ধিঙত উচ্ছেদ চলাবলৈ সাজু নগাঁও জিলা আৰক্ষী প্ৰশাসন
বোঁৱতী জলাধাৰা বন্ধ কৰি দুষ্ট চক্রই ভূমি বেদখল কৰি ঘৰ বাৰী সজাৰ লগতে পুখুৰী খান্দি বোঁৱতী জলাধাৰা ভেটা দি আহিছে
অহা ১৬ ডিচেম্বৰত ধিঙত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। সেয়ে এই উচ্ছেদ অভিযানলৈ সাজু হৈছে নগাঁও জিলা আৰক্ষী প্ৰশাসন। সেই হেতু উচ্ছেদস্থলী পৰিদৰ্শন কৰে ধিং ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষীৰ দলে ।
চালনাবড়ি, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি, ৰৌমাৰি বিল, মৈৰাধ্বজ, মাগুৰমাৰী আৰু অকৰাবড়ীলৈকে চলিব উচ্ছেদ ।
উল্লেখ্য যে বোঁৱতী জলাধাৰা বন্ধ কৰি দুষ্ট চক্রই ভূমি বেদখল কৰি ঘৰ বাৰী সজাৰ লগতে পুখুৰী খান্দি বোঁৱতী জলাধাৰা ভেটা দি আহিছে। ফলত বছৰ বছৰ ধৰি পানীৰ চলাচল বন্ধ হৈ গাঁওসমূহত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত লগতে কৃষি কৰ্ম কৰিব নোৱাৰে ৰাইজে।
ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই ভেৰভেৰী বিলৰ পৰা মাগুৰমাৰী বিললৈকে হবলগীয়া উচ্ছেদস্থলী পৰিদৰ্শন কৰে। অহা ১৬ ডিচেম্বৰৰ পৰা এই পানী যোৱা সুঁতি আৰু জলাশয় পুনৰুজ্জীৱিত কৰাৰ বাবে উচ্ছেদ অভিযান চলাব প্ৰশাসনে।
ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