নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যা বালানৰ নামত ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : অভিনেত্ৰী বিদ্যা বালানৰ নামত কোনো দুষ্ট চক্ৰই এটা ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট চলাই আছে। এই সন্দৰ্ভত বিদ্যাই নিজৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ৰিপ’ৰ্ট কৰিবলৈ আহ্বান জনাইছে। বিদ্যা বালান বলীউডৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী। বিদ্যাই নিজৰ সততাৰে লাখ লাখ মানুহৰ হৃদয় জয় কৰিছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে সংযুক্ত হৈ থাকে অভিনেত্ৰীগৰাকী। ছ’চিয়েল মিডিয়াতো বহু ফ’ল’ৱাৰ আছে অভিনেত্ৰীগৰাকীৰ। এই ভুৱা ইনষ্টাগ্ৰাম একাউণ্টে অভিনেত্ৰীগৰাকীক চিন্তাত পেলাইছে। সততে অনুৰাগীয়ে প্ৰায়ে নিজৰ প্ৰিয় তাৰকাৰ নামত ইনষ্টাগ্ৰামত ফেন পেজ চলায়। বিদ্যা বালানৰ নামত  ভুৱা ইনষ্টাগ্ৰাম একাউণ্ট চলাই থকাৰ পৰিপ্ৰেক্ষিতত অভিনেত্ৰীগৰাকীয়ে নিজেই ইনষ্টাগ্ৰাম ষ্ট’ৰীত এইদৰে লিখিছে- “নমস্কাৰ সকলোকে… প্ৰথমে ফোন নম্বৰটো আৰু এতিয়া কোনোবাই মোৰ নামত একাউণ্ট চলাই আছে। এই একাউণ্টৰ পৰা তেওঁ মোৰ নামেৰে মানুহৰ লগত যোগাযোগ কৰি আছে।” অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক একাউণ্টটো ব্লক কৰিবলৈ আহ্বান জনায়। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় অভিনেত্ৰীগৰাকীয়ে বহু কমেডী ৰিলো শ্বেয়াৰ কৰে। অনুৰাগীসকলেও তেওঁৰ ধেমেলীয়া ৰিলবোৰ বহুত ভাল পায়।

You might also like