নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাৰ স্বাস্থ্য ৰক্ষাত আলু

ডাঃ ৰফিক আলী

বহুতৰে ধাৰণা, আলু বেছিকৈ খালে মানুহ শকত হয়৷ এনে ধাৰণাৰ বশৱর্তী হৈয়ে শকত ব্যক্তি বা কিঞ্চিত শকত ল’ৰা–ছোৱালীক আলু খাবলৈ বাধা কৰা হয়৷ সঁচাকৈয়ে বাৰু আলু খালে মানুহ শকত হয় নেকি?
শকত হোৱাৰ নিমিত্তে খাদ্যত যিবোৰ উপাদান থাকিব লাগে, আলুত থকা সেই উপাদানবোৰৰ পৰিমাণ বিশ্লেষণ কৰি চালেই ইয়াৰ উত্তৰ পোৱা যায়৷ খাদ্যত থকা অতিৰিক্ত চর্বি, শর্কৰা, কেলৰি শক্তি আদিয়েই মানুহ শকত হোৱাৰ বাবে প্রধানকৈ দায়ী৷ আলুত থকা এই উপাদানবোৰৰ পৰিমাণ আন আন খাদ্য ভাত, ৰুটী, দাইল আদিতকৈ বহু পৰিমাণে কম৷ গতিকে নিঃসন্দেহে ই আমাৰ মাজত প্রচলিত এক ভ্রান্ত ধাৰণা৷
আলু হৈছে সুস্বাস্থ্যৰ বাহক৷ আমি ভাত, ৰুটী আদিৰ পৰিমাণ কমাই প্রতি সাঁজতে আলু খোৱাৰ অভ্যাস কৰিব লাগে৷
আলু হৈছে একপ্রকাৰ স্থূলতা ৰোধক৷ আলুত থকা চর্বি, শর্কৰা আৰু কেলৰি শক্তিৰ পৰিমাণ যথেষ্ট কম৷ যিসকলৰ শকত হোৱাৰ প্রৱণতা বেছি, যিসকলে কায়িক শ্রম খুব কম কৰে, তেওঁলোকে ভাত বা ৰুটীৰ পৰিৱর্তে আলু খোৱা উচিত৷ অথবা ভাত বা ৰুটীৰ পৰিমাণ কমাই আলুৰ পৰিমাণ বঢ়াই খাব পাৰে৷ কাৰণ সমপৰিমাণৰ ভাত বা ৰুটীত থকা শর্কৰা আলুতকৈ তিনি গুণ বেছি৷ একেদৰে আলুৰ চর্বি আৰু কেলৰি শক্তিৰ পৰিমাণো তিনি গুণ কম৷ সেইবাবে আলুৰ পৰা শকত হোৱাৰ সম্ভাৱনা বহুগুণে কম৷ আলুতকৈ ভাত, ৰুটী, দাইল আদিহে স্থূলতাৰ বাবে বেছি দায়ী৷
আলু এবিধ উৎকৃষ্ট ৰোগ প্রতিষেধক৷ কর্কটকে ধৰি বিভিন্ন ৰোগ প্রতিৰোধৰ ক্ষমতা আছে আলুত৷ আলুত প্রায় ৬০বিধ ফাইট’কেমিকেল আৰু খাদ্যপ্রাণৰ সন্ধান পোৱা গৈছে৷ এই খাদ্যপ্রাণ আৰু ৰাসায়নিক পদার্থবোৰে হূদৰোগ, শ্বাসতন্ত্রৰ বিভিন্ন ৰোগ আৰু দুই–এবিধ কর্কটৰ প্রতিৰোধক বুলি বিজ্ঞানীসকলে ইতিমধ্যে সদৰী কৰিছে৷
আলুত এবিধ কোকোৱামিন্ছ নামৰ ৰাসায়নিক পদার্থ থাকে৷ এই পদার্থবিধে আমাৰ তেজৰ চাপ হ্রাস কৰিব পাৰে৷
আলুৱে আমাৰ বয়স ধৰি ৰাখিব পাৰে৷ অর্থাৎ ই আমাক তৰুণ কৰি ৰাখে৷ আলুত এনে কিছুমান ফাইট’নিউট্রিয়েণ্ট আছে, যিবোৰে আমাৰ শৰীৰত এণ্টি–ক্সিডেণ্ট হিচাপে কাম কৰে৷ এণ্টি–ক্সিডেণ্ট হৈছে এনে এবিধ ৰাসায়নিক উপাদান, যিয়ে আমাৰ মুখৰ বলিৰেখা হ্রাস কৰে বা মুখত বলিৰেখা পৰিবলৈ নিদিয়ে৷ তদুপৰি বয়সৰ চাপ পৰিবলৈ নিদি আমাৰ তাৰুণ্যক দীর্ঘস্থায়ী কৰি ৰাখে৷ বহুদিনলৈ আমাৰ দেহকোষক কর্মক্ষম কৰি ৰাখিব পাৰে৷ সেইবাবে শৰীৰ সজীৱ আৰু তৰুণ হৈ থাকে৷ কর্কট প্রতিৰোধতো এণ্টি–ক্সিডেণ্টৰ ভূমিকা আছে৷
আলুত আছে খাদ্যপ্রাণ ‘গ’৷ ৰান্ধিলে বা সিদ্ধ কৰিলে খাদ্যপ্রাণ গ নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ কিন্তু পুষ্টিবিদসকলৰ মতে বাকলিৰে সৈতে অর্থাৎ বাকলি নগুচোৱাকৈ ঢ়াকনি দি সিদ্ধ কৰিলেও আলুত থকা খাদ্যপ্রাণ গ নষ্ট নহয়৷ আলুত খাদ্যপ্রাণ খ৬ও পোৱা যায়৷ মগজু আৰু দেহকোষৰ বিকাশৰ লগতে স্নায়ুতন্ত্রক কার্যক্ষম কৰি ৰখাত এইবিধ খাদ্যপ্রাণৰ ভূমিকা আছে৷ ভাত বা ৰুটীত এইবিধ খাদ্যপ্রাণ পোৱা নাযায়৷
আলুৰ ভিতৰত উৎকৃষ্ট হৈছে মিঠা আলু৷ অকল মিঠা আলু খায়ে মানুহ দীর্ঘদিনলৈ জীয়াই থাকিব পাৰে৷ আমাৰ সু–স্বাস্থ্যৰ বাবে ই সাধাৰণ আলুতকৈ বহুগুণে উপকাৰী৷ এইবিধ আলুত যথেষ্ট পৰিমাণে লৌহজাতীয় পদার্থ থকাৰ উপৰি খাদ্যপ্রাণ ‘ক’, ‘ঙ’ (ভিটামিন ই)ৰ লগতে বিটা কেৰ’টিন থাকে৷ বিটা কেৰ’টিন হৈছে এবিধ এণ্টি–ক্সিডেণ্ট৷ বিটা কেৰ’টিনৰ সহায়ত আমাৰ শৰীৰে নিজেই প্রয়োজনীয় খাদ্যপ্রাণ প্রস্তুত কৰি ল’ব পাৰে৷
ভাত, ৰুটী, দাইল আৰু আলুৰ খাদ্যগুণৰ তুলনা
প্রতি ১০০ গ্রাম খাদ্যদ্রৱ্যত থকা পুষ্টিগুণৰ পৰিমাণ

You might also like