নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াত বিজেপিত যোগদান সক্ৰিয় অজাপ কৰ্মীৰ

নিয়মীয়া বাৰ্তা, ১০ মেঃ লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে কোনো অধিসূচনা জাৰি কৰা নাই যদিও ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আগত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ বাবে ৰাজনৈতিক তৎপৰতা আৰম্ভ হৈছে ৷ এই প্ৰাক নিৰ্বাচনী তৎপৰতাৰ মাজতে ১৪নং লোকসভা সমষ্টিৰ এলেকাধীন শদিয়া সমষ্টিৰ ছৈখোৱাত অসম জাতীয় পৰিষদৰ ত্ৰিশজন সক্ৰিয় সদস্যই জাতীয় পৰিষদ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰা কথাই অসম জাতীয় পৰিষদৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে ৷ জানিব পৰা মতে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাৰ সোঁহাত স্বৰূপে থকা ছৈখোৱাৰ যুৱ নেতা তথা অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ অন্যতম সাংগঠনিক সম্পাদক চন্দন মাল্লাৰ নেতৃত্বত ছৈখোৱা হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ  অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ব্ৰীজকিশোৰ গুপ্তা , অৱসৰপ্ৰাপ্ত শিক্ষক ৰামপ্ৰসাদ গুপ্তাকে ধৰি ত্ৰিশজন সদস্যই অসম জাতীয় পৰিষদ দল ত্যাগ কৰি শদিয়া সমষ্টিৰ চাৰিটা কায্যকালৰ বিধায়ক বলিন চেতিয়াৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ বিজেপিৰ ছৈখোৱা মণ্ডলৰ উদ্যোগত ৰূপায়িত কালিৰ এই যোগদান কায্যসূচীত শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ লগতে বিজেপিৰ ছৈখোৱা মণ্ডলৰ সভাপতি বিৰাজ সোণোৱাল, তিনিচুকীয়া জিলা পৰিষদৰ ছৈখোৱাৰ সদস্য প্ৰকাশ বাৰুৱা, সোণোৱাল পৰিষদৰ প্ৰাক্তন কায্যবাহী সদস্য বিপুল  সোণোৱাল, যুৱ নেতা ফটিক আচায্য, চাহ জনগোষ্ঠীয় নেতা অনুজ তিৰ্কী, আহোম উন্নয়ন পৰিষদৰ সদস্য টংকেশ্বৰ বৰপাত্ৰগোহাঁই, বিজেপিৰ ছৈখোৱা মণ্ডলৰ সম্পাদক ৰাজু দাস, তিনিচুকীয়া জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী অনিৰেখা বড়াৰ উপৰিও বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থকা অনুষ্ঠানত নকৈ দললৈ অহা সদস্য সকলক বিধায়ক বলিন চেতিয়াই দলৰ বস্ত্ৰ পৰিধান কৰোৱাই দললৈ স্বাগতম জনায়৷ নকৈ বিজেপিত যোগদান কৰা সদস্যসকলে বিজেপিৰ চৰকাৰখনে নিযুক্তি প্ৰক্ৰিয়াত যি ছচ্ছতা আনিছে সেই দিশটো লক্ষ্য কৰিয়েই লগতে চৰকাৰৰ উন্নয়নমূলক কামত আকৃষ্ট হৈয়েই বিজেপি দলত যোগদান কৰা বুলি প্ৰকাশ কৰিছে ৷
প্ৰেৰক ঋতুপৰ্ণ সোনোৱাল
You might also like