নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘৰবাড়ী হাইস্কুলত বিশ্ব পৰিৱেশ দিৱস উদযাপন

বিশেষ বাৰ্তা, ৫জুনঃ ইলোৰা বিজ্ঞান মঞ্চ পাঞ্জাবাৰী শাখাৰ উদ্যোগত বাঘৰবাড়ী হাইস্কুল আৰু বাঘৰবাড়ী জাতীয় বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বাঘৰবাড়ী হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ভাস্কৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বাঘৰবাড়ী হাইস্কুলৰ প্ৰধান শিক্ষক শৈলেন বৰ্মনে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাত ইলোৰা বিজ্ঞান মঞ্চ ৰাজ্যিক কমিটীৰ কোষাধ্যক্ষ ড: বাসুদেৱ দাসে কয় যে এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বাণী প্লাষ্টিক প্ৰদূষণমুক্ত কৰাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অতি সুন্দৰভাৱে ব্যাখ্যা কৰে, লগতে গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণবোৰৰ বিষয়ে কয়। সভাপতি ভাস্কৰ ডেকাই ছাত্ৰ-ছাত্ৰীসকলক প্লাষ্টিকৰ কাপ-গিলাচ ইত্যাদি ব্যৱহাৰ নকৰাৰ পৰামৰ্শ আগবঢ়ায়। সভাত প্ৰায় ১৫০গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত আছিল। ইলোৰা বিজ্ঞান মঞ্চৰ পৰা ড: বৈকুণ্ঠ বৰ্মন আৰু মুকুট মণি দাস উপস্থিত থাকে। সভাখন জ্যোতি সংগীতেৰে আৰাম্ভ কৰে আৰু অসম সংগীতেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।

You might also like