম্বর্ধনা জনাই আনুষ্ঠানিকভাৱে চিকিৎসালয়খনৰ পৰা ৰিলিজ দিয়ে৷ ইফালে প্লাজমা থেৰাপীৰে সুস্থ হৈ উঠাৰ বাবে বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, নার্ছসকলৰ লগতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো অশেষ ধন্যবাদ জ্ঞাপন কৰে৷
অসম বিধানসভাত ১১জনকৈ পজিটিভঃ অধিৱেশনৰ প্রাক্ক্ষণত সচিবালয়ৰ কর্মচাৰীৰ মাজত শংকা
মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটিছে অসম বিধানসভা সচিবালয়তো৷ ব্যাপক সুৰক্ষামূলক তথা ক’ৰোনা প্রতিৰোধৰ ব্যৱস্থা গ্রহণৰ পাছতো যোৱা তিনি দিনত ১১জন বিধানসভা সচিবালয়ৰ কর্মচাৰী পজিটিভ চিনাক্ত হৈছে৷ কার্যতঃ ইয়াকে লৈ সচিবালয়ৰ কর্মচাৰীসকলৰ মাজত সৃষ্টি হৈছে আতংকময় পৰিৱেশ৷ উল্লেখ্য যে অহা ৩১ আগষ্টত অসম বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰা হৈছে৷ অধিৱেশনৰ প্রাক্ক্ষণত এনেদৰে সচিবালয়ত ক’ৰোনাৰ সংক্রমণ বিয়পি পৰা ঘটনাই ৰাজ্য চৰকাৰৰ লগতে জনপ্রতিনিধিসকলক্ উদ্বিগ্ণ কৰি তুলিছে৷ বিধানসভাৰ অধিৱেশনৰ প্রতি লক্ষ্য ৰাখিয়েই বিধানসভাৰ সচিবালয়ৰ কর্মচাৰীসকলৰ মাজতো ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হৈছে৷ যোৱা তিনি দিনত চলোৱা এই অভিযানত ১১জন পজিটিভ চিনাক্ত হৈছে৷ বিধানসভা সচিবালয়ৰ তথ্য অনুসৰি ৪ জুলাইত ১০৬জনক পৰীক্ষা কৰা হৈছিল আৰু ৩জন পজিটিভ চিনাক্ত হয়৷ ৫ জুলাইত ৮৫জনক পৰীক্ষা কৰা হৈছিল আৰু এজন পজিটিভ চিনাক্ত হয়৷ আনহাতে, আজি ৯৪জনক পৰীক্ষা কৰা হয় আৰু ৭জন পজিটিভ চিনাক্ত হয়৷ এই ১১জন আক্রান্তৰ ৩জনক জি এম চি এইচত, ৩জনক আই আই টি, গুৱাহাটীত আৰু ৪জনক চাংসাৰিৰ হেভেলছ কমপ্লেক্সৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰোৱা হৈছে৷

You might also like