নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহক, জেহাদীৰে মোকাবিলা কৰোঁ

ভাস্কৰজ্যোতি মহন্ত

                                                                  এক
অসমৰ মাদ্রাছাত জেহাদী কার্যকলাপ চলা, ভাৰতবিৰোধী ইছলামীয় মৌলবাদী সংগঠনৰ জালত একাংশ স্থানীয় লোকে ভৰি দিয়া, চৰকাৰ তথা প্রশাসনে বিষয়টো গুৰুত্বসহকাৰে লৈ এইক্ষেত্রত কঠোৰ স্থিতি গ্রহণ কৰা, ইছলামীয় সন্ত্রাসবাদী সংগঠনৰ সৈতে জডিত একাধিক লোকক গ্রেপ্তাৰ কৰা আদি বিষয়বোৰে শেহতীয়াভাৱে বিশেষ চর্চা লাভ কৰিছে৷ ইয়াক লৈ সৃষ্টি হৈছে মিশ্রিত প্রতিক্রিয়া৷ ভাৰতবিৰোধী শক্তিৰ বিৰুদ্ধে গ্রহণ কৰা কঠোৰ স্থিতিক গৰিষ্ঠসংখ্যক লোকে সমর্থন কৰিছে যদিও মুষ্টিমেয় একাংশই ইয়াৰ বিৰোধিতাও কৰিছে৷ এনে বিৰোধিতাই মানুহৰ মনত কেতিয়াবা সন্দেহ আৰু সংশয়ৰ সৃষ্টি কৰিব পাৰে৷ এনে পৰিপ্রেক্ষিততে অসমত ইছলামীয় মৌলবাদী অপশক্তিয়ে খোপনি পুতিবলৈ বিচৰাৰ বাস্তৱিক ভিত্তি কি আৰু দীর্ঘদিনৰ পৰা এনে অপশক্তিয়ে কিদৰে অসমলৈ শেনদৃষ্টি দি আহিছে, কিদৰে এই মুলুকত সিহঁতৰ নেটৱর্ক, অর্থাৎ আন্তঃজাল গঢ়ি তুলিবলৈ অহৰহ অপচেষ্টা কৰি আহিছে– এই সন্দর্ভত কিছু আভাস দিয়াৰ প্রয়োজনবোধ কৰিছোঁ৷
আমি সকলোৱে জানো যে অসমৰ মুঠ জনসংখ্যাৰ ৩৪ শতাংশই হৈছে মুছলমান সম্প্রদায়ৰ লোক৷ ভাষা, বেশভূষা, দৈনন্দিন জীৱনশৈলীৰ সাদৃশ্য থকাৰ ডপৰি মূলতঃ ধর্মৰ সাদৃশ্য থকা বুজনসংখ্যক লোকৰ বসতি থকা ৰাজ্য হোৱা বাবেই অসমক ইছলামীয় মৌলবাদী শক্তিয়ে অন্যতম পছন্দৰ ঠাই, সুবিধাজনক ঠাই হিচাপে গণ্য কৰি আহিছে৷ এইক্ষেত্রত ভৌগলিক অৱস্থানৰ বাবেও আমাৰ ৰাজ্যখন ইছলামীয় মৌলবাদী শক্তিৰ লক্ষ্য হৈ আহিছে৷
অসমত ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় সংযোগ থকা ইছলামীয় মৌলবাদী সংগঠনৰ নেতা ধৰা পৰা প্রথমটো ঘটনা সংঘটিত হৈছিল ১৯৯৯ চনত৷ তেতিয়া আমি মহানগৰ আৰক্ষী অধীক্ষক হিচাপে কর্মৰত আছিলোঁ আৰু আমাৰ নেতৃত্বত চলা এক অভিযানতে এইদৰে ইছলামীয় মৌলবাদীৰ দল এটা ধৰা পৰিছিল৷ কূটাঘাতমূলক কার্যকলাপেৰে অসম তথা ডত্তৰ–পূবক অশান্ত কৰি ৰখাৰ লক্ষ্যৰে প্রৱেশ কৰা এই দলটোত চিৰবৈৰী পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ পদবীধাৰী এজন লোক থকাৰ ডপৰি বাকীকেইজন আছিল আই এছ আইৰ দ্বাৰা পৰিচালিত ইছলামীয় মৌলবাদী সংগঠন ‘হৰকত ডল মুজাহিদীন’ৰ নেতা৷ এওঁলোকৰ ভিতৰত যিজনে চকুৰে প্রায় নেদেখিছিল, তেওঁ আছিল মৌলবাদী সংগঠনটোৰ ভাৰতবর্ষৰ মুৰব্বী, বিশ্বত্রাস৷ নাম– কাৰি ছালিম৷ জেৰাৰ সময়ত ধৃত লোককেইজনে বিভিন্ন গুৰুত্বপূর্ণ কথা স্বীকাৰ কৰিছিল আৰু সিহঁতৰ স্বীকাৰোক্তিৰ ভিত্তিতে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা সংগঠনটোৰ ডেৰ কুৰিৰো অধিক সদস্যক গ্রেপ্তাৰ কৰা হৈছিল৷ বুজন পৰিমাণৰ ডলাৰ আৰু বৃহৎ পৰিমাণৰ আৰ ডি এক্স জব্দ কৰা হৈছিল৷ ভাৰত ৰাষ্ট্রৰ বাবে এই ঘটনাটো আছিল দেশৰ পৰা ইছলামীয় মৌলবাদ ডৎখাতৰ ক্ষেত্রত মাইলৰ খুঁটিস্বৰূপ৷ কিয়নো আৰম্ভণিৰ পর্যায়তে এইদৰে আই এছ আইৰ নেটৱর্কটো ডৎখাত নকৰা হ’লে, এতিয়ালৈ গোঁজেই গজালি হৈ অসম তথা ডত্তৰ–পূর্বাঞ্চল ইছলামীয় মৌলবাদৰ ঘাটিত পৰিণত হ’লহেঁতেন, বৃহত্তৰ অঞ্চলটো দ্বিতীয় কাশ্মীৰত পৰিণত হ’লহেঁতেন৷
এই ঘটনাৰ প্রায় ২৩ বছৰ পাছত অসমত ইছলামীয় মৌলবাদীৰ ঘাটি ডৎখাতৰ বাবে পুনৰ এক জোৰদাৰ অভিযান আৰম্ভ কৰা হৈছে৷ এনেকুৱা নহয় যে ইয়াৰ মাজৰ সময়খিনিত এনে অপশক্তিয়ে এই মুলুকত ঘাটি স্থাপনৰ বাবে, নেটৱর্ক গঢ়ি তোলাৰ বাবে অথবা কূটাঘাত সংঘটিত কৰাৰ বাবে অপচেষ্টা কৰা নাই৷ পছন্দৰ আৰু সুবিধাজনক ঠাই হিচাপে অসমক সদায় ইছলামীয় মৌলবাদী শক্তিয়ে লোভনীয় দৃষ্টিৰে চাই আহিছে আৰু এই মুলুকতো সিহঁতৰ নেটৱর্ক সম্প্রসাৰণৰ বাবে অহৰহভাৱে অপচেষ্টা কৰি আহিছে৷ পিছে অসম আৰক্ষীৰ সজাগ আৰু সতর্ক দৃষ্টিৰ বাবে আজিলৈ সিহঁত সফল হ’ব পৰা নাই৷ সিহঁতৰ অপচেষ্টাত চেঁচা পানী ঢ়ালি, কূটাঘাতৰ পৰিকল্পনাক কলিতে মোহাৰি দিয়াৰ ফলতো পুনৰ মূৰ দাঙি ডঠিবলৈ সিহঁতক স্বাভাৱিকতে কিছু সময়ৰ প্রয়োজন হ’ল৷ এইবাৰো অসম আৰক্ষীয়ে সময় থাকোঁতেই ইছলামীয় মৌলবাদীৰ গতি–বিধি ধৰা পেলাইছে আৰু সিহঁতক পুলিয়ে–পোখাই ডভালি পেলোৱাৰ লক্ষ্যৰে এক জোৰদাৰ অভিযান আৰম্ভ কৰিছে৷

                                                                       দুই
প্রশ্ণ হয়– অসমলৈ ইছলামীয় মৌলবাদী সংগঠনৰ লোক কিদৰে আহে? স্থানীয় লোকৰ সহযোগ অবিহনে এয়া সম্ভৱনে? কোন শ্রেণীৰ স্থানীয় লোকে জ্ঞাতেই হওক অথবা অজ্ঞাতেই হওক এইদৰে মৌলবাদী অপশক্তিক অসম তথা ডত্তৰ–পূর্বাঞ্চললৈ আদৰি আনে? এই প্রশ্ণবোৰৰ ডত্তৰ বিচাৰি পালেই আমি সমস্যাটোৰ ভয়াৱহতাৰ বিষয়ে বুজিব পাৰিম আৰু সজাগ হোৱাৰ লগতে, সতর্ক হোৱাৰ লগতে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিব পাৰিম৷ এই সন্দর্ভত কিছু আভাস দিয়াৰ প্রয়োজনবোধো কৰিছোঁ সেই লক্ষ্যৰেই৷
আমি সকলোৱে জানো যে ‘জামাত–ডল মুজাহিদীন, বাংলাদেশ’, চমুকৈ জে এম বি হৈছে আমাৰ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ এটা ইছলামীয় মৌলবাদত বিশ্বাসী সন্ত্রাসবাদী সংগঠন৷ ১৯৯৮ চনত প্রতিষ্ঠা হোৱা এই সংগঠনটোক বাংলাদেশ, মালয়েছিয়া, ব্রিটেইন আৰু আমাৰ দেশ ভাৰতবর্ষ আদি ৰাষ্ট্রই সন্ত্রাসবাদী সংগঠন হিচাপে তালিকাভুক্ত কৰিছে৷ এই সংগঠনটোৱে সংঘটিত কৰা কেইবাটাও আক্রমণৰ ঘটনাক কেন্দ্র কৰি ২০০৫ চনৰ ফেব্রুৱাৰী মাহত বাংলাদেশ চৰকাৰে এই সংগঠনটোক সন্ত্রাসবাদী সংগঠন