নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমি বিপিএফৰ ৩জনক মন্ত্রিত্ব দিছোঁ, হাগ্রামাই আমাৰ এজনকো ইএম নিদিলে

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বিটিচিৰ নির্বাচনী প্রচাৰ তুংগত উঠা সময়ত বিজেপিৰ ৰাজ্যিক সভাপতিয়ে বিপিএফৰ প্রার্থীক পৰাভূত কৰিবলৈ উঠিপৰি লাগিছে৷ যিসমূহ সমষ্টিত বিজেপিৰ নিজা প্রার্থী নাই সেই সমষ্টিবোৰত বিপিএফক ভোট নিদি নির্দলীয়ক নাইবা বিবেক ভোট দিবলৈ দলীয় কর্মী–সমর্থকক আহ্বান জনাইছে ৰঞ্জিত দাসে৷ ইয়াৰে অংশ হিচাপে আজি বিটিচিৰ কচুগাঁও সমষ্টিৰ বিজেপি সমর্থক ভোটাৰক বিপিএফ প্রার্থী হাগ্রামা মহিলাৰীক ভোট নিদি বাকী দুজন প্রার্থীৰ যিকোনো এজনক ভোট দিয়াৰ বাবে আহ্বান জনায় বিজেপিৰ অসম ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে৷ বিজেপিৰ কচুগাঁও মণ্ডল সমিতিৰ উদ্যোগত আজি সমষ্টিটোৰ ভাওৰাগুৰিৰ বৰুৱাপাৰাত অনুষ্ঠিত বিজেপিৰ দলীয় সভাত উপস্থিত হৈ ৰঞ্জিত দাসে এই আহ্বান জনোৱাৰ লগতে বিজেপি কর্মী–সমর্থকক আগন্তুক বিধানসভা নির্বাচনৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনায়৷কচুগাঁও সমষ্টিত বিজেপিয়ে প্রার্থী নিদিয়াটো ভুল হৈছে বুলি স্বীকাৰ কৰি সভাপতি দাসে দলৰ কর্মী–সমর্থকক দলৰ ভেটি আৰু সুদৃঢ় কৰি তুলিবলৈ আহ্বান জনায়৷ সভাৰ অন্তত সাংবাদিকৰ আগত ৰঞ্জিত দাসে বিপিএফৰ বিৰুদ্ধে তেওঁৰ মনত পুঞ্জীভূত ক্ষোভৰ বহিঃপ্রকাশ ঘটাই কয়– বিজেপিয়ে বিপিএফৰ সৈতে মিত্রতাৰ সন্মান কৰিছে আৰু বিটিচি অঞ্চলৰ ১২ সমষ্টিত বিজেপিয়ে প্রার্থী নিদি বিপিএফক এৰি দিছিল৷ বিপিএফৰ ১২গৰাকী বিধায়কৰ মাজৰ পৰা তিনিগৰাকীক কেবিনেট মন্ত্রী দিছেছা, কিন্তু প্রায় তিনি বছৰ পূর্বে নাগ্রীজুলিৰ পৰা নির্বাচিত হোৱা বিজেপিৰ একমাত্র এমচিএলএ ধর্মনাৰায়ণ দাসক ই এম দিবলৈ আমি বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীক অনুৰোধ জনাইছিলোঁ, কিন্তু আমাৰ অনুৰোধ প্রত্যাখ্যান কৰি বিপিএফে আমি কৰা দাবীক অস্বীকাৰ কৰে৷ অকল সেয়াই নহয় মিত্রদল হোৱা সত্ত্বেও যোৱাটো পঞ্চায়ত নির্বাচনত বিপিএফে মিত্রতা ভংগ কৰি বিজেপিৰ বিৰুদ্ধাচৰণ কৰে৷ বিপিএফৰ এনে অহংকাৰ আৰু হাগ্রামা মহিলাৰীৰ দ্বাৰা অপমানিত হোৱাৰ পিছতে মই আৰু হিমন্ত বিশ্ব শর্মাই হাগ্রামাৰ দর্পচূর্ণ কৰাৰ বাবে সংকল্পবদ্ধ হৈ বিটিচিত বিজেপিৰ সংগঠনক মজবুত কৰাৰ বাবে তৎপৰ হওঁ৷

যাৰ ফলত বিটিচি অঞ্চলত চাৰি বছৰ পূর্বে বিজেপিৰ ২ লাখ সদস্যৰ বিপৰীতে বর্তমানে বিজেপিৰ সদস্য সংখ্যা হ’লগৈ ৫ লাখ ৪০ হাজাৰ৷ এওঁলোকেই হাগ্রামাৰ শাসনক ওফৰাই এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বুলি দাসে দৃঢ়তাৰে কয়৷ তেওঁ পুনৰ বিপিএফক ভোট নিদিবলৈ আহ্বান জনাই কয় যে হাগ্রামাৰ লগত আমাৰ কোনো মিত্রতা নাই৷ এতিয়া বিজেপিৰ চৰকাৰ হ’লে হাগ্রামাৰ শাসনকালত সংঘটিত সকলো অনিয়ম–দুর্নীতিৰ তদন্ত হ’ব আৰু অভিযুক্তসকলে জে’লৰ ভাত খাব লাগিব৷তেওঁ বিটিচিৰ দুর্নীতিৰ খতিয়ান দাঙি ধৰি আৰু কয়– জবকার্ডৰ নামত বিপিএফৰ নেতা–পালিনেতাই কোটি কোটি টকাৰ লুণ্ঠন চলাইছে, ভূমিৰ অধিকাৰৰ পৰা থলুৱা ৰাইজক বঞ্চিত কৰিছে, মহিলা আত্মসহায়ক গোটৰ ধন লুণ্ঠন কৰাৰ লগতে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ ধনৰ অবাধ লুণ্ঠন চলোৱা বিপিএফৰ লগত বিজেপিৰ আৰু মিত্রতা নাই৷ দুর্নীতি ভ্রষ্টাচাৰত লিপ্ত বিপিএফৰ প্রার্থীক কোনোপধ্যেই ভোট নিদিবলৈ কয় ৰঞ্জিত দাসে৷ ৰাস্তা–ঘাট নির্মাণ, চিকিৎসালয় স্থাপন, স্কুল স্থাপন আদিৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ আবণ্টিত ধনৰ লুণ্ঠন চলাইছে, যিটো দলে সেই দলৰ প্রার্থী তথা বিটিচিৰ প্রাক্তন চীফ হাগ্রামা মহিলাৰীক কচুগাঁৱৰ বিজেপি সমর্থকসকলে যাতে ভোট নিদিয়ে তাৰ বাবে আহ্বান জনাই কচুগাঁও পৰিষদীয় সমষ্টিত বিপিএফক বাদ দি যিকোনো প্রার্থীক ভোট দিবলৈ কর্মী–সমর্থকলৈ পুনৰ আহ্বান জনায়৷

You might also like