নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শৰ্মালৈ গণশিল্পী মঘাই ওজা বঁটা

বিশেষ বাৰ্তা, ২৬ ফ্ৰেব্ৰুৱাৰী : গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে তেওঁলোকৰ শ্ৰেষ্ঠ বঁটা “গণশিল্পী মঘাই ওজা সোঁৱৰণী বঁটা” এইবাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে। এটা প্ৰেছ বিজ্ঞপ্তিত এই কথা ঘোযণা কৰিছে যোৰহাটৰ হাতীগড় অৱস্থিত কলাক্ষেত্ৰ সমিতিয়ে। যোৱা ২৫ ফ্ৰেব্ৰুৱাৰীৰ অনুষ্ঠান গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰৰ সাধাৰণ সভাই সৰ্বসন্মতভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে। বিজ্ঞপ্তিটোত কলাক্ষেত্ৰৰ সভাপতি ৰাতুল চৰণ বৰা আৰু মুখ্য সম্পাদক নীলমণি বৰাই কয় যে পঞ্চাশৰ দশকতে অসমৰ লোকবাদ্য ঢোলক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল গণশিল্পী আখ্যা পোৱা মঘাই ওজাই। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ লগত একেলগে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিবেশন কৰি ঢোলক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিছিল। বিপ্লৱী চেতনাৰে গণশিল্পী মঘাই ওজাই সমাজ আৰু দেশৰ অন্যায় অবিচাৰ, শোষণৰ বিৰুদ্ধে ঢোলত ৰগৰ দিয়েই প্ৰতিবাদ কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সভাপতি আছিল গণশিল্পী মঘাই ওজা আছিল  তেতিয়া আছিল উপসভাপতি। গণশিল্পী মঘাই ওজাই ঢোলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সুদীৰ্ঘ ষাঠিটা বছৰৰ পিছত যোৱা বছৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  পুনৰবাৰ ঢোলবাদ্যক বিশ্বত প্ৰতিষ্ঠা কৰি গীনিজ বুকত নাম খোদিত কৰায়।তদুপৰি ঢুলীয়া শিল্পীসকলৰ প্ৰতিও উপযুক্ত মাননি আগবঢ়াই সন্মান প্ৰদৰ্শন কৰে। “মঘাই ওজাবিহীন বিহু নহয় সিমান মধুৰ” বুলি গীত গাই খেদ প্ৰকাশ কৰিছিল সুধাকণ্ঠই। সেই বিহুকো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বত প্ৰতিষ্ঠা কৰিলে। এই মহৎ কামৰ বাবেই মুখ্যমন্ত্ৰীজনলৈ গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰ অসমে তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই বঁটাটো আগবঢ়াই বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰে।
প্ৰেৰক ৰঞ্জিত ভূঞা
You might also like