নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত নাবালিকাক উদ্ধাৰ, জালত ভণ্ড প্রেমিক

বিয়াৰ প্রলোভনেৰে মানকাচৰৰ কিশোৰীক বিক্রীৰ চেষ্টা

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তর্গত বাংলাদেশ সীমান্তৱর্তী ঝাউডাঙা নতুন গাঁৱৰ পৰা এগৰাকী কিশোৰীক ভণ্ড প্রেমিকে বিয়াৰ প্রলোভন দি দিল্লীলৈ নি বিক্রী কৰাৰ চেষ্টা কৰিছিল৷ তেনে সময়তে আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে ভণ্ড প্রেমিকজনক গ্রেপ্তাৰ কৰে৷ উল্লেখ্য যে ঝাউডাঙাৰ কিশোৰীগৰাকীক কুছনিমাৰা গাঁৱৰ প্রয়াত গোলাম ৰব্বানীৰ পুত্র ছাইফুল ইছলাম (২৩) নামৰ যুৱকজনে প্রেমৰ জালত পেলায়৷ কিশোৰীগৰাকীক বিয়াৰ প্রলোভন দি এসপ্তাহ পূর্বে ভণ্ড প্রেমিকজনে দিল্লীলৈ নিয়ে৷ এই ঘটনা সন্দর্ভত কিশোৰীগৰাকীৰ পৰিয়ালে মানকাচৰ থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিত মানকাচৰ থানাৰ উপ–পৰিদর্শক আহমেদ আলীয়ে তদন্ত আৰম্ভ কৰে৷ বিভিন্ন সূত্রৰ জৰিয়তে আৰক্ষী বিষয়াজনে কিশোৰীগৰাকীক দিল্লীত বিক্রী কৰিবলৈ নিয়াৰ খবৰ লাভ কৰে৷ লগে লগে দিল্লী আৰক্ষীৰ লগত আহমেদ আলীয়ে যোগাযোগ কৰে৷ কিশোৰীগৰাকীক বিক্রী কৰা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি গুৱাহাটীলৈ আনে৷ কিশোৰীগৰাকীক বিক্রী কৰিবলৈ নিয়া ভণ্ড প্রেমিক ছাইফুলক মানকাচৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰি আজি হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত হাজিৰ কৰায়৷ আদালতে ভণ্ড প্রেমিকজনক ধুবুৰী জে’ললৈ প্রেৰণ কৰিছে৷ আৰক্ষী সূত্র মতে, কিশোৰীগৰাকীক দিল্লীত প্রায় ৫ লাখ টকাৰ বিনিময়ত বিক্রী কৰিবলৈ চেষ্টা চলাইছিল৷

You might also like