নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ শিক্ষাত অন্তৰ্ভুক্ত সংস্কৃত ভাষা!

এই পাঠ্যক্ৰমৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক মহাভাৰত টেলিভিছন ধাৰাবাহিকৰ প্ৰসিদ্ধ থীম ‘হে কথা সংগ্ৰাম কী’ৰ উৰ্দু সংস্কৰণো পঢ়োৱা হৈছে

দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানত সংস্কৃত ভাষাক শিক্ষা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। লাহোৰ ইউনিভাৰ্চিটি অৱ মেনেজমেণ্ট চাইন্সেছ (LUMS)-এ এই শাস্ত্ৰীয় ভাষাত চাৰি ক্ৰেডিটৰ এটা পাঠ্যক্ৰম আৰম্ভ কৰিছে। এই উদ্যোগটো তিনিমহীয়া উইকেণ্ড ৱৰ্কশ্বপৰ পৰা বিকশিত হৈছে, যাক ছাত্ৰ-ছাত্ৰী আৰু পণ্ডিতসকলৰ পৰা ভাল সঁহাৰি লাভ কৰিছে।

এই পাঠ্যক্ৰমৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক মহাভাৰত টেলিভিছন ধাৰাবাহিকৰ প্ৰসিদ্ধ থীম ‘হে কথা সংগ্ৰাম কী’ৰ উৰ্দু সংস্কৰণো পঢ়োৱা হৈছে।

গুৰমাণী চেণ্টাৰৰ নিৰ্দেশক ড° আলী উছমান কাসমীয়ে জনাইছে যে পাকিস্তানৰ পঞ্জাব ইউনিভাৰ্চিটি লাইব্ৰেৰীত আটাইতকৈ সমৃদ্ধ কিন্তু আটাইতকৈ বেছি অৱহেলিত সংস্কৃত সংগ্ৰহসমূহ আছে। তেওঁ কয়, ‘১৯৩০-ৰ দশকত পণ্ডিত জে. চি. আৰ. উল্নাৰে সংস্কৃত তালপাত্ৰ পাণ্ডুলিপিৰ এটা গুৰুত্বপূৰ্ণ সংগ্ৰহ তালিকাভুক্ত কৰিছিল, কিন্তু ১৯৪৭ৰ পাছত কোনো পাকিস্তানী পণ্ডিতে এই সংগ্ৰহৰ সৈতে কাম কৰা নাই। কেৱল বিদেশী গৱেষকসকলেই ইয়াৰ ব্যৱহাৰ কৰে। স্থানীয় পণ্ডিতসকলক প্ৰশিক্ষণ দিয়াৰ জৰিয়তে এই পৰিস্থিতি সলনি হ’ব।’

ড° কাসমীয়ে লগতে কয় যে বিশ্ববিদ্যালয়ে মহাভাৰত আৰু ভগৱত গীতাৰ ওপৰত আগন্তুক পাঠ্যক্ৰমৰ জৰিয়তে এই উদ্যোগ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ কয়, ‘১০–১৫ বছৰৰ ভিতৰত আমি পাকিস্তানভিত্তিক গীতা আৰু মহাভাৰতৰ পণ্ডিত দেখিবলৈ পাম।’

এই পৰিৱর্তন ফোৰমেন খ্ৰীষ্টিয়ান কলেজৰ সমাজ বিজ্ঞানৰ এছ’চিয়েট প্ৰফেছৰ ড° শ্বাহিদ ৰশীদৰ প্ৰচেষ্টাত সম্ভৱ হৈছে। ড° ৰশীদে কয়, ‘শাস্ত্ৰীয় ভাষাসমূহত মানৱতাৰ বাবে বহুত জ্ঞান নিহিত হৈ আছে। মই আৰবী আৰু পাৰ্ছী শিকিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাৰ পিছত সংস্কৃত অধ্যয়ন কৰিছিলোঁ।’

তেওঁ জনায় যে তেওঁ অনলাইন প্লেটফৰ্মৰ জৰিয়তে কেম্ব্ৰিজৰ সংস্কৃত পণ্ডিত এণ্টোনিয়া ৰূপেল আৰু অষ্ট্ৰেলিয়ান ইণ্ড’লজিষ্ট ম্যাকমাছ টেইলৰৰ দিশনিৰ্দেশনাত সংস্কৃত ব্যাকৰণ শিকিছে। তেওঁ কয়, ‘ক্লাছিকেল সংস্কৃত ব্যাকৰণ শিকিবলৈ প্ৰায় এক বছৰ লাগিছিল আৰু মই এতিয়াও ইয়াক শিকি আছোঁ।’

ড° ৰশীদে কয় যে লোকসকলে প্ৰায়ে তেওঁৰ সংস্কৃত অধ্যয়নৰ সিদ্ধান্তক লৈ প্ৰশ্ন তোলে। তেওঁ কয়, ‘মই তেওঁলোকক কওঁ—আমি ইয়াক কিয় নিশিকিম? ই সমগ্ৰ অঞ্চলটোৰ সংযোগী ভাষা। সংস্কৃত ব্যাকৰণবিদ পাণিনীৰ গাঁও এই অঞ্চলতেই আছিল। সিন্ধু উপত্যকা সভ্যতাৰ সময়ত ইয়াত বহুত লেখনি হৈছিল। সংস্কৃত এটা পৰ্বতৰ দৰে, এটা সাংস্কৃতিক স্মাৰক। আমাক ইয়াক গ্ৰহণ কৰা উচিত। ই আমাৰো; ই কেৱল এটা ধৰ্মৰ সৈতে জড়িত নহয়।’

ড° ৰশীদে আৰু কয় যে যদি লোকসকলে একে-অপৰৰ শাস্ত্ৰীয় পৰম্পৰা শিকিবলৈ চেষ্টা কৰে, তেন্তে দক্ষিণ এছিয়াত অধিক সামঞ্জস্যপূৰ্ণ পৰিস্থিতি দেখা যাব। উদাহৰণস্বৰূপে তেওঁ কয়, ‘কল্পনা কৰক— ভাৰতত যদি অধিক হিন্দু আৰু শিখে আৰবী শিকে, আৰু পাকিস্তানত যদি অধিক মুছলমানে সংস্কৃত শিকে, তেন্তে ই দক্ষিণ এছিয়াৰ বাবে এটা নতুন, আশাবাদী আৰম্ভণি হ’ব পাৰে, য’ত ভাষাই বাধা নহয়, বৰঞ্চ সেঁতু হিচাপে কাম কৰিব।’

ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ

You might also like