হিচাপে আখ্যা দি নিষিদ্ধ ঘোষণা কৰিছিল৷ সেইবছৰৰে আগষ্ট মাহত নিষিদ্ধঘোষিত এই সংগঠনটোৱে বাংলাদেশৰ তিনিশ ভিন ভিন স্থানত পাঁচশ সৰু সৰু বোমা সংস্থাপন কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল৷ ইয়াৰ পাছত স্বাভাৱিকতেই বাংলাদেশ চৰকাৰ সংগঠনটোৰ বিৰুদ্ধে অধিক কঠোৰ হৈছিল আৰু ২০০৫ চনতেই সংগঠনটোৰ ছজন শীর্ষ পর্যায়ৰ নেতাক কৰায়ত্ত কৰিছিল৷ যাৱতীয় বিচাৰ প্রক্রিয়াৰ অন্তত দোষী সাব্যস্ত হোৱাত ইয়াৰে চাৰিজনক ২০০৭ চনত ফাঁচি দিয়া হয়৷
এনে পৰিস্থিতিত জে এম বিৰ পৰা ফালৰি কাটি দুটা নতুন গোটে আত্মপ্রকাশ কৰে৷ ইয়াৰে এটা গোট হৈছে ‘নি’ জে এম বি’ আৰু আনটো গোট হৈছে ‘এ বি টি’, অর্থাৎ ‘আনছাৰুল্লা বাংলা টীম’৷ এই গোটটো ‘আনছাৰ বাংলা’ হিচাপেও জনাজাত৷ এই ‘এ বি টি’ হৈছে আল–কায়দাৰ দ্বাৰা অনুপ্রাণিত বাংলাদেশৰ এটা ইছলামীয় ডগ্রপন্থী গোট, যিটো গোটে ২০০৭ চনৰ পৰাই ‘জামাতুল মুছলেমিন’ নামেৰে কাম–কাজ চলাই আহিছিল৷ বিভিন্ন বেচৰকাৰী সংস্থাই ‘জামাতুল মুছলেমিন’ক পুঁজিৰ যোগান ধৰিছিল৷ পুঁজিৰ যোগান বন্ধ হোৱাৰ পাছত এই গোটটো নিষ্ক্রিয় হৈ পৰে আৰু ২০১৩ চনত ‘এ বি টি’ নামেৰে আত্মপ্রকাশ কৰে৷ এই গোটটোৱে ২০১৩ চনৰ পৰা ২০১৫ চনৰ ভিতৰত বাংলাদেশৰ কিছুসংখ্যক ব্লগাৰক আক্রমণৰ লক্ষ্য কৰি লৈছিল আৰু হত্যা কৰিছিল৷ ২০১৫ চনত এক লোমহর্ষক বেংক লুটৰ ঘটনা সংঘটিত কৰাৰ পাছত এই গোটটোক দেশখনৰ গৃহ মন্ত্রালয়ে বেআইনী ঘোষণা কৰে৷ এইদৰে নিষিদ্ধ ঘোষণা কৰিয়েই ক্ষান্ত নাথাকি বাংলাদেশৰ শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰে ‘এ বি টি’ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছিল৷ গোটটোৰ একাধিক সদস্যক ফাঁচি দিয়াৰ ডপৰি কিছুসংখ্যকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছিল আৰু এনে পৰিস্থিতিত ভালেসংখ্যক সদস্যই বাংলাদেশৰ পৰা পলায়ন কৰিছিল৷
বাংলাদেশৰ পৰা এইদৰে পলায়ন কৰা ‘এ বি টি’ৰ সদস্যসকল মূলতঃ ভাৰতৰ দেওবন্দ আৰু বান্দা চহৰলৈ আহিছিল আৰু তাতে বাহৰ পাতি অতি কৌশলেৰে তেওঁলোকৰ কাম–কাজ আৰম্ভ কৰিছিল৷ নক’লেও হয় যে আল–কায়দাৰ আশিস ধন্য ‘এ বি টি’ৰ এই সদস্যসকলে বিশ্বত্রাস সন্ত্রাসবাদী সংগঠনটোৰ কথামতেই সিহঁতৰ কার্যকলাপ চলাই নিয়ে৷ বাহৰ পাতিবলৈ এইদৰে দেওবন্দ আৰু বান্দাক বাছি লোৱাৰো বিশেষ কাৰণ আছিল৷ আমি সকলোৱে জানো যে ডত্তৰপ্রদেশৰ দেওবন্দ চহৰ হৈছে ভাৰতবর্ষত ইছলামীয় শিক্ষাৰ অন্যতম মূলকেন্দ্র৷ আমাৰ দেশৰ অন্যতম বৃহৎ ইছলামীয় প্রতিষ্ঠান ‘দাৰুল ডলুম দেওবন্দ’ এই চহৰতে অৱস্থিত৷ ১৮৬৬ চনতে প্রতিষ্ঠিত ‘দাৰুল ডলুম দেওবন্দ’ৰ এক দীঘলীয়া গৌৰৱময় ইতিহাস আছে৷ ইছলামীয় শিক্ষা গ্রহণ কৰিব বিচৰা বহুতৰ বাবে আজিও দেওবন্দ সপোনৰ চহৰ৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা প্রতিবছৰে দেওবন্দলৈ বুলি অসংখ্য শিক্ষার্থী ৰাওনা হয় যদিও সকলোৱে ‘দাৰুল ডলুম দেওবন্দ’ত শিক্ষা গ্রহণৰ সুযোগ নাপায়৷ এইদৰে ‘দাৰুল ডলুম দেওবন্দ’ত শিক্ষাগ্রহণৰ সুযোগ নোপোৱাসকলৰ বাবে দেওবন্দৰ ওচৰৰে আন এখন চহৰ বান্দাত গঢ়ি ডঠিছে ইছলামীয় শিক্ষাৰ আন একাংশ প্রতিষ্ঠান৷ এইসমূহতো দেশৰ ভিন্ন প্রান্তৰ পৰা যোৱা মুছলমান সম্প্রদায়ৰ শিক্ষার্থীসকলে ভিৰ কৰে৷ ‘এ বি টি’ৰ দৰে ইছলামীয় ডগ্রপন্থী গোটে দেওবন্দ আৰু বান্দাৰ দৰে চহৰত বাহৰ পতাৰ কাৰণো এয়াই৷ ভাষা, বেশ–ভূষা, দৈনন্দিন জীৱনশৈলীৰ সাদৃশ্য থকাৰ ডপৰি মূলতঃ ধর্মৰ সাদৃশ্য থকা শিক্ষার্থীৰে গিজগিজাই থকা এক পৰিৱেশ ইছলামীয় ডগ্রপন্থী গোটৰ বাবে অনুকূল হয়৷ তদুপৰি যিহেতু দেওবন্দ আৰু বান্দাত ইছলামীয় শিক্ষাৰ প্রতি আগ্রহী ভাৰতৰ বিভিন্ন প্রান্তৰ শিক্ষার্থীৰ সমাগম ঘটে৷ গতিকে সেই শিক্ষার্থীসকলৰ জৰিয়তে দেশজুৰি শিপাবলৈ সিহঁতৰ সুবিধাও হয়৷ এইক্ষেত্রত ‘এ বি টি’ৰ সদস্যসকলে অসম তথা পশ্চিমবংগৰ পৰা দেওবন্দ আৰু বান্দালৈ যোৱা শিক্ষার্থীসকলক বিশেষভাৱে লক্ষ্য কৰি লয় আৰু এই শিক্ষার্থীসকলৰ সৈতে বন্বুূত্ব স্থাপন কৰে৷ বন্বুূত্ব স্থাপনৰ সমান্তৰালভাৱে শিক্ষার্থীসকলৰ মানসিকতাও অধ্যয়ন কৰে আৰু সেই অনুসৰি তেওঁলোকৰ সৈতে ঘনিষ্ঠতা বঢ়ায়৷ এটা সময়ত এই শিক্ষার্থীসকলৰ সৈতে ফুৰিবলৈ অহাৰ ছলেৰে ইছলামীয় মৌলবাদী গোটৰ সদস্যসকল পশ্চিমবংগ তথা অসমলৈ আহে৷ অসমৰ মূলতঃ বৰপেটা, ধুবুৰী আৰু বঙাইগাঁৱলৈ আহি সিহঁতে খুব কৌশলেৰে মৌলবাদৰ জালখন পেলায়৷ দেওবন্দ আৰু বান্দাৰ পৰা অসমলৈ সিহঁতৰ সঘন আহ–যাহ চলি থাকে৷ ইয়াৰ মাজতে পিছদুৱাৰেদি এখন পৰিচয় পত্র যোগাৰ কৰি লয় আৰু এগৰাকী স্থানীয় কম বয়সীয়া যুৱতীক বিয়া পাতে৷ ডিজিটেল সাক্ষ্য নোহোৱা কৰাৰ ক্ষেত্রত খুবেই পাকৈত এই সদস্যসকলে গোপনীয় কথা–বতৰাৰ বাবে ডচ্চ প্রযুক্তিসম্পন্ন মাধ্যম ব্যৱহাৰ কৰে৷
ইছলাম ধর্মাৱলম্বী লোকসকলক পর্যায়ক্রমে নিজৰফলীয়া কৰাত সিহঁত সিদ্ধহস্ত৷ প্রথমে সিহঁতে কিছু বিশ্বস্ত মানুহ বিচাৰি ডলিয়ায় আৰু তেওঁলোকৰ সহযোগত পিছপৰা অঞ্চলৰ সহজ–সৰল লোকসকলক ইছলাম সম্পর্কীয় বিভিন্ন ব্যাখ্যাৰে বুজনি দিয়াৰ চেষ্টা কৰে৷ নক’লেও হয় যে এই অপব্যাখ্যা সিহঁতৰ ভাবাদর্শৰ সৈতে খাপ খোৱাকৈ আগবঢ়ায় আৰু ই প্রকৃত ইছলামীয় আদর্শক প্রতিনিধিত্ব অথবা প্রতিফলিত নকৰে৷ ‘মশৱাৰা’লৈ নিমন্ত্রণ জনাই বুজনি দিয়া এই পর্যায়টোক ‘দাৱাত’ বুলি কোৱা হয়৷ ইয়াৰ পাছৰ পর্যায়ত আদর্শগতভাৱে পতিয়ন যোৱাসকলক লৈ একোটা দল গঠন কৰা হয়৷ এই দলটো মৌলবাদীসকলৰ আদর্শৰে বাট বুলিবলৈ সাজু৷ ইহঁতক কোৱা হয় ‘আনছাৰ’৷ মূলতঃ এই ‘আনছাৰ’সকলকে মাদ্রাছাত পাঠদানৰ বাবে আগবঢ়াই দিয়া হয়৷ সেইদৰেই ধর্মীয় গোডামি থকাসকলক বাছি ডলিয়াই আন একোটা দল গঠন কৰা হয় আৰু সিহঁতক কোৱা হয় ‘আকছাৰ’৷ এই দলটো তথাকথিত ধর্মযুদ্ধৰ বাবে, অর্থাৎ জেহাদৰ বাবে সাজু৷ প্রাণ দিবলৈ অথবা প্রাণ ল’বলৈ পৰোৱা নকৰে এই দলৰ সদস্যসকলে৷
