নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চ: আজি ধুবুৰীৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত ভাৰতীয় যুৱ মৰ্চাৰ পূৰ্ণাংগ ৰাজ্যিক কাৰ্যনিবাহক সভা এখন অনুষ্ঠিত হৈ যায়। পোন প্ৰথমবাৰৰ বাবে ধুবুৰীত অনুষ্ঠিত হোৱা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনৰ পূৰ্বে নামতি আৰু আয়তি সকলে যুৱ মৰ্চাৰ ৰাজ্যিক কমিটিৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাকে ধৰি ৰাজ্যিক কমিটিৰ কাৰ্যকৰ্তা সকলক সভাথলীলৈ আদৰি নিয়ে। প্ৰথমে ধুবুৰী জিলা পুথিভঁৰাল চৌহদত দলীয় পতাকা উত্তোলনৰ পিছত আৰম্ভ হয় সভাখন। পুৱা ১০ বজাৰ পৰা বিয়লি প্ৰায় ৪ বজালৈ চলা যুৱ মৰ্চাৰ সেই কাৰ্য্যনিৰ্বাহক সভাখনত আগত দিনত দলক অধিক গতিশীল তথা শক্তিশালী কৰাৰ বাবে ল’বলগীয়া পদক্ষেপ সমূহৰ ওপৰত বিশদ ভাৱে আলোচনা কৰা হয়। ৰাজ্য চৰকাৰ আৰু দলৰ মাজত সুদৃঢ় সমন্বয় গঢ়ি তোলাৰ বিষয়টোও আজিৰ এই কাৰ্য্যনিৰ্বাহক সভাখনত স্থান পোৱা বুলি প্ৰকাশ। বিজেপি যুৱ মৰ্চাৰ এই পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাখনত ৰাজ্যিক কমিটিৰ কাৰ্যকৰ্তাকে ধৰি উপস্থিত থকা ৰাজ্যৰ বিভিন্ন সাংগঠনিক জিলাৰ হৈ উপস্থিত থকা বিজেপিৰ যুৱ মৰ্চাৰ প্ৰতিনিধীবৰ্গক বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক সাংগঠনিক সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা, ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা প্ৰমুখ্যে আন কেইবাগৰাকী ৰাজ্যিক পৰ্য্যায়ৰ দলীয় নেতাই উপস্থিত থাকি দিগদৰ্শন কৰে।

You might also like