নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথ মহকুমা প্ৰশাসনৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে সজাগতা সভা

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী:  সমগ্ৰ দেশৰ লগতে ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস বিশ্বনাথ প্ৰশাসনেও কেন্দ্ৰীয় ভাৱে পালনৰ প্ৰস্তুতিপ্ৰায় সম্পূৰ্ণ কৰিছে। এই সময়তে আজি ১৩ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে  বিশ্বনাথ মহকুমা প্ৰশাসনে প্ৰশাসনীয় সভাকক্ষত সজাগতা সভা অনুস্থিত কৰে। ভাৰপ্ৰাপ্ত মহকুমাধিপতি মুনীন্দ্ৰ নাথ ঙাটেয়ে আদৰণি বক্তব্যৰে আৰম্ভ কৰা সজাগতা সভাত নিৰ্বাচনী বিষয়া দেবাশীষ গোস্বামীয়ে উদেশ্য ব্যাখ্যা কৰে। বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°চিন্তামণি শৰ্মাই সমল ব্যক্তি হিচাপে দিৱসটোৰ ওপৰত এক মননশীল বক্তৃতা আগবঢ়ায়। এই সজাগতা সভাত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগতে বি এল অ’ সকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে ২০১১ চনৰ পৰা ২৫ জানুৱাৰী দিনটোক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে সমগ্ৰ অসমৰ বিভিন্ন জিলাতো এনে সজাগতা সভা পালন কৰা হৈছে। উল্লেখ্য যে ১৯৫০ চনৰ ২৫ জানুৱাৰীত ভাৰতবৰ্ষত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল আৰু সকলোৰে ভোটদান প্ৰক্ৰিয়াত সক্ৰিয় অংশগ্ৰহণৰে এক শক্তিশালী গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ বাবে ২০১১ চনৰ পৰা ২৫ জানুৱাৰী দিনটোক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰা হৈছে।
You might also like