নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রন্থ প্রকাশৰ সংখ্যা বৃদ্ধি হৈছে যদিও ক’লা আখৰৰ প্রতি মানুহৰ আদৰ কমিছে

ড০ গীতালি শইকীয়াৰ ‘বগলী সূতাৰ চাদৰখন’ৰ উন্মোচনী অনুষ্ঠানত নৰেশ কলিতা

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ ‘গ্রন্থ প্রকাশৰ সংখ্যা বৃদ্ধি পাইছে যদিও ক’লা আখৰৰ প্রতি মানুহৰ আদৰ কমিছে৷ পাঠক সৃষ্টিৰ ক্ষেত্রত আমি সজাগ হ’ব লাগিব৷ তেতিয়াহে গ্রন্থৰ আদৰ অপৰিৱর্তিত হৈ ৰ’ব৷’– এই মন্তব্য ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাৰ৷ অসম গ্রন্থমেলাৰ লক্ষ্মীনন্দন বৰা প্রেক্ষাগৃহত ‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ উপ–সম্পাদক ড০ গীতালি শইকীয়াৰ ‘বগলী সূতাৰ চাদৰখন’ শীর্ষক গ্রন্থখন উন্মোচন কৰি তেওঁ লগতে কয় যে গীতালিৰ লেখাসমূহ ইতিমধ্যে ‘নিয়মীয়া বার্তা’ কাকতৰ জৰিয়তে বহু পাঠকে পঢ়িছে৷ এতিয়া সংকলনৰ ৰূপত প্রকাশ পোৱাত সংৰক্ষণৰ বাবে পাঠকসকলৰ সুবিধা হ’ব৷ এই গ্রন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি শিক্ষাবিদ ড০ সুনীল কুমাৰ দত্তই ভাষণ প্রসংগত কয় যে লেখিকা গীতালি শইকীয়াৰ এটা পর্যবেক্ষণশীল মন আছে৷ গ্রন্থখনৰ নামটো অতি তাৎপর্যপূর্ণ হৈছে৷ গ্রন্থখন পঢ়ুৱৈ সমাজে আদৰি ল’ব বুলি তেওঁ আশা প্রকাশ কৰে৷

উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাহিত্যিক ভৱানী প্রসাদ অধিকাৰীয়ে ভাষণ প্রসংগত কয় যে গীতালি শইকীয়াৰ লেখাৰ মই নিয়মীয়া পঢ়ুৱৈ৷ প্রাঞ্জল ভাষাৰে অতি কঠিন বিষয় এটাকো সূক্ষ্ম ৰূপত দাঙি ধৰাত গীতালিৰ দক্ষতা আছে৷ তদুপৰি গৱেষণাৰ অভিজ্ঞতা থকাৰ বাবে শইকীয়াই বিষয়বোৰৰ গভীৰলৈ অতি মসৃণভাৱে গতি কৰিব পাৰে৷ তেওঁৰ লেখা পঢ়িলে অনুভৱ হয় যে হূদয়ৰ তাগিদাতহে তেওঁ লিখে৷ এই গ্রন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি গল্পকাৰ মণিকা দেৱীয়ে তেওঁৰ চমু ভাষণত কয় যে গীতালিৰ লেখাত তেওঁৰ মনৰ শোভাবোধ প্রকাশ হয়৷ আনৰ চকুত নপৰা সূক্ষ্ম কথাবোৰ গীতালিৰ লেখাত পোৱা যায়৷ গীতালিৰ প্রতিটো লেখা মানৱীয়তা আৰু ইতিবাচক বার্তাৰে ভৰা৷ অনুষ্ঠানত লেখিকা গীতালি শইকীয়াই চমু ভাষণ প্রদান কৰে৷

গ্রন্থ উন্মোচনী অনুষ্ঠানত প্রমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধাৱাসৰ ১০৬ বছৰীয়া আইতা সুভদ্রা দেৱী উপস্থিত থাকি গীতালি শইকীয়াক আশীর্বাদ দিয়ে৷ গ্রন্থ উন্মোচনী অনুষ্ঠানটোৰ আৰম্ভণিতে প্রথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰে নৰেশ কলিতাই৷ ৰিতু গগৈয়ে আঁত ধৰা এই গ্রন্থ উন্মোচনী অনুষ্ঠানত ‘নিয়মীয়া বার্তা’ কাকতৰ কার্যবাহী সম্পাদক অমল দাস, অনুবাদক বিপুল দেউৰী, সমাজকর্মী অৰুণ তালুকদাৰ, লেখিকাৰ পিতৃ যতীন্দ্র নাথ শইকীয়া, মাতৃ নিৰদা শইকীয়া বেজ, স্বামী সঞ্জীৱ লোচন তামুলী, নাট্যকাৰ ৰুবুল কুমাৰ বৰুৱা, অভিযন্তা বুবুল বৰা, প্রফুল্ল বৰা, দর্শনা বৰুৱা, কমল কুমাৰ, উৎপল হর্ষবর্ধনকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like