শেহতীয়াভাৱে অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বুজনসংখ্যক ইছলামীয় মৌলবাদীয়েহৈছে ডল্লিখিত ‘আনছাৰ’ গোটৰ৷ জেৰাৰ সময়ত সিহঁতে বহু গুৰুত্বপূর্ণ তথ্য জানিবলৈ দিয়ে৷
দেওবন্দ আৰু বান্দাত ইছলামীয় শিক্ষা গ্রহণ কৰিবলৈ যোৱা একাংশ সুবিধাজনক শিক্ষার্থীৰ জৰিয়তে পশ্চিমবংগকে ধৰি অসম তথা ডত্তৰ–পূর্বাঞ্চলত ইছলামীয় মৌলবাদী শক্তিয়ে সিহঁতৰ নেটৱর্ক সম্প্রসাৰণ কৰিবলৈ অপচেষ্টা কৰাৰ দৰেই অনুৰূপ ধৰণৰ আন পন্থা অৱলম্বন কৰিও এনে অপশক্তিয়ে ডল্লিখিত অঞ্চলসমূহত শিপাবলৈ বিচাৰে৷ এনে এক পন্থা হৈছে– ইছলামীয় সংস্থা ‘তবলিগী জামাত’ৰ ধর্মীয় সমাৱেশলৈ যোৱা একাংশ বিশেষভাৱে চিহ্ণিত সুবিধাজনক লোকক লক্ষ্য হিচাপে লৈ সিহঁতক নিজৰ ফলীয়া কৰা আৰু সিহঁতৰ জৰিয়তে অসমৰ দৰে সুবিধাজনক ঠাইত প্রৱেশ কৰি, গোঁজেই গজালি হৈ মৌলবাদৰ জাল পেলোৱা৷ যিদৰে দেওবন্দত ইছলামীয় শিক্ষা গ্রহণ কৰাটো বেয়া কথা হ’ব নোৱাৰে, দেওবন্দৰ এক গৌৰৱময় ইতিহাস আছে, সেইদৰেই ‘তবলিগী জামাত’ৰ ধর্মীয় সমাৱেশলৈ যোৱাটোও বেয়া কথা নহয় আৰু ‘তবলিগী জামাত’ৰো এক গৌৰৱময় ইতিহাস আছে৷ যিদৰে দেওবন্দত ইছলামীয় শিক্ষা গ্রহণ কৰিবলৈ যোৱা বেছিভাগেই ভাল ভাৰতীয়, সেইদৰেই ‘তবলিগী জামাত’ৰ ধর্মীয় সমাৱেশলৈও বেছিভাগ ভাল মানুহেই আহে৷ কিন্তু সমস্যাৰ সৃষ্টি কৰে এমুঠি বেয়া মানুহেহে৷ সেয়া দেওবন্দতেই হওক অথবা ‘তবলিগী জামাত’ৰ ধর্মীয় সমাৱেশতেই হওক৷ এই ‘তবলিগী জামাত’ প্রতিষ্ঠা কৰিছিল এগৰাকী দেওবন্দী পণ্ডিতেই, ১৯২৬ চনত, ভাৰতবর্ষৰ মেৱাটত৷ ‘তবলিগী জামাত’ৰ শ্লোগান আছিল–‘প্রকৃত মুছলমান হোৱা’৷ বর্তমান পাকিস্তান, বাংলাদেশকে ধৰি বিশ্বৰ বহু দেশত এই ইছলামীয় সংস্থাটোৰ সবল ডপস্থিতি আছে৷ ‘তবলিগী জামাত’ৰ মতাদর্শত বিশ্বাসীসকলে, অর্থাৎ ‘তবলিগী জামাত’ৰ সদস্যসকলে বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা তেওঁলোকৰ ধর্মীয় সমাৱেশত অংশ লোৱাৰ ডপৰি সৰু সৰু গোটত বিভক্ত হৈ বিভিন্ন ঠাইলৈ যায় আৰু মুছলমান সমাজত ইছলামৰ বার্তা প্রচাৰ কৰে৷ এনেদৰে ভ্রমণ কৰাৰ সময়ত তেওঁলোকে স্থানীয় মছজিদসমূহত নিশা কটায়৷ বিভিন্ন ভৌগলিক খণ্ডৰ ধর্মীয় অনুশীলনৰ বিষয়ে জ্ঞান প্রাপ্তিও কৰিব বিচাৰে এওঁলোকে৷ আমাৰ অসমৰ পৰাও বংগমূলীয় মুছলমানসকলৰ ডপৰি দেশী মুছলমানসকলৰো বৃহৎসংখ্যকে এইদৰে জামাতলৈ যোৱা দেখা যায়৷ অপ্রিয় সত্য এয়ে যে বহু ক্ষেত্রত ঘৰৰ বোজাহেন