কংগ্ৰেছৰ প্ৰতি মোহভংগ : অগপমুখী বিধায়ক ছিদ্দিক আহমেদ
সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। দুৰ্গা পূজাৰ পাছতেই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কাউন্ট-ডাউন আৰম্ভ হ’ব। সেয়ে এই সময়ত দল ত্যাগ কৰিব কংগ্ৰেছ বিধায়ক ছিদ্দিক আহমেদে। দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদে দুৰ্গা পূজাৰ পাছত কংগ্ৰেছ এৰি অসম গণ পৰিষদত যোগদান কৰাৰ ঘোষণা কৰিছে। ইতিমধ্যে যোগদানৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন হোৱাৰ কথাও তেওঁ জনাইছে।
তেওঁৰ মতে, অহা বিধানসভা নিৰ্বাচনত বিজেপি-মিত্ৰজোঁটে কমেও ৯৫খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব। সেয়ে উন্নয়নৰ গতি বঢ়াবলৈ তেওঁ কংগ্ৰেছ ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰিব বুলি স্পষ্ট কৰে।
ইফালে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বক লৈও তীব্ৰ সমালোচনা কৰে বিধায়কজনে।
Niyomiya Barta Desk, 4 September