নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ চাহক ব্ৰেণ্ড হিচাপে প্ৰচাৰৰ বাবে বিজ্ঞাপন আৰু চুটি ভিডিঅ’ প্ৰস্তুত ৰাজ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চ: গৌৰৱময় দুশ বছৰ অতিক্ৰম কৰা অসমৰ চাহ শিল্প অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ তথা অন্যতম গৌৰৱ আৰু স্বাভিমান। ২০০ বছৰীয়া চাহ শিল্পৰ যাত্ৰাক ৰাজ্য চৰকাৰৰ উদ্যােগত উদযাপন কৰাৰ সমান্তৰাল ভাৱে ইয়াৰ ঐতিহ্যক সামৰি অসমৰ চাহক এটা ব্ৰেণ্ড হিচাপে প্ৰচাৰ তথা পৰ্যটকৰ আকৰ্ষণৰ বাবে তথ্য আৰু জনযোংযোগ বিভাগৰ দ্বাৰা কিছু বিজ্ঞাপন আৰু চুটি ভিডিঅ’ প্ৰস্তুতৰ দিহা কৰা হৈছে। আজি এই সম্পৰ্কে বিস্তৃত আলোচনাৰ অৰ্থে বিভাগৰ সচিব, সঞ্চালকৰ উপস্থিতিত সচিবালয়স্থিত মন্ত্ৰী পীযুষ হাজৰিকাৰ কাৰ্যালয়ত এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

ইয়াৰ লগতে অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১১ হাজাৰ বিহুনৃত্য শিল্পীৰ বিহুনৃত্য প্ৰদৰ্শনৰ দ্বাৰা বাপতি সাহোন তথা গৌৰৱ “বিহু”ক “গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড”ত অন্তৰ্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক প্ৰয়াস হাতত লোৱা হৈছে। এই প্ৰয়াসৰ প্ৰচাৰৰ বাবে বিভাগৰ তৰফৰ পৰা এটি ভিডিঅ’ প্ৰস্তুতৰ যো-জা কৰা হৈছে। এই সন্দৰ্ভটো আজি বিস্তৃতভাৱে আলোচনা কৰা হয়।

 

You might also like