সদস্যজনক জামাতলৈ পঠিওৱা হয়৷ ইছলামীয় অপশক্তিসমূহে এই জামাতীসকলৰ চাল–চলন, আচাৰ–ব্যৱহাৰ আদিৰ ওপৰত সমীক্ষা চলায় আৰু সুবিধাজনক একাংশক বিশেষভাৱে চিহ্ণিত কৰি সিহঁতৰ সৈতে প্রথমে বন্বুূত্ব স্থাপন কৰে৷ পৰৱত্ সময়ত এই জামাতীসকলক আল্লাহৰ নামত জীৱন দিবলৈ সাজু গোডা, কট্টৰপন্থী কৰি গঢ়ি তোলে আৰু অতি কৌশলেৰে সিহঁতক নিজৰ স্বার্থত ব্যৱহাৰ কৰে৷ এনে পৰিপ্রেক্ষিততে ঘৰৰ সদস্যজনক জামাতলৈ পঠিওৱাৰ ক্ষেত্রত অভিভাৱকসকল বিশেষ সাৱধান হোৱা ডচিত৷
সেইদৰেই, বাংলাদেশৰ একাংশ মোল্লাই ট্যুৰিষ্ট ভিছা লৈ সঘনাই অসমলৈ আহে যদিও তেওঁলোকে অসমৰ কোনো পর্যটনথলীলৈ ফুৰিবলৈ নাযায়৷ তেওঁলোকৰ ডদ্দেশ্য হৈছে অসমলৈ আহি ধর্মীয় বত্তৃণতা প্রদান কৰা৷ ভিছা সম্পর্কীয় নীতি–নিয়ম ভংগ কৰাসকলৰ ডপৰি কোনোবাই যদি ভাৰতবিৰোধী বক্তব্য আগবঢ়ায় আৰু ইছলামীয় মৌলবাদৰ পোষকতা কৰে সিহঁতৰ বিৰুদ্ধেও আৰক্ষী কঠোৰ হ’ব৷

          তিনি
দেওবন্দত ইছলামীয় শিক্ষা গ্রহণ কৰিবলৈ যোৱা অথবা তবলিগী জামাতলৈ যোৱা একাংশক কৌশলেৰে হাত কৰি ইছলামীয় অপশক্তিসমূহে অসমত মৌলবাদৰ জালখন পেলোৱাৰ ক্ষেত্রত একাংশ কোৱামি মাদ্রাছাক, অর্থাৎ একাংশ বে–চৰকাৰী মাদ্রাছাক সুবিধাজনক আশ্রয় তথা মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ কথাটো অনুসন্ধান কালত আমি ডদ্বেগেৰে লক্ষ্য কৰিছিলোঁ৷ অসমত কাঠ ফুলাৰ দৰে গঢ়ি ডঠা এনে বহু মাদ্রাছা আছে, যিসমূহৰ শিক্ষা প্রদানতকৈ বিহাৰ, ডত্তৰ প্রদেশ আদিলৈ গৈ মাদ্রাছাৰ নামত জাকাত বিচাৰি ফুৰাটোহে মূল কাম৷ ইছলামীয় অপশক্তিৰ বাবে স্বাভাৱিকতেই এনেধৰণৰ মাদ্রাছাবোৰ সহজ লক্ষ্য হৈ পৰে৷ এনে পৰিপ্রেক্ষিততে বেচৰকাৰী মাদ্রাছাৰ ক্ষেত্রত বর্তমান বিৰাজ কৰা নিয়ন্ত্রণহীন পৰিৱেশটো সু–শৃংখলিত কৰাৰ বাবে চৰকাৰ তথা প্রশাসনে কেতবোৰ বাস্তৱিক পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ অংশ হিচাপে যোৱা ৪ ছেপ্ঢেম্বৰত অসম আৰক্ষীৰ মুখ্য কার্যালয়ত ৰাজ্যৰ আগশাৰীৰ ইছলামীয় পণ্ডিত তথা নেতাসকলৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত কৰা হয়৷ এটা কথা ইতিমধ্যে স্পষ্ট হৈছে যে ইছলামৰে বিভিন্ন আদর্শত বিশ্বাসী চাৰিটা বেলেগ বেলেগ গোটে অসমত থকা বে–চৰকাৰী মাদ্রাছাসমূহ পৰিচালনা কৰে৷ এই গোট চাৰিটা হৈছে– জমিয়ত ডলেমা ই হিন্দ, আহলে হাদিছ, আহলে ছুন্নত ৱাল জামাত আৰু নাদুৱা ইমামত৷ কেডটা গোটৰে নেতৃবৃন্দই এই বৈঠকত অংশ লয়৷ ইয়াৰে জমিয়ত ডলেমা ই হিন্দৰ অধীনত থকা মাদ্রাছাসমূহ পৰিচালনা কৰে ‘অল আছাম তানজিম মাডাৰিছ মাদ্রাছা ব’ড’–এ৷ এই মাদ্রাছাসমূহত আৰৱীয়া, হাফিজীয়া আদি পাঠ্যক্রম আগবঢ়োৱা হয়৷ কিছুমান মাদ্রাছাত অলপ–চৰপ কম্পিডটাৰ শিকোৱা হয়৷ মহিলাসকলৰ বাবে