নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চান্দা তুলি সাংস্কৃতিক অনুষ্ঠান পতাতকৈ গৰুৰ ফার্ম খোলকঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ অসমৰ ৰাইজৰ যি আর্থিক সচ্ছলতা বৃদ্ধি হৈছে, ইয়াৰ দ্বাৰা আমাৰ খেতিয়ক নহয়, বহিঃৰাজ্যৰ খেতিয়কহে উপকৃত হৈছে৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে আমি আনৰ ওপৰত জীয়াই থকাৰ জাতি হৈ থাকিম নে আত্মনির্ভৰশীল হৈ আগুৱাই যাম, সেয়া থিৰাং কৰি ল’ব লাগিব৷ আমাৰ মানসিকতাৰ পৰিৱর্তন কৰিব লাগিব৷ আমাৰ মুঠ ঘৰুৱা উৎপাদন যদি বৃদ্ধি হয়, তেন্তে অহা ১০ বছৰত ৰাজ্যৰ পৰিৱেশ সলনি হৈ যাব৷ উল্লেখ্য যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি অসম চৰকাৰৰ সৈতে ৰাষ্ট্রীয় দুগ্ধ উন্নয়ন পৰিষদ (এন ডি ডি বি)ৰ এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ মুখ্যতঃ ৰাজ্যখনৰ দুগ্ধ খণ্ডৰ সামগ্রিক বিকাশৰ বাবে ইয়াৰ জৰিয়তে প্রচেষ্টা চলোৱা হ’ব৷ এই চুক্তিৰ জৰিয়তে দুটা গো–খাদ্য আৰু জৈৱিক সাৰ নির্মাণ গোটো স্থাপন কৰা হ’ব৷ কেন্দ্রীয় পশুপালন আৰু দুগ্ধ উন্নয়ন দপ্তৰৰ মন্ত্রী পুৰুষোত্তম ৰূপালাৰ উপস্থিতিত স্বাক্ষৰিত এই অনুষ্ঠানতে ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয়– চান্দা, বন্ধ এইবোৰৰ পৰা দূৰত গৈ আমি নিজকে কর্মমুখী জাতি হিচাপে গঢ়ি তুলিব লাগিব৷ বেলেগৰ পৰা চান্দা লৈ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাত আমি যিমান গুৰুত্ব দিওঁ, তাতকৈ যদি আমি গৰুৰ ফার্ম এখন কৰাত বেছি গুৰুত্ব দিওঁ, তেন্তে আমাৰ জাতিটো এটা নতুন দিগন্তলৈ গুচি যাব৷

মুখ্যমন্ত্রী ড০ শর্মাই কয়– আজিৰ এই উল্লেখযোগ্য দিনটোত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিখনে ৰাজ্যখনৰ দুগ্ধ খণ্ডৰ উন্নয়ন সাধন কৰাৰ লগতে পর্যাপ্ত সংস্থাপনৰ সুযোগ সৃষ্টি কৰি গ্রাম্য অর্থনীতিক সবল কৰাৰ দিশত এক নতুন যুগৰ সূচনা কৰিব৷ এই বুজাবুজিৰ চুক্তি অনুসৰি এন ডি ডি বি আৰু অসম চৰকাৰে দুহাজাৰ কোটি টকা বিনিয়োগেৰে এটা যুটীয়া কোম্পানী স্থাপন কৰিব৷ এই কোম্পানীৰ জৰিয়তে অহা ৭ বছৰত ৬টা নতুন দুগ্ধ সংসাধন প্রক্রিয়া গোটৰ জৰিয়তে দৈনিক ১০ লাখ লিটাৰ দুগ্ধ সংসাধনৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ ইয়াৰ ফলত অসমৰ ১,৭৫,০০০তকৈও অধিক দুগ্ধ উৎপাদক উপকৃত হ’ব আৰু তেওঁলোকৰ উপার্জন লক্ষণীয়ভাৱে বৃদ্ধি পাব৷ মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে যে এই উৎপাদন প্রক্রিয়াত অধিক উৎপাদনশীল গৰুৰ প্রজাতিৰ আমদানিৰ লগতে গৰুৰ কৃত্রিম প্রজননৰ বাবেও পদক্ষেপ গ্রহণ কৰা হ’ব৷ আজিৰ অনুষ্ঠানত পূৰবী ডেইৰীৰ সম্প্রসাৰণ প্রকল্পৰ আধাৰশিলাও স্থাপন কৰা হয়৷ ইয়াৰ ফলত উদ্যোগটোৰ উৎপাদন ক্ষমতা প্রতিদিনে ৬০ হাজাৰ লিটাৰৰ পৰা ১৫০ হাজাৰ লিটাৰলৈ বৃদ্ধি পাব৷ তদুপৰি দুগ্ধ উৎপাদনকাৰীসকলক্ তেওঁলোকৰ উৎপাদিত গাখীৰৰ বজাৰ মূল্যৰ তাৰতম্যৰ বাবে প্রয়োজনীয় ৰাজসাহায্য প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই দুগ্ধ সমিতিক অসমৰ অর্থনৈতিক বিকাশৰ বাবে সুস্থ প্রতিযোগিতাত অৱতীর্ণ হ’বলৈ আহ্বান জনায়৷ এইক্ষেত্রত তেওঁলোকক চৰকাৰৰ তৰফৰ পৰা প্রয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই কঠোৰ পৰিশ্রম আৰু নিষ্ঠা সহকাৰে কৃষিক্ষেত্রত অৱতীর্ণ হোৱাৰ লগতে কৃষি পদ্ধতিৰ আধুনিকীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী পুৰুষোত্তম ৰূপালাই ভাষণত কয় যে অসমৰ দুগ্ধ খণ্ডৰ বিকাশ আৰু উন্নয়নৰ অর্থে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা পদক্ষেপ প্রশংসনীয়৷ পশুপালনৰ ক্ষেত্রখনত নতুন প্রযুক্তিয়ে কৃষকসকলক স্পর্শ কৰিব লাগিব আৰু ইয়াৰ পৰা কৃষকসকল লাভান্বিত হ’ব পাৰিব৷ আনহাতে অনুষ্ঠানত পশুপালন মন্ত্রী অতুল বৰায়ো ভাষণ দিয়ে৷ আজিৰ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনীন্দৰ সিং আৰু পশুপালন আৰু দুগ্ধ বিভাগৰ সচিব অতুল চতুর্বেদীও উপস্থিত থাকে৷

You might also like