নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এশ শতাংশই নিশ্চিত বৰপেটা লোকসভা সমষ্টিঃ  পাঠশালাত ভৱেশ কলিতা

🔷 বিজেপি বাৰ্তা উন্মোচন
🔷  মিত্ৰজোঁটে দখল কৰিব ১২ লোকসভা সমষ্টি

নিয়মীয়া বাৰ্তা, ১ জুনঃ “২০২৪ত দেশত পুনৰ হ’ব বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ হ’ব দেশৰ প্ৰধানমন্ত্ৰী ৷ আনহাতে অসমৰ ১৪টা লোকসভা সমষ্টিৰ ১২টা সমষ্টিয়েই নিশ্চিতভাৱে লাভ কৰিব বিজেপি মিত্ৰজোঁটে ৷ এই বাৰটা সমষ্টিৰ ভিতৰত অসমৰ অন্যতম লোকসভা সমষ্টি বৰপেটাও যে মিত্ৰজোঁটে লাভ কৰিব, সেয়া এক শতাংশ নিশ্চিত ৷”- এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ আজি পাঠশালাৰ ভগৱতী ক্ষেত্ৰত পাটাছাৰকুছি আৰু ভৱানীপুৰ বিধানসভা সমষ্টিত বৰপেটা লোকসভা সমষ্টিৰ প্ৰবাস যোজনাৰ অধীনত আয়োজন কৰা বুথ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ বুথ সমিতিসমূহ অধিক শক্তিশালী, যাৰ বাবে ২০২৪ৰ লোকসভা নিৰ্বাচনত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰিব ৷ আনহাতে, দলটোৰ বজালী জিলাকে ধৰি বিভিন্ন ঠাইত দলীয় কৰ্মীসকলে বিসম্বাদ কৰি থকা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত কলিতাই কয় যে বিজেপিত জিলা নাইবা ৰাজ্যিক পৰ্যায়ত কোনো বিষম্বাদ নাই ৷ বিসম্বাদ একমাত্ৰ সাংবাদিকৰ মনেসজা কাহিনী বুলিহে মন্তব্য কৰি তেওঁ কয়- “সংবাদ মাধ্যমে যি পাই তাকে প্ৰচাৰ কৰিব। সংবাদ মাধ্যমক সংবাদ লাগে আৰু আমাক সংগঠন লাগে।” আপোনালোক সংবাদ মাধ্যমে আমাৰ সংগঠন ভঙাৰ চেষ্টা নকৰিব বুলি আহ্বান জনাই কয়- সংবাদ মাধ্যমে আমাৰ সংগঠন নবঢ়ায়, সংগঠন বঢ়াব কাৰ্যকৰ্তাইহে৷ এনে এক প্ৰেক্ষপটত আমি এতিয়া জিলা সমিতি ভঙা-পতাত নাই। আমি সম্পৰ্ক আৰু সেৱাৰে সংগঠন আৰম্ভ কৰোঁ, সেইবাবে আমাৰ মহা জনসম্পৰ্ক অভিযান। এই অভিযানত প্ৰতিটো লোকসভা সমষ্টিৰ কমেও এহেজাৰগৰাকী বিশিষ্ট ব্যক্তিৰ ওচৰলৈ যাম। আনহাতে, সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত কলিতাই কয় যে বিজেপিত কোনো বিসম্বাদ নাই আৰু কোনেও দল এৰি যোৱা নাই ৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে তেওঁ বিজেপিৰ যি যি নেতাৰ অহংকাৰ হৈছিল তেওঁলোকক আঁতৰি যোৱা কথা কৈছিল যদিও আজি ৰাজ্যিক সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ওলোটা খৰ মাৰি কয়, “বিজেপিৰ কোনো এজন নেতা বা কৰ্মীৰ অহংকাৰ নাই ৷ আমাৰ কাৰো অহংকাৰ নাই ৷ কোনো বিধায়কৰো নাই, মন্ত্ৰীৰো নাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো নাই৷” বিজেপিৰ বজালী জিলাৰ সভাপতি নগেন চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত এই বুথ সন্মিলনত পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰি কয় যে ৰাষ্ট্ৰীয় সমিতিৰ অনুৰোধ মৰ্মে মহা জনসম্পৰ্ক অভিযানত অসমৰ ১৪টা সমষ্টিৰ বাবে ১৪গৰাকী মন্ত্ৰীক দায়িত্ব প্ৰদান কৰা হৈছে৷ ইয়াৰ জৰিয়তে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব ৷ লোকসভা নিৰ্বাচনলৈ আৰু মাত্ৰ ৩১৫ দিন বাকী থকা অৱস্থাত মন্ত্ৰী দাসে দলীয় কাৰ্যকৰ্তাসকলক সাজু হোৱাৰ বাবে আহ্বান জনায় ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি দলে আজিৰ পৰা অৰ্থাৎ ১ জুনৰ পৰা মহাজনসম্পৰ্ক অভিযান আৰম্ভ কৰা বুলি তেওঁ প্ৰকাশ কৰে ৷ তাৰ অংশস্বৰূপে আজি পাটাছাৰকুছি সমষ্টিত অনুষ্ঠিত হোৱা বৰপেটা লোকসভাৰ প্ৰথমখন পাটাছাৰকুছি সমষ্টিৰ “বুথ সন্মিলন” বুলি জানিবলৈ দিয়ে ৷ আনহাতে, উক্ত সভাতে বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মায়ো বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক ড° দেৱজিৎ মহন্তৰ তত্ত্বাৱধানত দলৰ সংকল্প, কৰ্ম আৰু চিন্তা-চেতনাৰ দস্তাবেজ তথা বিজেপিৰ অসম প্ৰদেশৰ মুখপত্ৰ “বিজেপি বাৰ্তা”ৰ জুন মাহৰ সংখ্যাটি উন্মোচন কৰে বিজেপিৰ বজালী জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ বিজেপি কৰ্মী হৰিহৰ শৰ্মাই ৷ আজিৰ সভাত প্ৰতিগৰাকী বক্তাই বিজেপিৰ কৰ্মীসকলক লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টি দখল কৰাৰ বাবে একত্ৰ হৈ কাম কৰিবলৈ আহ্বান জনায়৷
প্ৰেৰক কল্যাণ কলিতা

You might also like