বান্নাত মাদ্রাছাও আছে৷ সেইদৰেই আহলে ছুন্নত ৱাল জামাতে নিজকে বিশুদ্ধ ভাৰতীয় বুলি পৰিচয় দিয়ে আৰু এই গোটৰ অধীনত থকা মাদ্রাছাসমূহত দেশী মুছলমানেও শিক্ষাগ্রহণ কৰে৷ এই গোটৰ অধীনত তিনি হাজাৰমান মাদ্রাছা আছে বুলি আমাক জনোৱা হৈছে৷ পিছে সঠিক পঞ্জীয়ন আৰু নিৰীক্ষণৰ ব্যৱস্থা নথকা বাবে কোনটো গোটৰ অধীনত প্রকৃততে কিমান মাদ্রাছা আছে আৰু সেইসমূহত কি চলি আছে তাৰ সঠিক তথ্য থাডকতে পাবলৈ নাই৷ সি যি কি নহওক, অসমৰ সুৰক্ষা তথা ৰাষ্ট্রীয় নিৰাপত্তাৰ ক্ষেত্রত সুদূৰপ্রসাৰী প্রভাৱ পৰিবলগীয়া, প্রথমবাৰলৈ অনুষ্ঠিত হোৱা এই বৈঠকখনত আমি অসমৰ বিভিন্ন জিলাত শেহতীয়াভাৱে সন্ত্রাসবাদৰ সৈতে সম্পর্কিত জেহাদী সংগঠনৰ বহুসংখ্যক সদস্যক গ্রেপ্তাৰ কৰিবলগীয়া হোৱা আৰু কিছু মাদ্রাছা ইয়াৰ সৈতে জডিত থকা বিষয়টো গুৰুত্বসহকাৰে ডত্থাপন কৰোঁ৷
আমি বিচাৰিছেছা– সমাজৰ দুর্বল শ্রেণীটোৱে, এইক্ষেত্রত চৰৰ দৰে পিছপৰা অঞ্চলত বসবাস কৰা মুছলমান জনসাধাৰণে ভাৰতবিৰোধী শক্তিৰ বিৰুদ্ধে প্রতিৰোধ গঢ়ি তোলক আৰু মাদ্রাছাৰ জৰিয়তে হোৱা মৌলবাদীৰ প্রব্রজন ৰোধ কৰক৷ আমি বিচাৰিছোঁ– ইছলামীয় অপশক্তিক বাধা প্রদান কৰা কামটোত ভাল মুছলমানসকলে আগভাগ লওক, নেতৃত্ব দিয়ক৷ ইয়াকে কৰিবলৈ আমি এনে কিছু নীতি–নিয়মৰ পোষকতা কৰিছোঁ, যিসমূহ অসমৰ প্রতিখন বেচৰকাৰী মাদ্রাছাই মানি চলিব লাগিব৷ এনে মাদ্রাছা পৰিচালনাৰ দায়িত্বত থকা নোডেল সংস্থাসমূহেও, নির্ধাৰিত এই নীতি–নিয়মবোৰ মাদ্রাছাসমূহে পালন কৰাটো সুনিশ্চিত কৰিব লাগিব৷ অচিৰেই সক্রিয় হ’বলগীয়া এটা অনলাইন প’র্টেলত এনে প্রতিখন মাদ্রাছাই পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব৷ এই চৰকাৰী প’র্টেলত আপলোড কৰিব লাগিব মাদ্রাছাখনৰ মাটিৰ নথি–পত্র, মাদ্রাছাখনত নিয়োজিত শিক্ষকসকলৰ আধাৰ কার্ডকে ধৰি যাৱতীয় কাগজ–পাতি, পাঠ্যক্রমৰ সবিশেষ, বহিঃৰাজ্যৰ পৰা অহা ইমাম অথবা শিক্ষকসকলৰ পূর্বৰ আচৰণ সম্বন্ধীয় পুলিচ ভেৰিফিকেচন ৰিপ’ট, মাদ্রাছাখনে লাভ কৰা আর্থিক সাহায্যৰ বিতং তথ্য, মাদ্রাছাখনৰ পৰিচালনা সমিতিৰ যাৱতীয় নথি–পত্র, মাদ্রাছাখন কোন স্বীকৃতিপ্রাপ্ত সংস্থাৰ অধিভুক্ত তাৰ তথ্য আদি৷ তদুপৰি এনে মাদ্রাছাসমূহে অংক আৰু বিজ্ঞানৰ দৰে বিষয় অন্তর্ভুক্ত কৰাটো বাঞ্ছনীয় হ’ব, যাতে শিক্ষার্থীসকলে আধুনিক শিক্ষাৰ পোহৰেৰে বহল পৃথিৱীখনতো খোজ দিব পাৰে৷ কোৰান, হাদিছৰ শিক্ষা চলি থাকক, কিন্তু সমান্তৰালভাৱে বিকল্প বিষয়ো অন্তর্ভুক্ত কৰিব লাগে, যাতে ইচ্ছ্যুক শিক্ষার্থীসকলে চিকিৎসক, অভিযন্তা, বিজ্ঞানী, আৰক্ষী আদিও হ’ব পাৰে৷
