নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডৰ বিবেকানন্দ ক্লাবৰ সোণালী জয়ন্তীত দিগন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: ‘এদিন সমগ্র পৃথিৱীক দুহাতৰ মুঠিত লৈ ৰূপান্তৰিত কৰাৰ বাবে যিজন বিবেকানন্দ নিয়তি নির্দিষ্ট, সেইজন বিবেকানন্দৰ বিদেশ যাত্রা জগতৰ সন্মুখত এই কথাৰ প্রথম প্রকাশ্য প্রমাণ যে ভাৰতবর্ষ জাগি উঠিছে, কিন্তু কেৱল জীৱনধাৰণৰ বাবে নহয়, ভাৰতবর্ষ জাগি উঠিছে জয়  কৰিবলৈ৷’– জাগীৰোডৰ বিবেকানন্দ ক্লাবৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত ‘বিশ্ব দৰবাৰত বিবেকানন্দ–নেতাজী’ বিষয়ক আলোচনা–চক্রত অংশগ্রহণ কৰি ভাষণ প্রসংগত শ্রীৰবিন্দৰ উদ্ধৃতিৰে এনেদৰে উল্লেখ কৰে সাহিত্য অকাডেমিৰ অনুবাদবঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই৷ তদুপৰি এলিনাৰ ষ্টাৰ আৰু আৰ চি বলষ্টাৰ ৰচিত ‘দ্য গিফ্ট অৱ আন’পেণ্ড এ নিউ আমেৰিকান ৰিভ’লিউচনৰ প্রসংগৰে তেওঁ উল্লেখ কৰে যে কলম্বাছে আমেৰিকাৰ ভূমি আৱিষ্কাৰ কৰিছিল, বিবেকানন্দই আমেৰিকাৰ আত্মা আৱিষ্কাৰ কৰিছিল৷ এনেদৰেই বিশ্ব দৰবাৰত স্বমহিমাৰে বিবেকানন্দই খ্যাতি লাভ কৰিছিল৷ তেওঁ লগতে কয় যে বিবেকানন্দ অন্তহীন দিগন্ত৷ শ্রীৰবিন্দৰ শিষ্য নলিনীকান্ত গুপ্তৰ উদ্ধৃতিৰে তেওঁ উল্লেখ কৰে–‘বিবেকানন্দ ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্রত বীৰ বিগ্রহ৷’ তেওঁ আৰু কয় যে বিবেকানন্দ আছিল নেতাজীৰো গুৰু৷ স্বামী বিবেকানন্দৰ আদর্শই নেতাজীক অনুপ্রাণিত কৰিছিল আৰু বিবেকানন্দৰ সুযোগ্য উত্তৰসূৰী ৰূপে পৰৱর্তী সময়ত নেতাজীয়ে কাম কৰিছিল৷ উল্লেখ্য যে চিন্তাশীল লেখক দিগন্ত বিশ্ব শর্মাইবক্তব্যৰ আৰম্ভণিতে প্রয়াত পিতৃ তথা গীতিকাৰ কৈলাশ নাথ শর্মাই নেতাজী সুভাষ চন্দ্র বসুক উপজীৱ্য হিচাপে লৈ বাংলা ভাষাত ৰচিত ‘২৩ জানুৱাৰী’ শীর্ষক কবিতাটি পাঠ কৰি নেতাজী সুভাষ চন্দ্রবসুলৈ কৃতজ্ঞচিত্তে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তদুপৰি ভগৱানৰ ইচ্ছা নহ’লে এটা অনুষ্ঠানে সোণালীবর্ষ অতিক্রম কৰিব নোৱাৰে বুলি উল্লেখ কৰি দিগন্ত বিশ্ব শর্মাই বিবেকানন্দ ক্লাবৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে৷ আনহাতে, এই আলোচনা–চক্রত অংশগ্রহণ কৰি কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্রশান্ত চক্রৱর্তীয়ে ভাষণ প্রসংগত কয়– বিবেকানন্দৰ অসম ভ্রমণৰ সময়ত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰিব নোৱাৰাটো আমাৰ দুখজনক কথা আছিল অথচ বাংলা লেখক উমেশ চন্দ্র দেৱে শ্রীমন্ত শংকৰদেৱৰ প্রথম জীৱনী লিখিছিল৷ বিবেকানন্দ ক্লাবৰ সম্পাদক প্রবীৰ ভৌমিকৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা–চক্রত অৱসৰপ্রাপ্ত শিক্ষয়িত্রী ব্রহ্মাচাৰিণী চাৰুবালা দেৱীয়ে আলোচক ৰূপে অংশগ্রহণ কৰি স্বামী বিবেকানন্দৰ বিষয়ে আলোকপাত কৰে৷ স্মর্তব্য যে এই অনুষ্ঠানতে প্রবীৰ ভৌমিক সম্পাদিত স্মৃতিগ্রন্থ ‘বিবেকজ্যোতি’ উন্মোচন কৰাৰ লগতে পুৱাৰ ভাগত উলিওৱা বর্ণাঢ়্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শর্মাই৷

You might also like