নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙা চীনৰ আন এক ষড়যন্ত্রঃ ভাৰতৰ মানচিত্রত নাই অৰুণাচল প্রদেশ আৰু লাডাখ

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ: সীমান্তত ভাৰতীয় ভূমিত আন্তঃগাঁথনি নির্মাণেৰে দেশৰ সার্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই থকা ৰঙা চীনে এইবাৰ আন্তর্জাতিক মঞ্চত ভাৰতৰ মানচিত্রক লৈ ষড়যন্ত্র ৰচিছে৷ উজবেকিস্তানৰ সমৰকন্দত অনুষ্ঠিত হৈ যোৱা ছাংহাই কো–পাৰেচন অর্গেনাইজেচন, চমুকৈ এছচি’ৰ সন্মিলনৰ সময়ত চীনে প্রকাশ কৰা ভাৰতৰ মানচিত্রত অৰুণাচল প্রদেশ আৰু লাডাখক বাদ দিয়া হৈছে৷ ভাৰতৰ উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্রদেশ আৰু কেন্দ্রীয়শাসিত অঞ্চল লাডাখক ষড়যন্ত্রমূলকভাৱে চীনে ভাৰতৰ মানচিত্রৰ পৰা বাদ দিয়া বিষয়টোৱে দেশখনৰ ভাৰতবিৰোধী স্থিতি স্পষ্ট কৰিছে৷ অকল এয়াই নহয়, চীনে প্রকাশ কৰা মানচিত্রত কাশ্মীৰক পাকিস্তানৰ অংশ হিচাপে সন্নিৱিষ্ট কৰিছে৷ লাডাখৰ ক্ষেত্রত চীনে ইয়াৰ পূর্বে ভাৰতৰ অংশ নহয় বুলি প্রকাশ কৰা নাছিল যদিও অৰুণাচল প্রদেশক লৈ চীনে ইয়াৰ পূর্বেও কেইবাবাৰো ভাৰতৰ মানচিত্রত স্থান দিয়া নাছিল৷

চীনে দাবী কৰা মতে, অৰুণাচল প্রদেশ ভাৰতৰ অংশ নহয়, ই হৈছে চীনৰ অংশ৷ নিজৰ ভূখণ্ড বুলি দাবী কৰি থকা চীনে অৰুণাচল প্রদেশৰ বিভিন্ন স্থানত নিজা নামকৰণ কৰাৰো অনেক উদাহৰণ আছে৷ অৰুণাচল প্রদেশক লৈ চীনৰ স্থিতি পুনৰবাৰ এছচিঅ’ সন্মিলনৰ সময়ত প্রকাশিত মানচিত্রত স্পষ্ট হৈছে৷ আনপিনে, কেন্দ্রীয়শাসিত অঞ্চল লাডাখৰ সীমান্তৰ ভূমিত চীনে আন্তঃগাঁথনি নির্মাণ কৰি বিতর্কৰ মাজত সোমাই থকাৰ সময়তে লাডাখক ভাৰতৰ মানচিত্রৰ পৰা বাদ দিয়াটো দেশখনৰ পৰিকল্পিত ষড়যন্ত্র বুলি চর্চিত হৈছে৷

মন কৰিবলগীয়া যে এছচিঅ’ সন্মিলনত চীনে ভাৰতৰ মানচিত্র প্রকাশ কৰাৰ সময়ত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীও উপস্থিত আছিল যদিও এই সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া কৰা হোৱা নাছিল৷ চীনে প্রকাশ কৰা মানচিত্রখনত ভাৰতক এখন ক্ষুদ্র দেশ হিচাপে চিনাক্ত কৰা হৈছে৷ মানচিত্রখনত ভাৰতৰ আয়তন কাজাখস্তানৰ আয়তনতকৈও কমকৈ দেখুওৱা হৈছে৷ ভাৰতৰ ভৌগোলিক অখণ্ডতাক লৈ চীনৰ এই ষড়যন্ত্র সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কোনোধৰণৰ প্রতিক্রিয়া ব্যক্ত নকৰাক লৈ বিৰোধীয়ে চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ বিৰোধী দল কংগ্রেছে চীনে প্রকাশ কৰা ভাৰতৰ মানচিত্রক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰি কয় যে প্রধানমন্ত্রী মোদীৰ জন্মদিন হিচাপে চীনে এই মানচিত্রখন উপহাৰ দিছে৷ মানচিত্রখনত ভাৰতৰ আয়তন কাজাখস্তানতকৈও সৰু৷ ইয়াৰ পাছতো প্রধানমন্ত্রী মোদীয়ে নীৰৱে আছে৷ ৫৬ ইঞ্চিৰ বুকু ক’ত লুকাই আছে৷

লক্ষণীয় যে চীনে পৰিকল্পিতভাৱে ভাৰতৰ মানচিত্রখন বিকৃত কৰিলেও অহাবর্ষত ভাৰতত আয়োজন কৰিবলগীয়া এছচিঅ’ৰ সন্মিলনত দেশখনে সম্পূর্ণ সহযোগ কৰিব বুলি ৰাষ্ট্রপতি জি ঝিনপিঙে প্রকাশ কৰিছে৷ তাৎপর্যপূর্ণ যে লাডাখৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচললৈকে হিমালয়ৰ পাদদেশৰ দুয়ো দেশৰ সীমান্তত বিগত দশক দশক ধৰি বিবাদ চলি আহিছে৷ এই সীমা বিবাদ সু–মীমাংসা নোহোৱালৈকে দুয়ো দেশৰ মাজত উত্তেজনা চলি আছে৷ লাডাখক লৈ দুই দেশৰ মাজত উত্তেজনা চলি থকাৰ মাজতে চীনে ভাৰতৰ মানচিত্রৰ পৰা লাডাখক বাদ দিয়া বিষয়টোৱে আন এক গভীৰ ষড়যন্ত্রক প্রতিফলিত কৰিছে৷

You might also like