ৰুৰেল লাইব্ৰেৰীৰ পদক্ষেপ : গ্ৰন্থ অধ্যয়ন প্ৰতিযোগিতাৰ বঁটা বিতৰণ-সম্বৰ্ধনা সভা
হাতত থকা মোবাইল ফোনটোত পৃথিৱী খন ঢুকি পোৱাৰ সহজলভ্য মাধ্যমত উবুৰি খোৱা নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ স্পৃহা লোপ পাইছে। এনে সময়তে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি ৰুৰেল লাইব্ৰেৰী কৰ্তৃপক্ষই গ্ৰন্থ অধ্যয়নৰ এক প্ৰতিযোগিতা অনুষ্ঠিত কৰি নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ মাজত অধ্যয়ন স্পৃহা বঢ়াবলৈ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছিল।
বাইহাটা চাৰিআলিস্থিত ৰুৰেল লাইব্ৰেৰীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থ অধ্যয়ন প্ৰতিযোগিতাত নতুন প্ৰজন্মৰ ব্যপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। এই প্ৰতিযোগিতাত বঁটা লাভ কৰা ছাত্ৰ ছাত্ৰীক বঁটা প্ৰদান আৰু উক্ত লাইব্ৰেৰীৰ চাৰি গৰাকী প্ৰাক্তন সভাপতিক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে সভা অনুষ্ঠিত হয়।
ৰুৰেল লাইব্ৰেৰ সভাপতি বিপিন চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্টিত হোৱা”সভাত অতিথি হিচাপে অংশ গ্ৰহন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু শিঙাৰপাৰা জিলা পৰিষদৰ সদস্য কিৰণ চন্দ্ৰ কাকতিয়ে।
সভাত বিধায়ক কলিতাই নিজৰ ভাষনত ৰুৰেল লাইব্ৰেৰ সভাগৃহ নিৰ্মাণৰ বাবে পাচ লাখ টকা অনুদান প্ৰদান কৰিব বুলি ঘোঘনা কৰাৰ লগতে বিধায়ক গৰাকীয়ে আৰু কয় ছাত্ৰ ছাত্ৰীৰ মাজত এনে প্ৰতিযোগিতাই গ্ৰন্থৰ আদৰ বৃদ্ধি কৰে।
আন এজন অতিথি কিৰণ চন্দ্ৰ কাকতিয়ে নিজৰ ভাষণ প্ৰসঙ্গত ৰুৰেল লাইব্ৰেৰীয়ে বাইহাটা চাৰিআলিৰ বৌদ্ধিক উত্তৰনত যোগোৱা বিশেষ ভূমিকাৰ শলাগ লয়। সভাত সম্বৰ্ধিত ৰুৰেল”লাইব্ৰেৰীৰ প্ৰাক্তন সভাপতি ক্ৰমে হুছেইন আলী খণ্ডকৰ , শিক্ষাবিদ ফুলেশ্বৰ ধিং , ভবেন চন্দ্ৰ ডেকা, গজেন্দ্ৰ কাকতিয়ে ভাষন প্ৰদান কৰে।
আন এজন প্ৰাক্তন সভাপতি মজনুৰ আলী শাৰিৰীক অসুস্থাৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰিলে। সভাত বিজয়ী প্ৰতিযোগীক ক্ৰমে সমাজকৰ্মী মথুৰা ডেকাৰ সোঁৱৰণত প্ৰথম পুৰস্কাৰ, এটুকুৰা ক’লা মেঘ শীৰ্ষক উপন্যাসৰ স্ৰষ্টা বুলু দেবীৰ সোঁৱৰণত দ্বিতীয় পুৰস্কাৰ আৰু বিশিষ্ট ভাষাবিদ ড° খগেশ সেন ডেকাৰ সোঁৱৰণত তৃতীয় পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও বিচাৰকৰ বঁটা প্ৰদান কৰা হয় ক্ৰমে ৰবীন গোস্বামী, মুকুণ্ড কলিতা, তৰণী কমাৰ ডেকা আৰু তৰণী কান্ত শৰ্মাৰ সোঁৱৰণত।
১৩ গৰাকী বিজয়ী প্ৰতিযোগীক এই বঁটা প্ৰদান কৰা এই সভাত প্ৰয়াত ড° খগেশ সেন ডেকাৰ সহধৰ্মিনী তথা বিশিষ্ট লেখিকা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড° লোপা বৰুৱাই নিজৰ ভাষনত এনে ধৰনৰ অনুষ্ঠানৰ প্ৰয়োজনীয়তা বিষয়ে কয়। সভাত প্ৰয়াত লেখিকা বুলু দেবীৰ পুত্ৰ সাংবাদিক তথা অধিবক্তা ধীৰাজ শৰ্মাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
সভাত আত ধৰে ৰুৰেল লাইব্ৰৰীৰ সম্পাদক কুশল গোস্বামীয়ে। উল্লেখযোগ্য যে, উক্ত গ্ৰন্থ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰা প্ৰতিযোগী সকল হল ক্ৰমে মহিউদ্দিন আহমেদ,আচিক আলী আৰু প্ৰতিক্ষা শৰ্মা। দ্বিতীয় ক্ৰমে বেনজিন চুলতানা, জ্যোতিস্মান বৰ্মণ আৰু ভিতালী ডেকা। তথা তৃতীয় পুৰস্কাৰ বিজেতা ক্ৰমে মাহমুদুল হাচান, গাৰ্গী চৌধুৰী, ৰণী আহমেদ।
বিচাৰকৰ বঁটা লভ কৰা সকল ক্ৰমে দেৱপ্ৰতীম গোস্বামী,বিদিশা কলিতা,চিৰিন শইকীয়া আৰু নাৰ্গিছ চুলতানা । বিজয়ী প্ৰতিযোগী সকলক ৰুৰেল লাইব্ৰেৰী কৰ্তৃপক্ষই শুভেচ্ছা জ্ঞাপন কৰে।