নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত আটছাৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ লাইখুঁ‌টা স্থাপন

বিশেষ বাৰ্তা, ৩০ মেঃ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ মৰিয়নিত অনুষ্ঠিত হ’বলগীয়া ৩৫ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱসৰ আজি এক মাংগলিক পৰিবেশত লাইখুঁ‌টা স্থাপন কৰা হয়। মৰিয়নিৰ কাটনিবাৰী চাহ বাগিচাত অহা ৭ জুনৰ শ্বহীদ দিৱসৰ দিনা দিনজোৰা বিস্তৃত কাৰ্যসুচীৰে এই শ্বহীদ দিৱসৰ কাৰ্য্যসূচী অনুষ্ঠিত হ’ব। আজি কাটনিবাৰী চাহ বাগিচাত নিৰ্মীয়মান পঞ্চ শ্বহীদ উদ্যানত লাইখুঁ‌টা স্থাপন কৰে আটছা মৰিয়নি শাখাৰ প্ৰতিস্থাপক সভাপতি দেৱেন এক্কা, সম্পাদক দুলেন নায়ক আদিয়ে। এই উপলক্ষে এক চমু অনুষ্ঠানৰ আয়োজন কৰা হয়। আটছাৰ কেন্দ্ৰীয় সাংগাঠানিক সম্পাদক সন্তোষ চিকে আঁ‌ত ধৰা অনুষ্ঠানটোত কেন্দ্ৰীয় সমিতিৰ শিক্ষা আৰু সাহিত্য সম্পাদক টংকেশ্বৰ ৰাজপুট, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মংগল গৰাইট, আটছাৰ যোৰহাট জিলাৰ সভাপতি সম্পাদক ,আটছাৰ মৰিয়নি শাখাৰ সভাপতি সম্পাদককে প্ৰমুখ্যে বহু কেইগৰাকী বৰ্তমানৰ আৰু প্ৰাক্তন আটছা নেতা উপস্থিত থাকে।উল্লেখ্য যে আটছাৰ ৩৫সংখ্যক শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি কাটনিবাৰী চাহ বাগিচাত নিৰ্মীয়মান শ্বহীদ উদ্যানত আটছাৰ পঞ্চ শ্বহীদৰ আৱক্ষ মুৰ্তি স্থাপন কৰা হ’ব। এই কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপনৰ বাবে মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালাক সভাপতি, মঙ্গল গৰাইটক কাৰ্য্যকৰী সভাপতি, গকুল মাঝিক সম্পাদক, দিনেশ চাহু আৰু ৰিংকু মিস্ত্ৰীক যুটীয়া সম্পাদক আৰু দীনেশ গঞ্জুক কোষাধ্যক্ষ হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি পূৰ্ণ প্ৰস্তূতি চলাই থকা হৈছে । উল্লেখযোগ্য যে, ১৯৮৮ চনৰ ৭ জুনত মৰিয়নিৰ বলো কুৰ্মী, ইন্দ্ৰ তাঁ‌তী, কৃতনাথ ছত্ৰী, এডমাণ্ড বাৰ্লা আৰু গুলেশ্বৰ ছত্ৰীৰ এক প্ৰতিবাদী কাৰ্য্যসূচীত অংশ ল’বলৈ যাওঁ‌তে মৃত্যু হৈছিল। এওঁ‌লোকৰ স্মৃতিত প্ৰতি বছৰৰ ৭ জুনত ছহিদ দিৱস পালন কৰি অহা হৈছে । উক্ত দিনৰ সমূহ কাৰ্য্যসূচীতে ৰাইজৰ উপস্থিতি আৰু সহযোগিতা উদ্যোক্তাসকলে কামনা কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like