বৈঠকখন সফল হৈছিল৷ আমাৰ পৰামর্শসমূহ ইছলামীয় পণ্ডিত তথা নেতাসকলে আগ্রহেৰে মানি লৈছিল৷ ভুল বুজাবুজিৰ পৰা হাত সৰাৰ স্বার্থত মাদ্রাছাসমূহৰ ভেৰিফিকেচনৰ দায়িত্ব আমি আৰক্ষীয়ে নলৈ তেওঁলোককে অর্পণ কৰিছিলোঁ আৰু এই কামৰ বাবে তেওঁলোকে ছমাহ সময় বিচাৰিছিল৷ আমি একে আষাৰে মানি লৈছিলোঁ৷
আমাৰ সমাজৰ অবিচ্ছেদ্য অংগ ভাল মুছলমানসকলৰ সহযোগত ইছলামীয় অপশক্তি ৰোধৰ বাবে আমি যি পদক্ষেপ লৈছোঁ তাৰ প্রতি বৈঠকত অংশ লোৱা ইছলামীয় পণ্ডিত তথা নেতাসকলৰ সঁহাৰি কেনে আছিল সেয়া বুজিবলৈ এটা মাত্র মন্তব্যই যথেষ্ট৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত ‘অল আছাম তানজিম মাডাৰিছ মাদ্রাছা ব’ড’ৰ মৌলানা আব্দুল কাদিৰ কাছিমীয়ে কৈছিল–‘এটা কথা চূডান্ত, কোনো ব্যক্তি বা গোট যদি ৰাষ্ট্রবিৰোধী অথবা ধর্মবিৰোধী কামত লিপ্ত থকাৰ প্রমাণ পোৱা যায়, তেনেহ’লে কঠোৰভাৱে সেয়া মোকাবিলা কৰা হ’ব৷ আৰক্ষী সঞ্চালকপ্রধানে আমাৰ পৰা যিখিনি সমর্থন বিচাৰিছে, সেইখিনি আমি এশ শতাংশই আগবঢ়াম৷’

                                                                      চাৰি
ইতিমধ্যে ডল্লেখ কৰা হৈছে যে অসমত ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় সংযোগ থকা ইছলামীয় মৌলবাদী সংগঠনৰ সদস্য গ্রেপ্তাৰ হোৱা প্রথমটো ঘটনা সংঘটিত হৈছিল ১৯৯৯ চনত৷ হাতত বিদেশী মুদ্রা থকা, কেইজনমান সন্দেহজনক লোকৰ উপস্থিতিৰ কথা পি চি অ’ৰ গৰাকী এজনে জানিবলৈ দিয়াত তাৰ ভিত্তিতে তাৎক্ষণিক অভিযান চলাই সিহঁতক গ্রেপ্তাৰ কৰা হৈছিল যদিও এই ঘটনাৰ পোন্ধৰ দিনমান পূর্বেই সন্ত্রাসবাদীৰ দলটো অসমলৈ অহাৰ খবৰ দিছিল এজন ৰহস্যময় চিপাহীয়ে৷ নিজৰ নাম–ঠিকনা প্রকাশ কৰাৰ পৰা বিৰত থকা সেই চিপাহীজনে বৰাক ডপত্যকাৰ পৰা আমালৈ একাধিকবাৰ ফোন কৰি এই খবৰটো দিছিল৷ আনকি দেশৰ পৰা ইছলামীয় মৌলবাদ ডৎখাতৰ ক্ষেত্রত মাইলৰ খুঁটিস্বৰূপ হৈ পৰা এই ঘটনাৰ বাবে সকলোকে পুৰসৃকত কৰাৰ সময়তো সেই চিপাহীজনক বিচাৰি পোৱা নগৈছিল৷ নাম–ঠিকনা নাজানিলেও, এটা সময়ত যে তেওঁ চিপাহী হিচাপে কর্মৰত আছিল আৰু আমাৰ পৰা কিবা সহায় পাইছিল, সেই কথা তেওঁৰ মুখৰ পৰাই জানিব পাৰিছিলোঁ৷ তেওঁৰ পৰা আৰু এটা কথা জানিব পাৰিছিলোঁ৷ লোকচক্ষুৰ পৰা আঁতৰত থাকি, অসমক ইছলামীয় মৌলবাদীৰ ঘাটি হোৱাৰ পৰা ৰক্ষা কৰাৰ যুঁজখনত সফলতাৰে অংশ লোৱা সেই ৰহস্যময় চিপাহীজন আছিল মুছলমান সম্প্রদায়ৰ৷
অসমৰ পৰা সন্ত্রাসবাদৰ সৈতে সম্পর্কিত জেহাদী সংগঠনৰ ভেটি ডৎখাত কৰিবলৈ অসম আৰক্ষীয়ে শেহতীয়াভাৱে যি পদক্ষেপ গ্রহণ কৰিছে, তাৰ প্রতি ইছলামীয় পণ্ডিত তথা নেতাসকলে আগবঢ়োৱা সমর্থন তথা সহযোগিতাৰ শলাগ ল’বই লাগিব৷ এন্ধাৰৰ বিৰুদ্ধে পোহৰৰ এই যুঁজখনত ভাল মুছলমানসকলে সদায় আগভাগ লৈ আহিছে৷ সেয়া ইছলামীয় পণ্ডিত তথা নেতাসকলেই হওক অথবা সেই ৰহস্যময় চিপাহীজনেই হওক৷

You might also like